বিয়াৰ পিছদিনাই দত্তই পত্নীৰ লগত ফটো তুলিব লগা হ'ল৷ হাতত এটা এয়াৰ গান লৈ দত্ত ওলাই আহিল৷
হাতত বন্ধুকডাল দেখি দত্তনীৰ প্ৰশ্ন পতিদেৱলৈ ----
কিহে পালে? হাতত এইদাল কি?
দত্ত -- আত্মৰক্ষাৰ অস্ত্ৰ৷ তুমি যিমান বিবাহিত দেৱতাৰ ফটো দেখিছা সকলোতে পতিজনৰ হাতত অস্ত্ৰ থাকে৷
শিৱ পাৰ্ৱতীৰ ফটোত শিৱৰ হাতত ত্ৰিশূল থাকে;
বিষ্ণু লক্ষ্মীৰ ফটোত বিষ্ণুৰ হাতত চক্ৰ থাকে !
ৰাম সীতাৰ ফটোত ৰামৰ হাতত ধনু থাকে !
দত্তনী --- কিন্তু শ্ৰী কৃষ্ণ আৰু ৰাধাৰ ফটোত কৃষ্ণৰ হাতত থাকে বাঁহী! তুমি বন্ধুক নলৈ বাঁহী লব পাৰিলাহয়৷
দত্ত -- হেৰা ! ৰাধা শ্ৰী কৃষ্ণৰ পত্নী নাছিল; গাৰ্লফ্ৰেণ্ডহে আছিল গতিকে হাতত অস্ত্ৰ নাছিল ৷ তোমাক বিয়া পতাৰ আগলৈকে মোৰো হাতত ঘৰত থকা সময়ত মোবাইলটোহে আছিল৷ আজিৰ পৰা এইডালহে আৰু! আত্মৰক্ষাৰ বাবেহে দেই !
No comments:
Post a Comment