আগৰ পুৰণি মানুহসকলে নিজৰ নামবোৰ কেনেকুৱা ৰাখে আপোনালোকে নিশ্চয় জানে.!!
.
ঠিক তেনে গজব নামেৰে নামাকৰণ কৰা ৪জন ককাইভাই মাকৰ সৈতে এটা পৰিয়াল মমিহতৰ ঘৰৰ ওচৰলৈ নতুনকৈ ভাৰাতীয়া হিচাপে আহিল ।
.
এজনৰ নাম-- ভঙা ।
দ্বিতীয় জনৰ নাম-- ফটা ।
তৃতীয়জনৰ নাম-- শুকান । চতুৰ্থজনৰ নাম -- মৰা ।
.
মমি এদিন তেওঁলোকৰ ঘৰত আলহী ফুৰিব গল । মাকে আলহীক সুধিলে, আপুনি চকীত বহিব নে পিৰাত ???
.
আলহী:-- চকী হলেই হব ।
মাক:-- ভঙা, চকিখন লৈ আহ ।
আলহী:-- নালাগে হব, পিৰা এখনকে দিব কওক ।
মাক:-- ফটা, পিৰা এখন লৈ আহ ।
আলহী:-- পিৰাও নালাগে, মই পকাতেই বহিছো হব দিয়ক ।
( আলহী পকাতে বহিল ) এইবাৰ মাকে আলহীক সুধিলে:-- আপুনি চাহ খাবনে গাখীৰ খাব...???
আলহী:-- চাহ দিলেই হব ।
মাক:-- শুকান, চাহ লৈ আহিবি ।
আলহী:-- নাই নাই, চাহ নালাগে, গাখীৰকে দিয়ক ।
মাক:-- মৰা.. গৰুৰ গাখীৰ এগিলাচ লৈ আহ ।
কৃষ্ণ...... কৃষ্ণ ॥
No comments:
Post a Comment