Wednesday, May 24, 2017

#টকা_পইছা_নাথাকিলেও_যে_মানুহ_সুখী_হব_পাৰে#

""মই এজন ৰিক্সাৱালা ।বিয়া কৰিছিলো আজিৰ পৰা এবছৰ আগতে মোৰ নিচিনা এগৰাকী দুখীয়া ঘৰৰ ছোৱালীক ।
বহুত অভাৱ হলেওঁ তাই সুন্দৰ কৰি সজাই লৈছিল মোৰ সংসাৰ ।
তাই মোক বহুত ভাল পায় ।মই যেতিয়া ৰিক্সা লৈ ঘৰলৈ উভতি আহো তাই মোৰ বাবে গা ধোৱা পানী উঠাই দিয়ে অৱশ্যে কেতিয়াবা মইয়ো তাইক দিওঁ ।অফুৰন্ত মিলাপ্ৰীতিৰে অতিবাহিত কৰো আমি আমাৰ এই সৰু সংসাৰ ।
আমাৰ ঘৰত কাৰেন্ট নাই খাবলৈ বহিলে তাই মোক বিছনীৰে বতাহ দিয়ে
মই তাইক মৰমৰে এগৰাহ ভাত খোৱাই দিওঁ বহুত আনন্দিত হয় তাই ।
গৰমৰ দিনৰ ৰাতি দুয়ো দুয়োকে অদলে বদলি কৈ বতাহ দিওঁ আৰু আমাৰ সৰু ভবিষ্যত সজোৱাৰ আলোচনা কৰোঁ ।
মিঠা মিঠা আলোচনাৰে কেতিয়া শুই পৰোঁ গমেই নাপাওঁ ।
মোৰ ৰিক্সাত ডাঙৰ ডাঙৰ চাহাব বোৰ তেওলোকৰ স্ত্ৰীক লৈ উঠিলে তেওলোকে আলোচনা কৰা শুনিছিলো তেওলোকে প্ৰতি বছৰে বিয়াৰ দিনা কিবা অনুষ্ঠান না কিবা কৰে ।
যেতিয়া শুনিছিলো তেতিয়া মোৰো মন গৈছিল মোৰ স্ত্ৰীক নতুন মেখেলা চাদৰ এখন কিনি দিবলৈ কাৰন মইয়ো যে ভালপাওঁ মোৰ মৰমীয়াল স্ত্ৰী জনীক।অভাৱৰ সংসাৰ দি কাম কৰি দিন খাওঁ । সেয়হে এটা মাটিৰ বেংক কিনিছিলোঁ সদায় তাত দুই চাৰি টকা কৈ থৈ গৈছিলোঁ ।
আজি আমাৰ বিয়াৰ এবছৰ হল ।
আজি ৰাতিপুৱা ৰিক্সাখনলৈ ঘৰৰ পৰা ওলাওঁতে তাই যেতিয়া ৰান্ধনি ঘৰত তাইক নজনাকৈ মাটিৰ বেংকটো ভাঙিলোঁ চালোঁ তাত ৫২০ টকা জমা হৈছে এইখিনি পলিথিন এটাত ভৰাই ঘৰৰ পৰা ৰিক্সাখন লৈ ওলাওঁতে তাইক কলোঁ ৰাতি মোৰ ঘুৰি আহতে অলপ দেৰি হব বুলি । তাই মূৰ জোকাৰি কলে ঠিক আছে সাৱধানে থাকিবা ।
মই ৰিক্সাখনলৈ ওলাই পৰিলো
গটেই দিন ৰিক্সা চলোৱাৰ পিছত সন্ধিয়া সাতটামান বজাত গলোঁ কাপোৰ মাৰ্কেটলৈ তাইৰ বাবে এখন মেখেলা কিনিবলৈ
আজি ৰাতি তাইক দিম কাৰন আজি আমাৰ বিয়াৰ এবছৰ হব
কাপোৰৰ যি হে দাম পচন্দ হয়! মোৰ লগত সিমান পইচা নাই
আছে মাথো ৫২০ টকা ।
অবশেষত এজন দোকানীক সুধিলোঁ ভাই এইখনৰ দাম কিমান
দোকানী ১২০০ টকা বুলি কলে মোৰ পইচা নাই তাত আৰু লোৱা নহল ওলাই পৰিলো মাৰ্কেটৰ বাহিৰত ফুটপাথৰ দোকান বোৰলৈ তাৰ পৰা দৰ দামেৰে ৫২০ টকা দি লৈ ললোঁ এখন মেখেলা ।
যাত্রা কৰিলোঁ ঘৰলৈ বুলি.. মনে মনে মাথো এটা প্ৰশ্ন জাগে যদি ফুটপাথৰ দোকান বোৰ নাথাকিল হয় আমাৰ দৰে দুখীয়া বোৰৰ কি হলে হয়।
ভিতৰুৱা ভাৱে মই বহুত আনন্দিত বহুত দিনৰ পিছত তাইক কিবা এটা দিব পাৰিছো ভাবিলেই বুকুখন আনন্দত ভৰি উঠে ।
ৰাতি ভাত খোৱাৰ পিছত আমি শুই গলোঁ ।মই টুপনি অহাৰ ভাওঁ ধৰি শুই আছোঁ মনে মনে ব্যাকুল হৈ আছোঁ কেতিয়া মাজৰাতি হব মই তাইক মেখেলাখন দিম মনৰ ভিতৰত কল্পনা ভাহিছে যেতিয়া মই তাইক মেখেলাখন দিম তাই কিমান আনন্দিত হব ।ভাবি থাকোতে থাকোতে ৰাতি বাৰটা বাজিল মই তাইক জোগাই মেখেলাখন তাইৰ হাতত.... দি জান অ আজি আমাৰ বিয়াৰ প্ৰথম বিবাহ বাৰ্ষিকী আজি তাৰিখত তুমি মোৰ সৰু জুপুৰীটোত বিয়া হৈ আহিছিলা মোৰ তৰফৰ পৰা তোমালৈ এয়া সৰু এটি উপহাৰ ।
তাই মেখেলাখন বকুত সাবতি কান্দিবলৈ ধৰিলে চকুপানী বৈ আছে আনন্দত সৰযোৰে সাবটি ধৰিলে মোক ।
মই মৰমেৰে চুমা আঁকি দিলো কপালত ।
তাই মেখেলাখন লৈ বাকচটোত ভৰাই থবলৈ গল আৰু তাৰ পৰা কিবা এটা উলাই আছে মই উকি মাৰি মাৰি চাই আছোঁ
তাই বাকচ বন্ধ কৰি মোৰ হাতত এটা চাৰ্ট দিলে ।মই অবাক হৈ গলোঁ.... তাইক প্ৰশ্ন কৰিলো তুমি চাৰ্টৰ বাবে পইচা কত পালা...?
তাই কলে.... বহু দিনৰ পৰা সদায় সন্ধিয়াৰ ভাতৰ চাউলৰ পৰা এমুঠি এমুঠি কৈ চাউল থৈ গৈছিলোঁ সেইখিনি কালি ঘৰৰ ওচৰৰ নবৌৰ তাত বিক্রী কৰি সেইখিনি পইচাৰে চাৰ্টটো কিনিলো.... আপুনি আহোতেই দিম বুলি ভাবিছিলোঁ কিন্তু আপুনি শুই গল দিয়া নহল ।
মোৰ মূখেৰে একো মাত নোলাল অকল চাৰ্টটো ওলোটাই ওলোটাই চাই থাকিলোঁ.... চকুৰ পৰা অলপ অশ্রু বৈ আহিল ।
শুনিছিলো ডাঙৰ চাহাব বোৰ বিবাহবাৰ্ষীকত কেক কাটে..
তাই হাহিলে... পাগল.. আমাৰ ইমান টকা অাছে নেকি ।
আমাৰ ঘৰত মুড়ি আছে নে...?
ও আছে.......
লৈ আহা ..... হেৰি... লগতে মিঠা তেল, পিয়াজ, কেচাঁ জলকীয়া আনিবা..
তাই হাহিঁৰে কলে আনিছো ৰব....
ঘৰৰ চালৰ ফাকেঁদি চাঁন্দৰ পোহৰ আহিছে আমি দুয়ো দুয়োকে সাবটি মুড়ী খাই খাই আমাৰ প্ৰথম বিবাহবাৰ্ষীক পালন কৰি আছোঁ ।
সৰু সৰু গিফ্ট আৰু অফুৰন্ত ভালপোৱাৰ লগত জীয়াই থাকক মোৰ দৰে ৰিক্সাওলাৰ জীৱন"""" ।

3 comments: