এজন সম্পদশালী, আশী বছৰীয়া বৃদ্ধই, পচিশ
বছৰীয়া
এগৰাকী যুৱতীক বিয়া কৰালে। এবছৰৰ
পিছত বৃদ্ধজন,
ব্যক্তিগত ডাক্তৰজনৰ ওচৰলৈ গ'ল আৰু কলে,
" ডাক্তৰবাবু, আপুনি শুনি সুখী হব যে মই,
পিতৃত্বৰ গৌৰৱেৰে,
গৌৰৱান্বিত হব ওলাইছো ।"
ডাক্তৰে কথাষাৰ শুনি বৃদ্ধৰ মুখলৈ চালে
আৰু কলে,
"আপোনাক মই সাধু এটা কম, শুনিব নে ?"
বৃদ্ধ : কওঁকচোন, নিশ্চয় শুনিম ।
ডাক্তৰ : এবাৰ এজন চিকাৰী, জংঘললৈ
চিকাৰ কৰাৰ মানসেৰে গ'ল
। যোৱাৰ সময়ত ভুলতে বন্দুকৰ ঠাইত, ছাতী
এটা কাষলতিৰ তলত
লৈহে ওলাই গ'ল।
বৃদ্ধ : ইচ্ ৰাম, কি যে হব ?
ডাক্তৰ : জংঘলত এটা বাঘৰ সতে মুখামুখি
হোৱাত, বন্দুক বুলি
কাষলতিৰ তলৰ পৰা ছাতীটো উলিয়াই
আনিলে।
বৃদ্ধ : ইন্টাৰেষ্টিং, পিছত ?
ডাক্তৰ : ইতিমধ্যে বাঘটো আক্ৰমাত্মক
হৈ উঠাত, উপায় নেদেখি
চিকাৰীজনে, ছাতীটোৰেই গুলী মৰাৰ
দৰে ভংগীমা
কৰিলে ।
বৃদ্ধ : তাৰপিছত ?
ডাক্তৰ : কিন্তু আশ্চৰ্যজনক ভাবে বাঘটো,
গুলী লাগি মৰি থাকিল
।
বৃদ্ধ : অসম্ভৱ ! এইটো কেতিয়াও হব
নোৱাৰে ।
ডাক্তৰ : আপোনাৰ কি ভাব হয় , বাৰু ?
বৃদ্ধ : পিছফালৰ পৰা গুলীটো, কোনোবা
বেলেগে
মাৰিছে ।
ডাক্তৰ : মইয়ো আপোনাক সেইটোৱে কব
বিচাৰিছোঁ,
যে গুলীটো, কোনোবা বেলেগে মাৰিছে
😛😁😁😁😁😁😁😁😁😁😁😁
No comments:
Post a Comment