.
-ল'ৰা জন কোন?
-মোৰ বান্ধৱীৰ বয়ফ্ৰেন্ড।
-তাৰ লগত ইমান সময় ধৰি কি কথা পাতি আছিলা?
-তেনেকুৱা বিশেষ একো নহয়।
-এয়া মোৰ প্ৰশ্নৰ উত্তৰ নহয় (ধমকিৰ সুৰত)
-আচৰিত ! তোমাক ভালপাওঁ বুলি কি মই বেলেগৰ লগত কথা পাতিব নোৱাৰিম!!!
-মই সেইটো কোৱা নাই তোমাক । মই মাত্র জানিব বিচাৰো যে তুমি হাঁহি-হাঁহি তাৰ লগত কি কথা পাতি আছিলা।
-তুমি মোক সন্দেহ কৰি আছা নেকি?
-ইয়াত সন্দেহৰ কি কথা আছে
মই মাত্ৰ জানিব হে বিচাৰিছো।
আৰু ইয়াৰ কাৰণ টো তুমি ভালদৰে জানা।
-তুমি মোক ভালপোৱা সেয়াইতো কাৰণ? মই তোমাক ভাল নাপাওঁ নেকি কোৱাচোন।
-উম!! পোৱা।
-তেন্তে ইমান জেৰা কিয় কৰা?
-তোমাক হেৰুৱাব নিবিচাৰো।
-চিন্তা নকৰিবা।মোৰ ওপৰত বিশ্বাস ৰাখিবা।মই তোমাৰ পৰা আতৰি নাযাওঁ।সদায় তোমাৰে হৈ থাকিম।
-হুম।
☞
সেইদিনাৰ প্ৰতিশ্ৰুতি হৃদয়ৰ পৰা নাছিল ।
আৰু তাৰ ফলস্বৰূপেই আজি তৃষ্ণা ই বেলেগৰ হাতত ধৰি ভৱিষ্যতৰ সপোন ৰচিচে।
আৰু নিলয় ৰ কাৰণে ৰাখি গ'ল সীমাহীন কষ্টৰ পাহাৰ।
নিয়লৰ সিদিনাৰ সন্দেহ টো সচাঁ আছিল
হয় ল'ৰা জন তৃষ্ণা ৰ নতুন
বয়ফ্ৰেন্ড। আৰু এই সত্য টো নিলয়ে স্বীকাৰ কৰিবলৈ বহুদিন ছটফটাইছিল
এতিয়া আৰু তাৰ মনত কষ্ট নাই।
চিগাৰেটৰ ধোঁৱাৰ মাজেৰে সকলো কষ্ট উৰুৱাই দিয়ে নিলয়ে।
তৃষ্ণাৰ লগত নিলয়ৰ পৰিচয় হৈছিল কলেজীয়া জীৱনৰ শেষ সময়চোৱাত।
আৰু তেতিয়াৰ পৰাই এজনে আনজনৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল।
নিলয়ে প্ৰথমতে তাইক প্ৰপোজ কৰিছিল।
তৃষ্ণায়ো লগে লগে তাক সহাৰি জনাইছিল ।
সুদীৰ্ঘ দুবছৰ কাল পাৰ হৈ যোৱাৰ পিছতহে নিলয়ে তৃষ্ণা ৰ আচল ৰূপৰ কথা গ'ম পায়।আৰু তেতিয়াই সি তৃষ্ণা ৰ জীৱনৰ পৰা আতৰি যায়।
☞☞
ব্ৰেকআপৰ ছয় মাহ পাৰ হৈ যোৱাৰ পিছত আজি হঠাৎ নিলয়ৰ ম'বাইলত এটি অচিনাকি নম্বৰ ভাহি উঠিল ।
সি ফোনটো ৰিচিভ কৰিলে।
-হেল্ল!!!
-কেনে আছা?
-কোনে কৈছে
- চিনিব পৰা নাই নেকি?ইমান সোনকালে পাহৰি গ'লা নে?
- আপুনি পৰিচয় দিবনে নে ফোন কাটিম।
-মই তৃষ্ণা।এতিয়া চিনি পাইছা নে?
-অহ তুমি!! ইমানদিন পিছত কি ভাবি ফোন কৰিলানো?
-তোমাৰ লগত কালি দেখা কৰিব পাৰিমনে? সেই চিনাকি ঠাইখনিত।প্লীজ (কৰুণ কণ্ঠেৰে )
-কিয়?
-দেখা হলে কম দিয়া। প্লীজ মানা নকৰিবা।
অনিচ্ছা স্বত্বেও মান্তি হব লগা হল নিলয়ৰ।
সময়মতে চিনাকি ঠাইখনিত উপস্থিত হল নিলয়।
কিছু সময় পিছত তৃষ্ণায়ো ঠাইখনি পালেহি।
তৃষ্ণা ই প্ৰথমতে তাক সুধিলে
-কেনে আছা?
-বিন্দাচ আছো।( যদিও তাইৰ অবিহনে কষ্টত আছিল)
-কিন্তু মই যে কষ্টত আছো।
-সুখত থকাৰ বাবেই তো এৰি গৈছিলা মোক। এতিয়া ইমান কষ্ট কৰ পৰা আহিল জানিব পাৰোনে?
-মই ভুল কৰিছিলো । সঠিক মানুহজন চিনি ভুল হৈছিল মোৰ। মোক এবাৰ ক্ষমা কৰি দিয়া। আৰু এবাৰ সুযোগ দি চোৱা।
( নিলয়ৰ হাতত ধৰি উচুপি আছিল তাই)
- প্লীজ তুমি এইবোৰ অভিনয় বন্ধ কৰা।
-মই অভিনয় কৰা নাই নিলয়।
মোৰ চকুলৈ চোৱা। মই সচাকৈ কৈছো।
-তোমাৰ চকুৰ ভাষা তেতিয়া বুজি পোৱা নাছিলো ।
এতিয়া আকৌ কেনেকৈ বুজি পাম?
-প্লীজ মোক এবাৰ সুযোগ দিয়া।
-সুখৰ বাবে এবাৰ মোক এৰি থৈ গৈছিলা। আকৌ যে এৰি নোযোৱা তাৰ কি নিশ্চয়তা আছে?
তৃষ্ণাই উত্তৰ দিয়াৰ ভাষা বিচাৰি নাপালে ।
তৃষ্ণা ই বিশ্বাস ভাঙিলে নিলয়ৰ
আৰু ভাঙিলে অযুত স্বপ্ন ।
নিলয় তাৰ পৰা উঠি গুচি গ'ল
আৰু তৃষ্ণাই অশ্ৰুসিক্ত নয়নেৰে নিলয় যোৱা বাটৰ পিনে চাই থাকিল।
.
বিশ্বাস এনেকুৱাই।সহজে নাভাঙে।আৰু এবাৰ ভাঙিলে দ্বিতীয় বাৰ যোৰা নালাগে।
No comments:
Post a Comment