Monday, May 22, 2017

জৰুৰী অৱস্থা - ২

জৰুৰী অৱস্থা - ২ :
জেঠাই দুৱাৰ মুখ পালেহি। ল'ৰা পোণা এটিৰ মুখ দেখা নহ'ব আৰু, শোকে খুন্দা মাৰি ধৰিলেহি।
: গৃহস্থ আছেনে?
: নাই নহয়, পুৱাতে ওলাই যোৱা অহাই নাই। 
কোনো মতে শোক সম্বৰণ কৰি অভিযানকাৰীক গোকাট ফাকি এটা দিলে। ল'ৰা পোণা এটিৰ আশাতে এনে মিছা মাতিবলগীয়া হোৱাত জেঠাইয়ে মনতে কাকূতি ঘোষা এফাঁকি আওৰালেই।
: তেন্ত আপোনাৰ মানুহজন ঘৰত নাই।
: হয় আকৌ...
: এখেতো একে ভয়তে পলাইছে, আহিলো যেতিয়া গিৰিহঁতৰ নামটোকে কওঁক।
এজনে মাত লগালে।
: নামটো কেনেকৈনো কওঁ? জেঠাইয়ে সেহা-বেঙাখন লগাই মনতে ভাৱিলে – অন‍্য কথা নহয়, জীৱনত মানুহজনৰ নাম লৈ পোৱাই নাই। তাতে আইহঁতেও পিতাইৰ নাম লোৱা দেখা নাই। আকাৰে ইঙ্গিতে গিৰিহঁতৰ যে নাম আনৰ আগত ল'ব নাপাই সেই কথা সোঁৱৰাই থাকে। এবাৰ মাছ বাচি থাকোতে শাহুআইয়ে যি ঢেৰঢেৰণি দিলে, নাম সেই দিন ধৰি লোৱা নাই। এতিয়া অৱশ‍্যে ''ৰামো নাই অযোধ‍্যাও নাই"। কিন্তু আজি আকৌ ল'বলৈ ভয় হৈছে "নচ-বন্দী"ৰ বাবে।
: কিয় ভগৱান নেকি?
: ওৱা, কথা কৈছে চোৱা? মোৰ বাবে মানুহজন ভগৱানেই আক'। গতিকে শাহু আইয়ে দি যোৱা বচন খণ্ডন মই কেতিয়াও কৰিব নোৱাৰোঁ।
উপস্থিত বুদ্ধিৰে এজনে মাত লগালে
: আপোনাৰ মানুহজনৰ নামৰ লগত কি মিলে, মানে জীৱ- জন্তু, ফল-ফুল....
: হওতে মাছৰ লগত মিলে...
কথাটো মুখৰ পৰা ওলোৱাৰ পাচতহে জেঠায়ে যে মহা ভুল এটা কৰিলে তাকে গম পাই কঁপিবলৈ ধৰিলে। এইবাৰ জালত পৰিল।
: তেন্তে ৰৌ..., বৰালী..., ভকুৱা...
: ইমান দ পানীত থকা মাছ নহয়...
: কান্ধুলি, কৰতি, নাৰ-বাত?
: কান্ধুলিৰ কথা নকব, মোৰ জন ইলুটি-সিলুটি কৰা মানুহ নহয় পাই, আৰু বামলৈ আহক...
: পাটিত মোতোৰা?
: কৃষ্ণ, নহয় দেই। সেইডাল বেমাৰ থকা হ'লে ছজনীকৈ ছোৱালীৰ মাক হ'ব পাৰোনে? এইবাৰ ল'ৰা পোণা এটিৰেই এই অভিযান সামৰিম বুলি ভাবিছিলোঁ। কিন্তু নামটো জানিলে লেঠাই মাৰিব "নচ-বন্দী অভিযানে'' বুলি জেঠাইয়ে ভুৰ-ভুৰালে। চিন্তাৰ ওৰ পেলাই অভিযানকাৰী এজনে সুধিলে –
: কাৱৈ, গৰৈ, মাগুৰ, শিঙী...
: লগৰে... কঁপনি তুলি জেঠাইৰ উত্তৰ। এইবাৰ আৰু ৰক্ষা নাই।
: কাৰ...
: গৰৈৰ... আপুনা-আপুনি জেঠাইৰ মুখত বিষ্ফোৰণ ঘটিল।
: চেঙেলী...
: ..... জেঠাই নিমাত। জীয়াই থকা মানুহজনৰ নামটো নহয় বুলি কয় কেনেকৈ?
: চেঙেলী, চঙেলী, চঙেলী...
: অ' বোলো শলিয়া নেকি? দেখিছনে বাৰু মৰতি বৌয়েৰে কেনকৈ ডুলিৰ মাজত সোমোৱাই থৈ গৈছে? কোনোবা বোলে "নচ-বন্দী" বুলি কিবা এটা আহিছে বোলে?
জেঠুৰ মাতত জেঠাই মুচকচ গ'ল‌।
।সমাপ্ত।

No comments:

Post a Comment