Tuesday, May 9, 2017

সম্পৰ্ক

সম্পৰ্ক এটা ভগাৰ অাগত মানুহে কেতিয়াও ভাবি নাচায় যে,সেই সম্পৰ্কটো চিগি গ'লে কোনোবাই দুখ পাব।।………মাত্ৰ ভগাজনে নিজৰ লাভ বিচাৰি সেইজনৰ পৰা অাতৰি গুছি যায়।
সকলোতকৈ শক্তিশালী ব্যক্তি হ'লেও অাপোন কোনোবাৰ প্ৰতাৰণাই ক্ষন্তেকৰ কাৰণে হ'লেও হৃদয়খনক কপাই যায়।।
তেওৰ কি প্ৰয়োজন,কিহৰ অভাবত সেই অাপোন জনে কাৰোবাক অকলশৰিয়া কৰি এৰি গুছি যায়,,এটা সময়ত সেই অাপোনজনেই সকলোতকৈ ভাল অাছিল,বিশ্বাসৰ অাছিল,যাক সপোন দেখিব বাধ্য কৰাইছিল……………শেষ মুহূৰ্তত তেওৱেই অবহেলা কৰি অাতৰি গুছি যায়।।
কিছু সংখ্যক মানুহৰ নজনাকৈয়ে জীৱন শেষ হৈ যায়…………অাৰু সেইজন প্ৰতাৰণা হোৱা মানুহে সেই সময়ৰ যান্ত্ৰণাৰ প্ৰশ্নৰ উত্তৰ নিজৰ মাজতেই হেৰাই পেলায়…………চকু পানী বোৰক উত্তৰ দিবও দুমোজাত পৰি যায় যে সেই সময়ত তেও সলনি হৈছিল নে নিজে সলনি হৈ কষ্ট পাব লগা হৈছিল।।
এই জীৱন যাত্ৰাতেই মানুহে বহুত শিকে………সময়ৰ গতিত সকলোকে বুজায় যে সময়ত কৈ শক্তিশালী কোনো নাই।।
তেওৰ মনৰ মাজত যদিও অান কোনোবাই ঠাই লৈছে তথাপি সেই এৰি অহা অাপোন জনৰ দৰে অানে কেতিয়াও ভাল পাব নোৱাৰে।…………প্ৰমাণ যদি বিচৰা বুজিব চেষ্টা কৰা তেওৰ মনৰ সেই বিষাদ…………যিজন/যিজনিয়ে অাজিও সেই প্ৰতাৰক জনৰ লগতেই সপোন দেখে।।
যদিও চিৰসত্য তেও ওভতি নাহে…………তথাপি অাজিও তেওৰেই স্মৃতিৰ হুমুনিয়াহ…………।।
যদিও সেই প্ৰতাৰকৰ বাবে বিশ্বাসঘাট এটি তেওৰ মনৰ অহংকাৰ…………হয়টো সেই অাপোন জনৰ বহু ভালপোৱাক অৱহেলা কৰাৰ গৰ্ব …………কিন্তু তেও নাজানে যে সময়ে কাৰো গৰ্ব অহংকাৰক বেছি দিনলৈ চাই নাথাকে……………সেই টাইটানিকৰ দৰেই সকলো গৰ্ব অহংকাৰক ভাগি চিগি সোমাই লৈ যাব গভীৰ অাটলান্টিকৰ বুকুত।।।ধন্যবাদ……………

No comments:

Post a Comment