চুবুৰীৰ আটাইতকৈ কথকী মানুহ জনৰ মনত বহুত দোষ আছিল ৷ তেওঁৰ লৰা সন্তান নাই ৷ তিনিজনী কণ্যা সন্তান ৷ ছোৱালী তিনি জনী বিয়া দিয়াৰ পিছত বৃদ্ধ অৱস্থাত হব লগা দশা কথাৰ ভাবিয়েই তেওৰ প্ৰেচাৰ বাঢ়িছিল ৷ কিন্তু আজি কালি তেওঁ সম্পুৰ্ণ পৰিবৰ্তন ৷ তিনি জনী ছোৱালী আছে বুলি ক'য় গৌৰৱ হে কৰে ৷ মই কথাৰ আত ধৰি সুধাত তেওঁ ক'লে---
.
"আগতে ভাবিছিলো ছোৱলী তিনি জনী পৰৰ হোৱা পিছত মোৰ বিলাই নাইকীয়া হব ৷ কিন্তু আজি কালি সমাজক দেখি মোৰ সেই ভাৱ নাইকীয়া হল ৷ লৰাই বিয়া পতা পিছত পত্নীৰ কথা ভাবি মাক বাপেকক পাহৰি যায় ৷ আনহাতে ছোৱালী এজনী বিয়া হোৱাৰ পিছতো পলে পলে মাক বাপেকৰ খৱৰ লয় ৷ আৰু আটাইতকৈ ডাঙৰ কথা মোৰ ডাঙৰ ছোৱালী জনীয়ে এইবাৰ মেট্ৰিক দিছে ৷ তাই ফ্ৰাষ্ট ডিভিজন পাব বুলি কথা দিছে ৷ আনহাতে আমাৰ ৰমেন দোকানীৰ মাজু লৰাটোয়ে নকল কৰি ধৰা পৰিল ৷ সি পৰীক্ষাও দিব নাপালে আৰু বাপেকৰ সন্মানো শেষ ৷ তেনে পুত্ৰ থাকি কিবা লাভ আছে জানো? আৰু আজি কালি ডাঙৰ ডাঙৰ কাম বোৰ ছোৱালীৱে কৰে, কল্পনা চাওলা, সুনীতা উইলিয়াম, পি ভি সিন্ধু, মেৰি কমৰ নাম শুনা নাই?"-------
.
মানুহ জনে এক আত্মগৌৰৱৰ হাঁহি মাৰিলে ৷ আগতে যিটো কাৰনে ভয় কৰিছিল আজি সেই কাৰনে গৌৰৱ কৰিছে !! মোৰ মনতো ভাল লাগি গল ৷ গছৰ শিপা যদি ভাল দিশত সলনি হয় ফল মুল ভাল হয়, তেনেকৈ যদি সমাজৰ গুৰি ধৰোতা সকলৰ মনোভাৱ সলনি হয় তেন্তে সমাজ ভাল হয় ৷
.
#কন্যা_সন্তান_হত্যা_বন্ধ_কৰক
.
#দুখীয়া_মানুহ
No comments:
Post a Comment