Tuesday, May 9, 2017

শ্ৰমিক (গল্প) ছাবিৰ আহমেদ



আজি শ্ৰমিক দিৱস সেয়ে অফিচ বন্ধ। সদায় ৰাতিপুৱা ৬ টা বজাত টোপনিৰ পৰা উঠো, কিন্তু আজি এক ঘণ্টা দেৰিকৈ উঠিলো। টোপনিৰ পৰা উঠি ফ্ৰেশ্ব হৈ নিজেই ব্ৰেকফাষ্ট ৰেডী কৰিব গ'লো। ব্ৰেকফাষ্ট বনোৱা তো এতিয়া একেবাৰে সহজ! দোকানত ৰেডিমেড ৰুটি পোৱা যায়, ভাজিব লাগে মাথোঁ। ব্ৰেকফাষ্ট ৰেডী নহওঁতেই তাই টোপনিৰ পৰা সাৰ পালে...(তাই মানে মোৰ পত্নী)। পাকঘৰত সোমাই মোক ব্ৰেকফাষ্ট বনাই থকা দেখি চকুকেইটা ৰঙা কৰি এনেকৈ চালে যেন মোক খাই দিব।
--- তুমি ব্ৰেকফাষ্ট বনাই আছা?
মই হাঁহি হাঁহি ক'লো
--- পেটত বহুত ভোক লাগি আছিল। তুমি টোপনি মাৰি আছিলা সেয়ে তোমাক মাতা নাই।
--- টোপনি মাৰি আছিলো তাতে কি হ'ল? মাতি দিব পৰা নাই ?
--- ইমান খং কৰিছা কিয়?
--- পত্নী জীয়াই থাকোঁতে স্বামীয়ে ৰন্ধা বঢ়া কাম কৰিব, এইটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। মই মৰিলে তাৰপিছত নিজৰ ইচ্ছামতে ৰন্ধা বঢ়া কৰিবা।
--- কি যে নহয়! যি মুখত আহিছে তাকে বলকি আছা! আজি শ্ৰমিক দিৱস সেয়ে ভাবিলোঁ তোমাক অলপ সহায় কৰোঁ।
--- তোমাৰ গাৰ ৰং এনেওঁ ক'লা! দেখি এনেকুৱা লাগে যেন 'কয়লা শ্ৰমিক।' জুইৰ ওচৰত গ'লে তো আৰু ক'লা হ'বা।
--- হাঃ হাঃ হাঃ.... কি যে কোৱা নহয় তুমি। যোৱাচোন... ফ্ৰেশ্ব হৈ আহা, একেলগে ব্ৰেকফাষ্ট কৰিম।
ব্ৰেকফাষ্ট কৰি এবাৰ ফেচবুক লগ-ইন কৰিলোঁ। হোমপেজ স্ক্রল কৰি কৰি দেখিলো মোৰ স্ত্ৰীৰ ষ্টেটাচ। খুব আৱেগপূৰ্ণভাৱে লিখিছে তাই... "'শ্ৰমিক দিৱস' বুলিবলৈ ছোৱালীবোৰৰ জীৱনত একো নাই। ঘৰ-বাৰী অপৰিস্কাৰ হৈ আছে... তাকে চাফ চিকুণ কৰি শ্ৰমিক দিৱস পালন কৰিম :( "
ষ্টেটাছটোৰ তলত কেইটামান ল'ৰাই খুব দুঃখীত ভঙ্গীৰে কমেন্ট কৰিছে। তাকে দেখি মোৰ মন বেয়া হৈ গ'ল। বেলেগৰ পত্নীৰ ষ্টেটাচত কমেন্ট দিবলৈ সিহঁতৰ কি লাজ নালাগে? যিয়েই নহওঁক.... মই ফেচবুক লগ-আউট কৰি বাৰান্দাত গৈ এটা চিগাৰেট জ্বলালো। মনটো কিয় জানো অস্থিৰ লাগি আছিল, পত্নীৰ দুখ অনুধাৱন কৰিবলৈ চেষ্টা কৰিলোঁ। চিগাৰেট শেষ কৰি ঘৰত সোমাই তাইৰ পৰা কিছু নিৰাপদ দূৰত্ব বজাই থিয় হ'লো, যিমানখিনি দূৰত থাকিলে মোৰ নিঃশ্বাসত লাগি চিগাৰেটৰ গোন্ধ তাইৰ নাকত নালাগে। মই হাঁহি মুখেৰে ক'লো
--- মোৰ এতিয়া কিবা এটা কৰিবলৈ মন গৈছে।
তাই মোৰ কথাত কোনো আগ্ৰহ নেদেখুৱাই ক'লে
--- তোমাৰ কি কৰিবলৈ মন গৈছে মই জানো।
--- কেনেকৈ জানিলা?
--- তোমাৰ চকু মুখ দেখি বুজিব পাৰি। সদায় মূৰত কিবা এটা কৰিবলৈ খেলি থাকে। পুৱা, আবেলি, সন্ধিয়া, ৰাতি.... যেতিয়া-তেতিয়া তোমাৰ কিবাটো কৰিবলৈ মন গৈ থাকে।
--- আৰে... তুমি যিটো ভাবিছা সেইটো নহয়। মোৰ বেলেগ কিবা এটা কৰিবলৈ মন গৈছে। 
--- বেলেগ কিবা? কি হয়নো? কোৱাচোন বাৰু।
--- মোৰ আজি ঘৰ চাফা কৰিবলৈ মন গৈছে। YouTubeত দেখোঁ মাজে-সময়ে ঘৰ চাফা কৰাৰ ভিডিঅ, বহুত মন যায়, কিন্তু লাজত নকওঁ।
--- হাউ চুইট .....।
তাইৰ গোটেই চেহেৰাত এটা হাঁহি বিৰিঙি উঠিল.... হাঁহি হাঁহি ক'লে
--- ৰ'বা মই তোমাক সহায় কৰোঁ...! ৱাশ্বৰুমৰ পৰা বাল্টিং দি পানী আনি দিওঁ... ৱেইট হা।
মই ঘৰ মচি মচি এটা বস্তু আৱিষ্কাৰ কৰিলোঁ। আগতে কিয় জানো লাগিছিল ঘৰখন সৰু। আজি মই ঘৰ মচি মচি আৱিষ্কাৰ কৰিলোঁ, ঘৰখন নিয়মতকৈ চাগে বহুত ডাঙৰ। লাহে-লাহে ভোৰভোৰাবলৈ ধৰিলোঁ.." ঘৰখন ইমান ডাঙৰ কিয়, কিয়নো ইমান ডাঙৰ?" 
"ঘৰখন ইমান ডাঙৰ কিয়, কিয়নো ইমান ডাঙৰ .... বুলি কওঁতে কওঁতে কেনেকুৱা জানো এটা ৰিদম ক্ৰিয়েট হৈ গ'ল। মই ৰিদম গাই গাই ঘৰ মচি থাকিলো...। ওজন কিবা বস্তু তুলিবলৈ শ্ৰমিক সকলে এনেকুৱা ৰিদম ক্ৰিয়েট কৰে, "দিয়াচোন ঠেলি .... হেইয়াহ। আৰু অলপ... হেইয়াহ।"
সম্পূৰ্ণ ঘৰ মচি শুৱনি কোঠাত সোমাওঁতেই তাই ক'লে
--- অৱশেষত তোমাৰ ইচ্ছাটো পূৰ্ণ হ'ল। এতিয়া সুখী তো?
মই চকী এখনত বহি অলপ ভাগৰুৱা কণ্ঠেৰে ক'লো
--- হুম একদম! বহুত সুখী।
মই সুখী হোৱা শুনি তাই হয়তো আৰু সুখী হ'ল। তাই অলপ আগুৱাই আহি মোক ক'লে
--- তোমাৰ এতিয়া যদি বেলেগ কিবা কৰিবলৈ মন গৈছে, তেন্তে ক'ব পাৰা।
ঘৰ মুচাৰ পিছত বেলেগ কিবা কৰাটো সম্ভৱ নে অসম্ভৱ সেইটো ভাবি ভাবি ক'লো
--- পাছত... এতিয়া নহয়। আজান দিছে শুনা নাইনে? কিহৰ মাজত কি কৈছা?
তাই অলপ আচৰিত হোৱা দি ক'লে
--- অ... চৰী! ধ্যান নাছিল। ঠিক আছে তেন্তে তুমি ৰেষ্ট কৰা, মই গা ধুই আহোঁ।
তাই গা ধুব গ'ল..! মই নীৰৱ হৈ বহি আছিলোঁ। গা ধুই আহি তাই আইনাৰ সন্মুখত থিয় হৈ চুলি আঁচুৰিবলৈ আৰম্ভ কৰিলে। এক মিনিট .... দুই মিনিট .... তিনি মিনিট .... এনেকৈ আধা ঘণ্টা তাই নিজৰ চুলি আঁচুৰিলে। আধা ঘণ্টাতকৈ অধিক সময় চুলি আঁচুৰাৰ কাৰণে ঈশ্বৰে হয়তো তাইক কিবা নহয় কিবা এটা পুৰস্কাৰেৰে পুৰস্কৃত কৰিব। আহ... কি যে ধৈৰ্য ছোৱালীজনীৰ। চুলি আঁচোৰা শেষ কৰি হাতত লোশ্বন সানিবলৈ আৰম্ভ কৰিলে। গৰমৰ দিনত তাই লোশ্বন কিয় লগায়? মাজে-সময়ে তাইক এই প্ৰশ্নটো সুধিবলৈ মন যায়। লোশ্বন সানি সানি তাই হঠাৎ কৈ উঠিল
--- আহ্.... শ্বিট .... শ্বিট... শ্বিট।
মই সুধিলো
--- কি হ'ল? শ্বিট শ্বিট কৰি আছা কিয়?
--- আজিকালি মোৰ কি যে হৈছে নহয়! সকলো পাহৰি যাওঁ।
--- হৈছে কি? কোৱাচোন।
--- কেইটামান কাপোৰ তিয়াই থৈছিলো। ভাবিছিলোঁ গা ধোৱা সময়ত ধুম, কিন্তু পাহৰি গ'লো! এতিয়া মনত পৰিছে।
--- এইটোক লৈ ইমান চিন্তা কৰিব নালাগে। মইতো এতিয়া গা ধুব যাম, ধুই মেলি দিম।
--- বাথৰুমত সোমাই মোৰ চকু কপালত উঠি গ'ল। পূৰা এক বাল্টিং কাপোৰ। এটা দীৰ্ঘশ্বাস এৰি কাপোৰ ধুবলৈ আৰম্ভ কৰিলোঁ! আৰু ঘৰ মুচাৰ সময়ত যেনেকৈ ৰিদমৰ সুৰত ঘৰ মুচিছিলো, ঠিক তেনেকুৱা এটা ৰিদম ক্ৰিয়েট কৰিলোঁ। কিন্তু শব্দবোৰ বেলেগ - "কাপোৰ ধুব নাজানিলে মূৰৰ বিষ উঠে.... মূৰৰ বিষ উঠে।" ৰিদম গাই গাই কাপোৰ খিনি ধুই পেলালো মাত্ৰ দুঘণ্টাৰ ভিতৰত। কাপোৰ ধুই থকা সময়ত আধাখিনি গা ধোৱা হৈ গৈছিল, বাকি আধাখিনি দুই মিনিটত শেষ কৰি দিলোঁ। বাথৰুমৰ পৰা ঘৰত সোমাওঁতেই পত্নীয়ে ক'লে
--- মাথাৰ বিষৰ দৰৱ আছিল নহয় ঘৰত? ক'ত থৈছা? মাথাত খুব বিষাইছে।
মই এইটো ড্ৰয়াৰত এবাৰ সেইটো ড্ৰয়াৰত এবাৰ এনেকৈ বহু সময় বিচাৰি অৱশেষত দৰৱটো পালোঁ। পত্নীক দৰৱ খুৱাই ওচৰত বহি তাইৰ মাথাত হাত বুলাই দি ক'লো
--- কমিছে নে অলপ?
তাই খুব নিম্নস্বৰত ক'লে
--- না।
--- মই মাথা টিপি-টিপি ক'লো
--- চকু বন্ধু কৰা। ভাল হৈ যাব। 
পাঁচ-চয় মিনিটৰ ভিতৰত তাই টোপনিত অন্তৰ্দান কৰিলে। ঘৰ মচি আৰু কাপোৰ ধুই ইমান ক্লান্ত ও ভোকাতুৰ হৈ পৰিছো যে সেইটো কৈ কাকো বুজাব নোৱাৰিম। দুপৰীয়া কি খাম? ৰন্ধা-বঢ়াও মই কৰিব লাগিব নেকি? ৰন্ধা-বঢ়া কৰি, ভাত কেইটামান খাই আহি ৰুমত সোমাওঁতেই পত্নীৰ মোবাইলটো বাজি উঠিল। কথোপকথন শুনি বুজিলো যে তাইৰ বায়েৰে ফোন কৰিছে। ফোনটো ৰাখি তাই ক'লে
--- বাৰ ননঁদ খুব অসুস্থ। গুৱাহাটী মেডিকেলত ভৰ্ত্তি কৰিছে। ইমাৰজেন্সী ব্লাড লাগে O নেগেটীভ। তুমি সোনকালে গৈ ব্লাড দি আহা।
--- মই? মই ব্লাড দিম?
--- তোমাৰ O নেগেটীভ নহয়?
--- হয়, কিন্তু মই এতিয়া কেনেকৈ ব্লাড দিম?
--- কিয়? প্ৰবলেম কি?
--- মই খুব টায়াৰ্ড জান। প্লীজ বুজিবলৈ চেষ্টা কৰা। মোৰ এতিয়া আৰামৰ প্ৰয়োজন।
--- এজনী ছোৱালীৰ জীৱনতকৈ তোমাৰ আৰাম কৰাটো বেছি গুৰুত্বপূৰ্ণ? হুহহ।
--- গৈছোঁ, গৈছোঁ। চিঞৰি নাথাকিবা প্লীজ।
ঘৰৰ পৰা ওলাই গুৱাহাটী মেডিকেললৈ বুলি যাত্ৰা কৰিলোঁ। গৈ ব্লাড দিলোঁ, ঘৰলৈ ঘুৰি আহোঁতে ৰাতি হৈ গ'ল। গেটৰ ভিতৰত সোমোৱাৰ লগে-লগে ওৱাচমেনে ক'লে
--- ছাৰ! লিফ্ট নষ্ট! অলপ কষ্ট কৰি খটখটিৰে যাওক।
মই প্ৰচণ্ড বিৰক্তিৰ ভাৱেৰে ক'লো 
--- লিফ্ট নষ্ট মানে? কি কোৱা? মই কি এতিয়া ১৫ মহলা খটখটিৰে উঠিব লাগিব?
ৱাচমেনে খুব কৰুণভাৱে ক'লে 
--- ছাৰ। লিফ্টৰ গিয়েৰ ঢিলা হৈ গৈছে। ভাগ্য ভাল যে চিঙি যোৱা নাই।
মই আৰু কথা নবঢ়াই খটখটিৰে উঠিবলৈ আৰম্ভ কৰিলো। এভাৰেষ্ট আৰোহণ কৰোঁতে চাগে ইমান কষ্ট নহয়। ঘৰত সোমোৱাৰ লগে-লগে পত্নীয়ে ক'লে
--- যোৱা সোনকালে ফ্ৰেশ্ব হৈ আহা। তোমাৰ কাৰণে কেতিয়াৰ পৰা অপেক্ষা কৰি আছো। বহুত ভোক লাগিছে। দুপৰীয়া তো মোক এৰি থৈ খাইছা! আৰু ইমান ৰান্ধিলা কিয়? এসপ্তাহ খাব পৰাকৈ। আচ্ছা ৰোগীৰ অৱস্থা এতিয়া কেনে?
পত্নীৰ কথাৰ উত্তৰ দি ফ্ৰেশ্ব হৈ তাৰপিছত ভাত খালো। টোপনি ও ক্লান্তিত চকু ইমান সোমাইছে... এনেকুৱা লাগিছে যেন চকুৰ ওপৰত শিল এটা। বিচনাত শুই পৰিলো, তাই মোবাইলত ফেচবুক কৰি আছে। কেতিয়া যে টোপনি লাগিল অনুভৱেই কৰিব পৰা নাই। পত্নীয়ে তাইৰ আঙুলি এটা কাণত সোমোৱাই দিয়াত মোৰ টোপনি ভাঙিল। মোৰফালে চাই অতি মায়াভী কণ্ঠেৰে সুধিলে
--- ঐ... টোপনি গ'লা নেকি?
--- কালি অফিচ আছে। ক্লান্ত শৰীৰ। অলপ টোপনি মাৰিব দিয়া প্লীজ।
তাকে শুনি তাই যেন হঠাৎ অফিচৰ বছ হৈ গ'ল। বছৰ ভঙ্গীৰে ক'লে
--- কাইলৈৰ অফিচক লৈ মোৰ কোনো মূৰৰ বিষ নাই, যি হয় হওঁক। মোৰ অফিচত কোনো ছুটি নাই। চতুৰালি নচলিব। এতিয়া মোৰ অফিচৰ সময়, মই বছ তুমি কৰ্মচাৰী।
ব্ৰেকফাষ্ট বনোৱা, ঘৰ মুচা, কাপোৰ ধোৱা, পত্নীৰ মাথা টিপি দিয়া, ৰন্ধা-বঢ়া কৰা, ব্লাড ডনেট কৰা, খটখটিৰে ১৫ মহলা বগাই উঠাৰ পিছতো কোনো ছুটি নাই। শ্ৰমজীৱী মানুহৰ দৈনন্দিন গল্পবোৰ এনেকুৱাই বা ইয়াতকৈও গভীৰ।

No comments:

Post a Comment