Tuesday, May 9, 2017

ভালপোৱাৰ কথাৰে…

সম্পৰ্ক এটা অাৰম্ভ হৈ, শেষ পৰিণতি কি হ'ব তাৰ অনুমান তেতিয়াই কৰিব পাৰি,যেতিয়া তেওৰ সৈতে দূৰত্ব বোৰ লাহে লাহে বেছি হ'ব অাৰম্ভ কৰিব।।
কথাবোৰৰ মাজত সন্দেহে যেতিয়া অাগুৰি ধৰিব,তোমাৰ কথাবোৰৰ মূল্য যেতিয়া শূণ্য হ'ব,লাহে লাহে যেতিয়া তুমি বেয়া পোৱা কামবোৰক সেই অাপোন জনে অাদৰি ল'ব তেতিয়াই জানিবা যে তুমি তেওৰ হৃদয়ৰ পৰা লাহে লাহে নাইকিয়া হ'ব ধৰিছা।।
জীৱনৰ সেই ক্ষণবোৰেই বৰ ভয়ানক যেতিয়া তুমি জানি বা বুজি উঠিবা যে তোমাৰ মূল্যবান সম্পত্তি তোমাৰ পৰা বহু দূৰলৈ গুছি যাব।
সেইসময়ত জীৱনত পোৱা বোৰৰ পৰাও অসন্তুষ্টি লাভ কৰা যায়…………য'ত বাৰে বাৰে মনৰ মাজেৰে বৈ অাহে বিষাদৰ সেই মুহূৰ্ত।।
জীৱনত ডাঙৰ অাৰু পাহৰিব নোৱাৰা দুখ সেইকেইজনেই বেছি দিয়ে…………যাক তুমি কেতিয়াও নিজৰ পৰা অাতৰাই পেলাব নোৱাৰা………কিন্তু তেও অাতৰি যায়।।
সেইজন অাপোন যিজনে শিকাইছিল ভালপোৱা,বিশ্বাস………কিন্তু তেওৱেই সেইবোৰক অসন্মান জনাই অাতৰি যায়।।
যাৰ অনুভূতিত শিকিছিলো ভালপোৱাৰ সমান সুখ একোৱেই নাই অাৰু অাজি তেওৰেই অনুভূতিত শিকিলো যে ভালপোৱাৰ সমান কষ্টও একো নাই।।
চিনাকীত কৈ অচিনাকী বোৰেই ভাল যি জনৰ পৰা অন্তত কেতিয়াও নোপোৱা বিশ্বাসঘাট কিম্বা হেৰুৱাৰ যান্ত্ৰণা।।………
তথাপি জীৱন………পাই হেৰুৱাৰ দুখ সকলো মানুহৰেই একেই,,কোনোবাই কান্দি তাক কমাবৰ চেষ্টা কৰে অাৰু কোনোবাই হাহি হাহি তাৰ সৈতে যুদ্ধ দিয়ে।।
যদিও বৰ্তমান তেওৰ অৱিহনে জীৱন শূণ্য তথাপি শেষ হৈ যোৱা নাই…………সেইসকল প্ৰতাৰিত ব্যক্তিৰ জীৱন তেতিয়াই অাকৌ নতুন ৰূপ ল'ৱ যেতিয়া তেওক দেখোৱাব অাৰু ক'ৱ পাৰিব যে…………ঐ মোৰ অাপোন সেইজন,মোৰ দূৰ্বলতাৰ সুযুগ লৈ অাতৰি যোৱাতো সেই সময়ত তোমাৰ সঠিক সীদ্ধান্ত নাছিল।।যদিও তোমাৰ মনত মই একো নহয়………হয়টো নাই মোৰ অানতকৈ ধুনীয়া হ'ৱ পৰা ক্ষমতা,হয়টো নাই টকাৰে বিলাসিকতাক কিনাৰ সামৰ্থ,তথাপি am something......ধন্যবাদ।।

No comments:

Post a Comment