Saturday, September 14, 2019

Let's fall in love (part-1)

Let's fall in love (part-1)

তাই মোৰ কাষৰ ছিটত আহি কেতিয়া বহিল গমেই নাপালোঁ। কোলাত কলেজ বেগ,এখন হাতত ক্ৰমান্বয়ে গলি যোৱা আইছস্ক্ৰীমটো।ৰঙা লিপষ্টিকৰে পৰশত জিলিকি থকা তাইৰ ওঁঠ।ৰঙীন আইছস্ক্ৰীম আৰু ৰঙা ওঁঠৰ সংঘৰ্ষই তাইৰ ওঁঠৰ ৰং মুহূৰ্ততে আছিনাক্ত কৰাই দিলে।এখন হাতেৰে বেগৰ পৰা বহু কষ্ট কৰি হেডফোনডাল উলিয়াই লৈ মোবাইলত লগাইছে,চাগে গান শুনিব।চকুদুটাত এক অদ্ভুত চমক,এনেকৈ জিলিকিছে যেন সাগৰৰ মাণিক।
   মোৰ ফালে চাইছে,উচপ খাই উঠি মুহূৰ্ততে মই চকু আঁতৰাই নিলোঁ।তাই মাতিছে,
: Excuse me,আপুনি এইটো ছিটত আহিব নেকি,প্লিজ। Window ছিটত বহি মই বহুত ভাল পাওঁ।মই একো নোকোৱাকৈ ইংগিতটে তাইক বুজাই দিলোঁ, ছিটটো সলাই লবলৈ।তাই thnk u বুলি কৈ গান শুনাত ব্যস্ত হৈ পৰিল।
কথা পাতিবৰ বহুত মন গৈছে,কিন্তু হৃদয়ত এক অবুজ শিহৰণে জোকাৰি গৈছে।সাহস নহল মাতিব।
চিটি বাছত উঠি ভাল নাপাওঁ,বহুত কম উঠোঁ।আৰু যিহেতু নিজৰ বাইক আছেই,বাইকতে ঘূৰো।নাজানোঁ আজি কি ইচ্ছা গ'ল বাছত উঠিবৰ।আৰু পৰিনাম মোৰ সন্মুখত।
       বাহিৰত কিনকিনিয়া বৰষুণ পৰিছে,বতাহজাকে গাড়ীৰখনৰ ভিতৰত যেন প্ৰেমৰ সুগন্ধ ছটিয়াই থৈ গল।বতাহজাক একেবাৰে নিৰ্ভেজাল আৰু নিৰ্মূল।গুৱাহাটী মহানগৰীৰ  মাজমজিয়াত এই পৰিবেশ একেবাৰে দুৰ্লভ।আজি বহুত দিনৰ মূৰত পাইছো এই পৰিবেশ।খিৰিকীৰ ফাঁকেৰ সোমাই অহা বতাহজাকে তাইৰ খোলা চুলিতাৰী বাৰে বাৰে উৰুৱাই আনিছে।আহি আহি মোৰ মুখত লাগিছে,হয়তো তাই লক্ষ্য কৰা নাই। তাইৰ চুলিৰ আমোলমোল গোন্ধই মোৰ দেহ মন জোকাৰি গ'ল।এক অবুজ শিহৰণ,ভাষাৰে বুজাব নোৱাৰা।লাহে লাহে তাইও মোৰ ফালে চাব লৈছে।লাজে ভয়ে মই মানুহটো ৰঙা হৈ গৈছোঁ।চিনাকি হবৰ বহুত মন গৈছে,লাজ ভয়ৰ পৰিত্যাগ কৰিবলৈ সাজু আছো যিকোনো এটা বাহানাৰ প্ৰয়োজন।
    প্ৰায় ১০মিনিট হৈ গ'ল তাইক লগ পোৱাৰ।এনেকুৱা লাগিছে যেন ১০বছৰৰ পৰা মই তাইৰ পিছত ঘূৰি আছোঁ।যেন একেবাৰে চিনাকি,যেন একেবাৰে আপোন কোনোবা।কিবা অভিমানৰ কাৰনে তাইও মোক মাত দিয়া নাই আৰু মইও।কেনেকৈ কি কৰো তাইৰ লগত চিনাকি হবলৈ।কথা বিলাক ভাবি থাকোতে হঠাৎ তাইৰ আই-কাৰ্ডখনত চকু পৰিল।বহুত যত্ন কৰিছো পঢ়িবলৈ।কলেজ বি. বৰুৱা।নাম দিছা,উপাধি দেখা নাই।তাইৰ কথা ভাবি থাকোতে মোৰ কেতিয়া নামিবৰ সময় হ'ল গমেই নাপালে। বৰষুণজাকো ডাঙৰ হৈছে।মোৰ চকু চলচলীয়া হৈ আহিল,হয়তো তাইক মাতিব নোৱাৰাৰ দুখত।আশাবোৰ মোহাৰি,হৃদয়ৰ ডাষ্টবিনত পেলাই দিলে।মোবাইলটো পকেটত ভৰাই নামিবৰ প্ৰস্তুতি কৰি আছোঁ, তেনেতে হঠাৎ তাই মাত লগালে।
:ইয়াতে নামিব নেকি?মইও নামিম ইয়াত।
এনেকুৱা লাগিল,যেন মৰহি যোৱা গোলাপজোপা আকৌ ঠন ধৰি উঠিছে,বৰষুণৰ টোপালবোৰ যেন মোৰ কাৰণেই সৰিছে, মৃদু বতাহজাক যেন মোৰ কাৰণেই বলিছে।কিবি কিবা ভাবি থাকোতে তাই আকৌ মাত লগালে।
:ইয়াতে নামিব নহ,বলক (এনেকুৱা লাগিছিল যেন তাই মোক হাতত ধৰিহে নমাই আনিব)।দুয়োটাই বাছৰ পৰা ওলাই গ'লো, কিন্তু বাহিৰত প্ৰকাণ্ড বৰষুণ।
(যেন ভগৱানে দুয়োটাকে সময় কটাবলৈ ৰচা এখন ৰচনাত আমি দুয়োটাই অভিনয় কৰি আছো)।বাছৰ পৰা নামি দুয়োটাই দৌৰি গৈ বাছ ষ্টেণ্ডত বহিলোঁ।বাছ ষ্টেণ্ড জনশূন্য।কেৱল তাই আৰু মই।
     মনটোৱে ডেউকা লগাই বগা বগলী জাকৰ লগত সাত সাগৰ তেৰ নদীৰ সিপাৰে কোনোবা অজান দেশলৈ উৰা মাৰিছে।মুহূৰ্ততে হাজাৰ হাজাৰ নতুন সপোনে শিপা মেলিলে,আশাবোৰ মুহূৰ্ততে অধিক শক্তিশালী হৈ উঠিছে।এনেকুৱা লাগিছে যেন এইটো মুহূৰ্তই সফল জীৱনৰ আৰম্ভণি। 

To be continued....

Assam

কিছু সময় আগত খানা খাই থাকোতে শুনা পালো-
"বাড়িতে কেও আছেন গো"
সৰু ভন্টীয়ে উত্তৰত কলে " হা আছি তো, কে
দৰ্জাৰ সন্মূখত আহি মানুহ জনে কলে-
"আমৰা গৰীব মানুহ, বাড়িৰ মানুষটিৰ ডি ভোট, কেচ কৰা লাগে, কিছু সাহায্য দেন

মই খানা খাই খাই কথা বতৰাবোৰ শুনি আছিলো এইবাৰ মূৰ দাঙি মানুহজনক চালো- 
বয়স্ত মানুহ, আগত কেতিয়াও দেখা নাই।
হেতা পৰা দেহা আৰু কাপোৰ কানিৰ অৱস্থাই যেন মানুহজনৰ বিষয়ে মোক সব বিবৰি তৎক্ষণাৎ জনাই দিলে।
ম‌ই সুধিলো- আপোনাৰ ঘৰ কত বুলি, তেখেতে উত্তৰ দিয়াৰ পিছত আকৌ সুধিলো-
আপনাৰ ছেলে নাই?
"নাই, চাৰজন মেয়ে"
আপনাৰ ভাই, আত্মীয় নাই?
"আছে" 
তাহলে তাদেৰ থেকে সহায় চান?
 মানুহ জনে উত্তৰত কলে- সিহতৰ পৰিয়াল তথা  ভাই ককাই সবেই গৰীব কোনো মতে পেটে ভাতে চলে,এইবাৰ হেনো বানপানীয়ে আৰু বেছিকৈ দূৰাৱস্থাৰ ফালে লৈ আনিলে।

ডি ভোট কাৰ? 
" আমাগো গেদিৰ মায়েৰ"
তাহলে গেদিৰ মামা বা তাদেৰ আত্মীয়দেৰ থেকে সহায় চাইতে পাৰেন তো?
" তাৰাও তো নিহিত গৰীব মানুষ, নাই বলতে কিছুই নাই, তা ছাৰা তাৰা দিলেই আৰ কতো টেকাই বা দিতে পাৰবো, ডি ভোটে অনেক টেকা যাইতাছে, মানুষেৰ দৰ্জায় দৰ্জায় ঘুৰাই লাগবো, তাৰ বিকল্প ৰাস্তা আমাগো জন্নে নাই....

মানুহজনক কিছু সাহায্য দি বিদাই কৰিলো কিন্তু কথাবোৰ মোৰ মনৰ ভিতৰি ভিতৰি বাজিয়ে থাকিল প্ৰতিধ্বনিত হৈয়ে আছে।

ভন্টীয়ে মোক উদ্দেশ্যি কলে- কি আৰ কৰবে, ডি ভোট ঠিক কৰতে কমছে কম ৮০-৯০ হাজাৰ টেকা লাগে শুনছি লোকেৰ মুখে.....

মোৰ তেজে মোৰ বিৰোদ্ধে গৈ তৎক্ষণাৎ যেন প্ৰশাসনিক ব্যৱহাৰ ওপৰত যুদ্ধ ঘোষণা কৰিবলৈ উদ্ধুদ্ধ হৈ উঠিল,
মোৰ বিবকে মোক কবলৈ ললে- এই গৰীব অশিক্ষিত মানুহ বিলাকে এই ডি ভোট পদ্ধতি, অমুক তমুক নাজানে কিন্তু ত‌ই তো জানা কিয় সন্মান কৰা এই ন্যায় ৰূপী অন্যায়ক?
এই প্ৰশাসনিক ব্যৱস্থাৰ নিয়ন্ত্ৰণৰ পৰা ওলাই গলেই তো সব জামেলা খতম, না ৰহেগা বাস না বাজেগা বাসুৰী।
শুনা নাই পৰেশ বৰুৱাই হেনো NRCৰ বাবে আবেদনে কৰা নাছিল,মেডিয়াই দেখুন চিঞৰি চিঞৰি প্ৰচাৰ কৰিছিল, পৰেশ বৰুৱাক ওলাই কোনে দিব অসমৰ পৰা? অনুপ চেতিয়া দেখুন বাংলাদেশত ২০ বছৰ কাল থাকি আহিল। কিমানে ভূটান, ম্যানমাৰ, নেপালত বিনা অনুমতিতে গৈ থাকে.... আমেৰিকাই যে আফগানিস্তানক সহায় কৰিব আহি শাসন চলাই আছিল, লাডেন এজন ইঞ্জিনিয়াৰ বিদ্যাৰ্থী তথা খুবেই ধনী মানুহ হোৱা সত্তেও আফগানক সহায় কৰিবলৈ গৈ কেনেকৈ বিশ্বৰ সৰ্বোচ্চ শক্তি আমেৰিকাক উচ্ছেদ কৰিল, তৎক্ষণাৎ ম‌ই বিবেকৰ বিৰোধিতা কৰি কলো আমি লাডেন হব‌‌ও নিবিচাৰো আৰু আমাৰ মাজত সেইখিনি নাই ও, আমি আইনত আস্থা ৰাখো। 
 বাদ দে তহতৰ এই ন্যায় ৰূপী অন্যায়ৰ পূজা কৰা বিবেকে এইবাৰ আৰু কিছু কথা মোক শুনালে- ত‌ই তো নিজে জানা ডি ভোটাৰৰ জন্ম প্ৰথমত ১৯৯৭ চনত হৈছিল, তেন্তে এইটো ১৯৯৭ চনত ভোটাৰ তালিকাত প্ৰথম নাম লাগিলে ডি য়ে আহক তথাপিও তো ১৯৭১ চনৰ আগত জন্ম লৈছে, সিহতৰ মাক বাপেক যদি অসমৰ বাসিন্দা তেন্তে সিহতেও নিশ্চয় অসমতেই জন্ম লৈছে তাকো ১৯৭১ চনৰ আগত তেন্তে সিহতক যি প্ৰশাসনে ডি ভোটাৰ বনালে তাক কিয় মাথা নত কৰি মানি আছা?

ম‌ই বিবেকক কলো চোৱা আমি তো ব্যক্তিবিশেষ হৈ চলিব নোৱাৰো, মানুহৰ লগত, দেশৰ নিয়ম নীতিৰ লগত চলিবলৈ বাধ্য, আমি ইচ্ছা কৰিলেই হাতত অস্ত্ৰ তুলি লৈ প্ৰসানৰ বিৰুদ্ধে থিয় দিব নোৱাৰো কিয়নো আমি দেশক ভাল পাও, মোৰ কথা শুনি কলে- যিহতে প্ৰকৃততে দেশক ভাল পায় সিহতে দেশৰ মানুহক ও ভাল পায়, নিজৰ দেশ সিহতে ভ্ৰষ্টাচাৰ, দূৰ্নীতিৰ পৰা মুক্ত ৰাখে।
বিবেকে আক্ৰমণ কৰি কলে- তহতে কেতিয়াও স‌বাধীন হব নোৱাৰা কিয়নো তহতে নিজে কোনো কিছুৰ সমাধান কৰিব নিবিচাৰা সদায় বিচৰা যে ম‌ই নহলেও অমুক বা তমুকে কৰিব..... 
শেষত ম‌ই বিবেকৰ লগত তৰ্কত হাৰি মাথো কলো- আমি যেনেকৈ চিলি আছো এনেকৈয়ে চলিম, আমাক শোষণ কৰিলেই আৰু কিমান কৰিব, বাচিমেই বৰ বেছি ষাঠি বছৰ তাৰ পিছত আমাৰ সন্তান সন্ততিক হে কৰিব আমি তো তেতিয়া নাথাকিম, বিবেকে কলে-  তহতে হলি জন্তুৰ দৰে, প্ৰশাসন ৰূপী মালিকে তহতক যি ফালে চলায় তহতে সেইফালেই চলা, যা যা ত‌ই সেই মানুহজনৰ দৰে কেতিয়াবা লোকৰ ঘৰত ভিক্ষা মাগিবলৈ প্ৰস্তুতি ল গৈ কিয়নো তোৰতো এতিয়ালৈকে কোনো উপাৰ্জনৰ পন্থা নাই, কেতিয়া কোন পৰিস্থিতিত পৰা গৈ, তহত মুখাপেখী ইয়াৰ বিকল্প‌ই বা আছে কি.... 
ধীৰে ধীৰে বিবেকে মোক ঘৃণাৰ চকুৰে চাই চাই কৰবাত বিলীন হৈ গল আৰু ম‌ই  মনে মনে নিজৰ অজান্তে- বিবেক ত‌ই হয়তো ঠিকেই কৈছা কিন্তু.....

Sunday, September 1, 2019

चालक चोर

चोर बहुत चालाक होते हैं, जब वो भैंस चुराते हैं तो सबसे पहले वो भैंस के गले से घंटे को खोलते हैं। 
फिर 

एक चोर घंटा बजाते हुए पश्चिम की ओर भागत ा है 

और 

बाकी चोर भैंस को पूर्व की ओर ले जाते हैं। 

गांव के लोग घंटे की आवाज सुन कर पश्चिम की ओर भागते हैं, 

और 

आगे जाकर चोर घंटे को फेंक कर भाग जाता है।

इसलिए गांव वालों के हाथों में सिर्फ घंटा ही आता है

और 

चोर भैंस चुरा ले जाते हैं।

                       *हमारी भैंस* 
"अर्थव्यवस्था, शिक्षा, रोजगार, स्वास्थ्य , महिला सुरक्षा, परिवहन व्यवस्था, कानून-व्यवस्था, भ्रष्टाचार,पीने योग्य पानी,किसान रक्षा,प्रदूषण रहित हवा जैसे और कई अनगिनत  मुख्य मुद्दे हैं।"

                      **भैंस का घंटा** 
370, 35A, पुलवामा, तीन तलाक़, मंदिर-मस्जिद, हिन्दू-मुस्लिम, दलित-सवर्ण, बिहारी-गुजराती, नेहरू-पटेल, हरा-भगवा, पाकिस्तान-चीन।"    
 
 ये सिर्फ़ भैंस की कहानी ही है। सोचा सुना दूँ😝