আজি গেলেৰীৰ মানুহ একেবাৰে মঞ্চলৈ জপিয়াইছোঁ দেই.....
এহ: চাব দেই জাপটো অলপ দিঘলীয়া হ'লটো অলপতে আপোনাক মহতিয়ালো হয় ..........
এহ: চাব দেই জাপটো অলপ দিঘলীয়া হ'লটো অলপতে আপোনাক মহতিয়ালো হয় ..........
জ'ক নহয় কিন্তু, একদম ৰিয়েল খেচ,এক্কেবাৰে মৌলিক আৰু তত্ব গধুৰ....
মানে খেচ টো এনেকুৱা ..............
আজি দেওবাৰ সেই বুলিয়ে ভাবিলো বোলো আজি এপাক গাঁৱৰে লাঙুটিয়া ইয়াৰ এটাৰ ওচৰৰ পৰাই ফুৰি আহোগৈ || মানে সি সৰু সুৰা এজন চৰকাৰী বনুৱা আক' দেই , সেই সূত্ৰে সপ্তাহ টোৰ ছয়টি দিনেই ঘৰৰ বাহিৰত থাকে ,শনিবাৰে ৰাতি আহে আৰু দেওবাৰে থাকি সোমবাৰে আকৌ গমনং || সেই গতিকেই ভ্ৰাম্যমাণ কান ফুচ ফুচ টো ব্যৱহাৰ নকৰাকৈয়ে ঘৰ ওলালোগৈ ||
পদূলি মুখ পাইছোঁগৈহে তেনেতে বন্ধুৰ পৰিবাৰে তাৰ ৫ বছৰীয়া পুত্ৰক ৫ হাতমান দীঘল এছাৰি এপাত লৈ খেদি ফুৰিছে || অ' এইখিনিতে আপোনালোকক কবলৈ থাকিয়ে গ'ল নহয় , মানে বন্ধুৱে সংসাৰ কৰিলে আৰু এটি ৫ বছৰীয়া কচু গুটিয়া ল'ৰা সন্তানও আছে || এতিয়া আপোনালোকে ভাবিছে চেগে...............ওঁ ভাবক ভাবক ...............হয় মই বৰ্তমান বৰলা হৈ আছো বাৰু দেই .............. ওঁ হয় আক' বয়স হৈছে||

বাৰু যি নহওক সিফালৰ পৰা মাকে এছাৰি লৈ খেদি আহোতে লৰাই বাহিৰলৈ আহি মোক দেখি চিঞৰিবলৈ ধৰিলে ,এ....তাঅ(তাৱৈ)আহিলে তাঅ আহিলে .......এ ||ল'ৰাৰ চিঞৰ শুনি মাকে মানে একদম ডাম্পাৰৰ ব্ৰেগ মৰাদি মাৰি হাতৰ এছাৰি ডাল সোঁফালে দলিয়াই দি ঘপহকৈ চাদৰৰ আঁছলটো বাওঁফালে পিঠিৰ ফালৰ পৰা সোঁফাললৈ তানী লৈ মাত দিলে , অ' আপুনি আহিলে !! চাওঁক চোন ই দিনে দিনে বৰ বজ্যাৎ হৈ গৈছে , আৰ্ট স্কুল নাজায় বুলে , বাপেক নাথাকে যে , আইতাক-ককাকে মূৰত তুলি তুলি বেয়া কৰিলে || বাৰু আহক আহক ভিতৰলৈ আহক ...... বহকচোন || মই বোলো ই নাই নেকি .......অঁ .... এখেত এইবাৰ নাহিল নহয় , অলপ অসুবিধা হ'ল বুলে মানে কিবা কাম এটা ওলালে বোলে ||........অ' হয় নেকি , এহ: ময়ো আক' এই ভ্ৰাম্যমাণ কান ফুচ ফুচ টো ব্যৱহাৰ নকৰাকৈয়ে আহিলো নহয় ছে:||মা হঁত নাই নেকি ?? মা আছিল এই কাষৰে ইহঁতৰ ঘৰলৈ গৈছে আহিবই , দেউতা হে নাই আজি দেওবাৰ যে বজাৰলৈ ওলাই গৈছে ||এহ: হ'ব দিয়া তেতিয়াহ'লে মই এই কান ফুচ ফুচটোৰেই অলপ ফুচ ফুচাই লও তাৰ লগত ||
সেই বুলিয়ে জেপেটত পৰা কান ফুচ ফুচটো উলিয়াই হাতত লৈ তাৰ সংখ্যা কেইটা টিপিলো তাৰ পাচত টুওত .....টুওত..... টুওত ......ৱাছিং পাউদাৰ নিৰমা .....ৱাছিং পাউদাৰ নিৰমা .... হেল্লো.....মই বোলো অ' হে.....চাল্লা হেল্লো কবলৈকে নাপালোঁ আছিল নহয় আমাৰ কচু গুটি ওচৰতে ৰৈ , থাপমাৰি নিলে নহয় কান ফুচ ফুচ টো ..... তাৰ পাচত আৰম্ভ কৰি দিলে ....হেলো পপা তুমি সোনকালে আহা না .....তোমাৰ ঘৈনিয়ে মোক অকনো মম নকয়ে....আজি মোক পিতিচিলে ..... তাঅ আহিলে যে নোআইলে......তুমি আহা না প্লি....মই তোমাহে ভাল পাও !!
খা বাপ্পেকে....মোৰ মেলা মুখ মেলাতেই থাকি গ'ল||
মৰেল:- আজিৰ ভ্ৰাম্যমাণ কান ফুচ ফুচ যুগৰ পোৱালি প্ৰজন্ম দেই .....কৃষ্ণ...কৃষ্ণ ||
No comments:
Post a Comment