চাওঁতে চাওঁতে বিহু আহি পালেহিয়েই..... সেই ৰজাজনৰ বোৱাৰী কেইজনীৰ dialogue কেইটা মনত পৰি গ'ল... হে: হে: হে:
"চ'ত মাহ পৰিল| আজিৰ বাজে কাইলৈ ব'হাগ বিহু| বৰ বিহুৰ দিনা গা-পা ধুই আহি চোতালত থিয় হোৱা নিজৰ ল'ৰা-ছোৱালীক আৰু গিৰীয়েকক অতি কমেও এডুখৰি নিজে বোৱা ন-কাপোৰ সিহঁতে নিদিলেই নহয়, মিতিৰ-কুটুম, লা-লগুৱাবোৰৰতো কথাই নাই| সেইদেখি কুঁৱৰীহঁতৰ গাত তৰণিয়েই নাই- কেনেকৈনো ফুলাম গমোচা বওঁ, কেনেকৈ এখন মিহি সূতাৰ চুৰিয়া বওঁ, কেনেকৈ এখন চেলেং বওঁ, এইবোৰ ভবিয়েই সিহঁত অস্থিৰ| সিহঁতে দিনৰ দিনটো তাঁত বৈ ৰাতি এপৰলৈকে পাঁজি বাটে, সূতা কাটে, মহুৰা ফুৰায়| আজি সাতোজনী কুঁৱৰীয়ে নিজৰ নিজৰ যঁতৰ আগত লৈ কোনোৱে বা দীঘৰ, কোনোৱে বা বাণিৰ সূতা কাটিছে| বিহু পলেহিয়েই বুলিব লাগে| বৰজনীয়ে মজুজনীক মাত লগালে, "ৰুকুণীৰ মাক, তই এইবাৰ বিহুৰ কেইদিন আগেয়ে মাৰৰ ঘৰলৈ যাবি? মই হ'লে উৰুকাৰ দিনাহে যাম, মোৰ বহুতো লেঠা, তাৰ আগেয়ে মাৰি অঁতাব নোৱাৰিম| তাৰ উপৰিও ল'ৰা-ছোৱালী এমখা লৈ আইৰ ঘৰতনো কিমান দিন থাকিমগৈ, ভাল নেলাগে চোন| তহঁত তিনি-চাৰি দিনৰ আগেয়ে যাঁহক, মই আগেয়ে ল'ৰা-ছোৱালীৰ মাইকী নোহোৱাত দহ-বাৰ দিনৰ আগেয়েই গৈছিলোঁ| আৰু আমাৰ সেইদিন নাই, আমাৰ খোলা উঠিল|" ৰুকুণীৰ মাকে ক'লে, "এৰা বাই, মোৰ চোন একেই গতিয়েই; তোমাতকৈ অলপহে কম| তেও মই দুদিনৰ আগেয়ে যাম বুলি ভাবিছোঁ| তই কেইদিনৰ আগেয়ে যাবি গঙাইৰ মাক?" গঙাইৰ মাকে উত্তৰ দিলে, "মই তিনিদিনমানৰ আগেয়ে যাম বুলি ভবিছোঁ|" গঙাইৰ মাকৰ পিছৰজনীয়ে ক'লে, "মই হ'লে চাৰিদিনৰ আগেয়ে যাম; আৰু একেবাৰে গা খালি হ'লেহে আহিম| গোসাঁয়ে দোমাহীৰ যোৰাত একো বিঘিনি নঘটালেই ভাল হয়| উস্ মোৰ সোণামোৱা থকাহেঁতেন! সি মোমায়েকৰ ঘৰত কি ৰঙেৰেই বিহু খাবলৈ গ'লহেতেন| কণা গোসাঁইৰ মোতেহে চকু পৰিল|" এনেতে ধনঞ্জয়ৰ মাকে মাত লগালে, "মই পাঁচদিনৰ আগেয়ে যাম|" সৰু মাজিজনীয়েও টপৰাই মাতিলে, "ময়ো পাঁচদিনৰ আগেয়েহে যাম, আৰু মোমায়েকৰ ঘৰতে মোৰ চন্দৰৰ মুখত ভাত দিম|" "
No comments:
Post a Comment