Tuesday, September 22, 2020

বন্ধু

উদাস মনৰ বান্দৰ এটাৰ জীয়াই থাকিবৰ ইচ্ছা নোহোৱা হৈ আহিল । সি আত্মহত্যা কৰাৰ কথা চিন্তা কৰি গৈ আছিল । এনেতে সি এটা সিংহক শুই থকা দেখিলে । কিবা এটা চিন্তা কৰি বান্দৰটোৱে সিংহটোৰ নেজডাল ধৰি পকাই দিলে । 
সিংহটো খপজপাই উঠিল আৰু খঙেৰে চিঞৰিবলৈ ধৰিলে = কাৰ ইমান সাহস ? মোৰ নেজ পকাই দিয়ে । নিজৰ মৃত্যুক কোনে মাতিছে ? 
বান্দৰ = মইহে মহাৰাজ ।
সিংহ = মোৰ নেজ পকাওতে আৰু কোনোবাই দেখিছিল নেকি ?
বান্দৰ = নাই দেখা মহাৰাজ ।
সিংহ = থিক আছে । তেনেহ'লে আৰু এবাৰ পকাই দেছোন । ভালেই লাগে দেখুন ।
,
,
মৰেল = *অকলে অকলে থাকিলে বনৰ ৰজাৰ ও আমনি লাগি যায় ।* গতিকে বন্ধুসকলৰ লগত সম্পৰ্ক বজাই ৰাখক । অলপ হ'লেও আনন্দ কৰক ।। 😆

No comments:

Post a Comment