Tuesday, March 14, 2023

একজন বৃদ্ধ মহিলা ফল বিক্রেতা

আন এক প্ৰেম কাহিনী…..
এজন মানুহে প্ৰায়েই ফুটপাথৰ কাষত বহি কমলাটেঙা বেচা বুঢ়ী এগৰাকীৰ পৰা কমলাটেঙা কিনে৷ বুঢ়ী গৰাকীয়ে ওজন কৰি কমলা দিয়ে৷ মানুহজনে কমলাখিনি বেগত ভৰাই লয়৷ বুঢ়ীগৰাকীক দিবলগীয়া পইচাখিনি দিয়ে৷ তাৰপাছত বেগৰ পৰা কমলা এটা উলিয়াই লৈ, বাকলি গুচাই এটা কোঁহ উলিয়াই মুখত ভৰায়৷
"ইচ, কমলাটো বৰ টেঙা৷ মুখত দিবই নোৱাৰি৷" মানুহজনে কয়৷
"টেঙা? হ'বই নোৱাৰে৷" বুঢ়ীগৰাকীয়ে উত্তৰ দিয়ে৷
"লওঁক তেনেহলে, আপুনিয়ে খাই চাওঁক," বুলি মানুহজনে কমলাটোৰ বাকীথকাখিনি বুঢ়ীগৰাকীৰ পিনে আগবঢ়াই দিয়ে৷ বুঢ়ীগৰাকীয়ে হাত পাতি লয় আৰু একোঁহ একোঁহকৈ মুখত ভৰায়৷ প্ৰতিবাদ কৰি কৈ উঠে,
"ইমান মিঠা, টেঙা বুলি মিছাতে আপত্তি কৰে৷"
ইতিমধ্যে মানুহজন হাতত বেগটো লৈ আঁতৰি যায়৷
প্ৰতিবাৰেই এনেদৰে চলি থাকে৷
এদিন মানুহজনক পৰিবাৰে সুধিলে,
"সেই বুঢ়ীগৰাকীয়ে কেতিয়াও টেঙা কমলা নেবেচে৷ তেওঁ বেচা কমলাবোৰ দেখোন সদায় অতি মিঠা৷ তেনেহলে আপুনি মিছাতে টেঙা বুলি এই নাটকখননো কিয় কৰে?"
হাঁহি এটা মাৰি মানুহজনে উত্তৰ দিয়ে,
"সেই দুখীয়া বুঢ়ী মানুহগৰাকীৰ কোনো নাই৷ অতি দুখীয়া৷ বাটৰ কাষত বহি কমলাটেঙা বেচে৷ কিন্তু নিজে হয়তো পানী এটুপিও নাখায়৷ গতিকে মই মোৰ কিনা কমলাৰ পৰাই বুদ্ধি কৰি বুঢ়ীগৰাকীক কমলা এটা খুৱাওঁ৷ তেওঁৰ লোকচান নহয়৷"
পৰিবাৰে শলাগি থ'লে৷
কমলা বেচা বুঢ়ীগৰাকীৰ কাষতে বহি পাচলি বেচা মানুহ এজনে কথাটো সদায় লক্ষ্য কৰে৷ তেওঁ এদিন বুঢ়ীগৰাকীক সুধিলে,
"আপুনি সেই মানুহজনক কমলা জুখি দিওঁতে সদায় অলপ বেছিকৈ কিয় জুখি দিয়ে? মানুহজনে দেখোন আপোনাৰ কমলাবোৰ সদায় টেঙা বুলিহে আপত্তি কৰে?"
বুঢ়ীগৰাকীয়ে হাঁহি মাৰি উত্তৰ দিলে,
" মই সকলো বুজি পাওঁ৷ মানুহজনে আচলতে মোক মাকৰ নিচিনা মৰম কৰে৷ মোক কমলা এটা খুৱাবলৈকে তেনে অভিনয় কৰে৷ মই জানিও নজনা ভাওঁ ধৰি থাকোঁ৷ যেতিয়া মানুহজনলৈ কমলাটেঙা ওজন কৰোঁ, তেতিয়া মই বেছিকৈ নিদিওঁ, মানুহজনৰ মৰমৰ শক্তিয়ে আকৰ্ষণ কৰি তৰ্জুখন তেওঁৰ পিনে অধিককৈ নমাই দিয়ে৷ গতিকে এটা কমলা বেছিকৈ উঠে৷"
এৰা, সৰু-সৰু মৰমৰ কাৰ্যবোৰে আমাৰ জীৱনটো, আমাৰ পৰিৱেশটো, আমাৰ পৃথিবীখন অধিক মধুৰ কৰি তুলিব পাৰে৷

     
       ভাল লাগিলে শ্বেয়াৰ কৰিব |
সংগ্ৰহ