Wednesday, May 10, 2017

আই লাভ ইউ

আই লাভ ইউ মানে কাৰোবাৰ হৈ যোৱা! কাৰোবাক মনৰ পৰা আপোন কৰি লোৱা! শাৰীৰিক ভাবে নহয় আত্মিক ভাবে নিজৰ কৰি লোৱা! প্ৰিয়জনৰ দুখ-বেদনাক নিজৰ দুখ-বেদনা হিচাপে মানি লোৱা। প্ৰিয়জনৰ সুখ-আনন্দক নিজৰ সুখ-আনন্দ বুলি মানি লোৱা।
প্ৰিয়জনৰ চকুৰ পানী মচি মুখত হাঁহি বিৰিঙাই দিয়া! প্ৰিয়জনৰ মনৰ কথা প্ৰকাশ হোৱাৰ আগতে তেওঁৰ হৃদয়ৰ ভাষা বুজি পোৱা! যেনেকৈ নহওঁক প্ৰিয়জনক সুখত ৰখা। সদায় সকলো কথাতে প্ৰিয়জনৰ সৈতে সহযোগ কৰা । ভুলটো দেখুৱাই তেওঁক শুদ্ধ পথলৈ অনা। 
আপোনাৰ ভাল লগা কাম কৰিলে মিচিকিয়াই হাঁহি তেওঁক সুখী কৰা। অলপ কথাতে অভিমান কৰা ! কেতিয়াবা খং কৰা! কেতিয়াবা দুখী হোৱা! কেতিয়াবা আনন্দিত কৰি তোলা! আৰু কেতিয়াবা প্ৰিয়জনৰ কোলাত মূৰ থৈ শুই পৰা । কেতিয়াবা হাতত হাত ৰাখি মৌন হৈ বহি থকা! কেৱল চকুৰ ভাষাৰে কথা পতা। জীৱনত কেতিয়াও তেওঁৰ হাত এৰি নিদিয়া! সকলো সময়ত দুখ কষ্টত তেওঁৰ সৈতে একেলগে থকা । জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত ভালপোৱাজনৰ সৈতে অতিবাহিত কৰা।
প্ৰিয়জনৰ বাবে অপেক্ষা কৰা। দেৰিকৈ আহিলে খং কৰা! বকা-বকি কৰা আকৌ লুকাই লুকাই গৈ তেওঁক মান্তি কৰা! নামানিলে নিজে অভিমান কৰি বহি থকা।
কেৱল I LOVE YOU বুলি ক'লে ভালপোৱা হৈ নাযায়। সঁচা ভালপোৱা চকুৰ পৰা প্ৰকাশ পায়! যি ভালপোৱাত শব্দৰ প্ৰয়োজন হয় সেই ভালপোৱাৰ আয়ুস কম। প্ৰেম যাৰ হয়- এজনৰ আত্মা আনজনৰ আত্মাৰ সৈতে মিলি যায় আৰু শব্দৰে প্ৰকাশ নকৰাকৈ এজনে আনজনৰ সকলো কথা বুজিব পৰা যায়। ক'বলৈ তো বহুত কিবা কিবি আছে এখন কিতাপ লিখিব পাৰিম।
কিন্তু! এতিয়ালৈ মাত্ৰ ইমানেই।
আজিকালি প্ৰেমৰ অৰ্থ কেৱল I LOVE YOU হৈ গ'ল।
মাত্ৰ তিনিটা শব্দ যি গোটেই জীৱন কেৱল শব্দ হৈ থাকি যায়। প্ৰেম মাত্ৰ তিনিটা শব্দৰ সম্পৰ্ক নহয়।
প্ৰেম হৈছে দুটি আত্মাৰ মিলন!
প্ৰেমক কেতিয়াও শব্দৰে প্ৰকাশ কৰিব নোৱাৰি!
প্ৰেম হৈছে জীৱ সৃষ্টিৰ জীৱন মূল্যায়ন

vhal puaa number

প্ৰেম ভালপোৱাৰ কিছু অনুভব………………
জীৱনৰ সেইজন সংগী যাক সকলোতকৈ বেছি ভালপোৱা যায়।যাৰ কথাবোৰত নিজকে বিচাৰি পোৱা যায়।খং অভিমান যদিও বেছি তথাপি তেওৰ ওচৰত সৰু হ'ব বাধ্য হোৱা যায়।।
মনত সদায় ভাব অাহে অাজি তেওৰ সৈতে অকণো কথা নাপাতো………মোৰ কথাৰ কোনো গুৰুত্বই নাই,কিন্তু অাগৰ দৰেই একেই বিফলতা,য'ত তেওৰ মিঠা মিঠা কথাৰ অাৰত কিছুমান দুষ্ট কথাই অাকৌ তেওৰ সৈতে অভিমান ভাগি কথা পাতিব বাধ্য কৰায়।।
ভাল লাগে বহুত যেতিয়া অলপ সময়ৰ বাবে তেওৰ পৰা জানি বুজিয়েই অাতৰি যোৱা যায়।।
ভিজা ভিজা চকুযুৰিত তেওৰ তোমালৈ অপেক্ষা,ঠুনুক ঠানাক ভগা ভগা মাতত বাৰুকৈয়ে অনুভব হব যে সেইসময়ত তোমাক হেৰোৱাৰ ভয়ত হৃদয়ৰ অচীন কোনোবা ঠাইত তেওক অাঘাট কৰিছিল।।………সেই সময়ত যে তোমাৰো তেওক সাবটি লৈ ক'বৰ মন নাই বাবা, তোমাক এৰি কেতিয়াও নাযাও।।
ভালপোৱাৰ এইবোৰেই ৰঙীন সুখ যাৰ বাবেই কোনোবা কাৰোবাৰ বাবে জীয়াই থকাৰ প্ৰেৰণা।।সময়ৰ গতিত যদিও কোনোবাই সেই ভালপোৱাক চিৰদিনৰ বাবে হেৰোৱাই পেলাইছে তথাপি হৃদয়ৰ এচুকত তেও সদায় সজিব।।
সময়ৰ সৈতে মানুহৰ মন সলনি যদিও জীৱনত এনেকোৱা এজন মানুহ থাকে যাক কেতিয়াও পাহৰিব পৰা নাযায়।।তেও যদিও হেৰাই তথাপি তেওৰ ভাব কল্পনাই কেতিয়াও লগ নেৰে।।…………
কোন মুহূৰ্তত তেওৰ প্ৰতি থকা ভালপোৱাৰ বতাহজাকে মনক জোকাৰি থৈ যায় গ'মেই পোৱা নাযায়।
শেষত ৰৈ যায়, তেওৰ স্মৃতিৰ মিছিকিয়া হাহিৰ এটি হুমূুনিয়াহ অাৰু বুজায় যায় যে তেও সদায় কশলে থাকক।।…………ধন্যবাদ

❤ভালপোৱাৰ পৰিণতি❤ .

 
.
-ল'ৰা জন কোন?
-মোৰ বান্ধৱীৰ বয়ফ্ৰেন্ড।
-তাৰ লগত ইমান সময় ধৰি কি কথা পাতি আছিলা?
-তেনেকুৱা বিশেষ একো নহয়।
-এয়া মোৰ প্ৰশ্নৰ উত্তৰ নহয় (ধমকিৰ সুৰত)
-আচৰিত ! তোমাক ভালপাওঁ বুলি কি মই বেলেগৰ লগত কথা পাতিব নোৱাৰিম!!!
-মই সেইটো কোৱা নাই তোমাক । মই মাত্র জানিব বিচাৰো যে তুমি হাঁহি-হাঁহি তাৰ লগত কি কথা পাতি আছিলা।
-তুমি মোক সন্দেহ কৰি আছা নেকি?
-ইয়াত সন্দেহৰ কি কথা আছে
মই মাত্ৰ জানিব হে বিচাৰিছো।
আৰু ইয়াৰ কাৰণ টো তুমি ভালদৰে জানা।
-তুমি মোক ভালপোৱা সেয়াইতো কাৰণ? মই তোমাক ভাল নাপাওঁ নেকি কোৱাচোন।
-উম!! পোৱা।
-তেন্তে ইমান জেৰা কিয় কৰা?
-তোমাক হেৰুৱাব নিবিচাৰো।
-চিন্তা নকৰিবা।মোৰ ওপৰত বিশ্বাস ৰাখিবা।মই তোমাৰ পৰা আতৰি নাযাওঁ।সদায় তোমাৰে হৈ থাকিম।
-হুম।

সেইদিনাৰ প্ৰতিশ্ৰুতি হৃদয়ৰ পৰা নাছিল ।
আৰু তাৰ ফলস্বৰূপেই আজি তৃষ্ণা ই বেলেগৰ হাতত ধৰি ভৱিষ্যতৰ সপোন ৰচিচে।
আৰু নিলয় ৰ কাৰণে ৰাখি গ'ল সীমাহীন কষ্টৰ পাহাৰ।
নিয়লৰ সিদিনাৰ সন্দেহ টো সচাঁ আছিল
হয় ল'ৰা জন তৃষ্ণা ৰ নতুন
বয়ফ্ৰেন্ড। আৰু এই সত্য টো নিলয়ে স্বীকাৰ কৰিবলৈ বহুদিন ছটফটাইছিল
এতিয়া আৰু তাৰ মনত কষ্ট নাই।
চিগাৰেটৰ ধোঁৱাৰ মাজেৰে সকলো কষ্ট উৰুৱাই দিয়ে নিলয়ে।
তৃষ্ণাৰ লগত নিলয়ৰ পৰিচয় হৈছিল কলেজীয়া জীৱনৰ শেষ সময়চোৱাত।
আৰু তেতিয়াৰ পৰাই এজনে আনজনৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল।
নিলয়ে প্ৰথমতে তাইক প্ৰপোজ কৰিছিল।
তৃষ্ণায়ো লগে লগে তাক সহাৰি জনাইছিল ।
সুদীৰ্ঘ দুবছৰ কাল পাৰ হৈ যোৱাৰ পিছতহে নিলয়ে তৃষ্ণা ৰ আচল ৰূপৰ কথা গ'ম পায়।আৰু তেতিয়াই সি তৃষ্ণা ৰ জীৱনৰ পৰা আতৰি যায়।
☞☞
ব্ৰেকআপৰ ছয় মাহ পাৰ হৈ যোৱাৰ পিছত আজি হঠাৎ নিলয়ৰ ম'বাইলত এটি অচিনাকি নম্বৰ ভাহি উঠিল ।
সি ফোনটো ৰিচিভ কৰিলে।
-হেল্ল!!!
-কেনে আছা?
-কোনে কৈছে
- চিনিব পৰা নাই নেকি?ইমান সোনকালে পাহৰি গ'লা নে?
- আপুনি পৰিচয় দিবনে নে ফোন কাটিম।
-মই তৃষ্ণা।এতিয়া চিনি পাইছা নে?
-অহ তুমি!! ইমানদিন পিছত কি ভাবি ফোন কৰিলানো?
-তোমাৰ লগত কালি দেখা কৰিব পাৰিমনে? সেই চিনাকি ঠাইখনিত।প্লীজ (কৰুণ কণ্ঠেৰে )
-কিয়?
-দেখা হলে কম দিয়া। প্লীজ মানা নকৰিবা।
অনিচ্ছা স্বত্বেও মান্তি হব লগা হল নিলয়ৰ।
সময়মতে চিনাকি ঠাইখনিত উপস্থিত হল নিলয়।
কিছু সময় পিছত তৃষ্ণায়ো ঠাইখনি পালেহি।
তৃষ্ণা ই প্ৰথমতে তাক সুধিলে
-কেনে আছা?
-বিন্দাচ আছো।( যদিও তাইৰ অবিহনে কষ্টত আছিল)
-কিন্তু মই যে কষ্টত আছো।
-সুখত থকাৰ বাবেই তো এৰি গৈছিলা মোক। এতিয়া ইমান কষ্ট কৰ পৰা আহিল জানিব পাৰোনে?
-মই ভুল কৰিছিলো । সঠিক মানুহজন চিনি ভুল হৈছিল মোৰ। মোক এবাৰ ক্ষমা কৰি দিয়া। আৰু এবাৰ সুযোগ দি চোৱা।
( নিলয়ৰ হাতত ধৰি উচুপি আছিল তাই)
- প্লীজ তুমি এইবোৰ অভিনয় বন্ধ কৰা।
-মই অভিনয় কৰা নাই নিলয়।
মোৰ চকুলৈ চোৱা। মই সচাকৈ কৈছো।
-তোমাৰ চকুৰ ভাষা তেতিয়া বুজি পোৱা নাছিলো ।
এতিয়া আকৌ কেনেকৈ বুজি পাম?
-প্লীজ মোক এবাৰ সুযোগ দিয়া।
-সুখৰ বাবে এবাৰ মোক এৰি থৈ গৈছিলা। আকৌ যে এৰি নোযোৱা তাৰ কি নিশ্চয়তা আছে?
তৃষ্ণাই উত্তৰ দিয়াৰ ভাষা বিচাৰি নাপালে ।
তৃষ্ণা ই বিশ্বাস ভাঙিলে নিলয়ৰ
আৰু ভাঙিলে অযুত স্বপ্ন ।
নিলয় তাৰ পৰা উঠি গুচি গ'ল
আৰু তৃষ্ণাই অশ্ৰুসিক্ত নয়নেৰে নিলয় যোৱা বাটৰ পিনে চাই থাকিল।
.
বিশ্বাস এনেকুৱাই।সহজে নাভাঙে।আৰু এবাৰ ভাঙিলে দ্বিতীয় বাৰ যোৰা নালাগে।

Tuesday, May 9, 2017

এজনি ছোৱালীৰ সৰু ভিডিঅ ক্লিপ

……এজনি ছোৱালীৰ সৰু ভিডিঅ ক্লিপ…………………
কিছুমানৰ বাবে হাহি হাহি চাই অানন্দ লাভ কৰা এজনি ছোৱালীৰ জীৱন
ধ্বংসৰ সৰু এটি"" এম এম এছ""।।
সম্পূৰ্ণ ভাবে নগ্ন তাই………কিয়………???
প্ৰেমৰ প্ৰমাণ সেইবোৰ তাইৰ,,,,কাৰোবাক হৃদয়ৰ সচা মৰমৰ প্ৰমাণ দিছে অাৰু
সাক্ষি হৈ অাছে মোবাইল।।…………………ঘৰৰ মানুহৰ অতি বিশ্বাসী
ছোৱালীজনিৰ শেষ পৰিণতি………।।
শেষত এজন প্ৰতাৰকৰ বলি হৈ সমস্ত হেৰুৱাই দাদাকলৈ চুইছাইড নোট
লিখি তাইৰ জীৱনৰ সামৰণি………………।
মৰমৰ দাদা…………
মৰম ল'বা বুলি কোৱাৰ অধিকাৰ হেৰুৱাইছো।………
মই
তোমাৰ, মা দেউতাৰ বিশ্বাস ৰাখিব নোৱাৰিলো………জীৱনৰ শেষ মুহুৰ্তত
অাজি অনুভব কৰিব পাৰিছো যে তুমি সদায় সচা কথা কৈছিলা ।
সকলো জীৱক চিনিব অাৰু বিশ্বাস কৰিব পাৰিবা,কিন্তু মানুহ হৈও তুমি
মানুহক কেতিয়াও চিনিব অাৰু বিশ্বাস কৰিব নোৱাৰা।।তুমি মোৰ দাদা
হ'লেও মোৰ বন্ধুৰ দৰে অাছিলা।সেই কথাষাৰ অাজিও মনত অাছে,তুমি
যে কৈছিলা প্ৰেম কেতিয়াবা হ'লে,তেওক তুমি মনে মনে ভালপাই
থাকিবা,তেওক পাবৰ বাবে মাত্ৰ এটা সৰু ইচ্ছাহে মনৰ মাজত সাচি
ৰাখিবা।।জীৱনত যেতিয়াই তুমি তোমাৰ ভালপোৱাৰ অাগত তোমাৰ
দূৰ্বলতা বোৰ প্ৰকাশ কৰিবা,সেই দিনটোৰ পৰাই তোমাক মাথো ব্যৱহাৰ কৰি
যাব।যান্ত্ৰণাত ককবকাই থকা দেখি হাহিব মনৰ মাজত সেইজন
ভালপোৱাই, গৰ্ব অনুভব কৰিব যে……চা চোন পাগলিজনিয়ে কেনেকৈ ভাল
পাই অাৰু মই পত্তাই নিদিও।।
কষ্টৰ ফল সকলোৰে মিঠা,,কিন্তু মই তোমালোকৰ কষ্টৰ ফল বহু তিতা কৰি
জীৱনৰ সামৰণি মেলিব লৈছো কাৰণ মই অাৰু মই কৰা ভুলৰ সমাধান বিচাৰি ওলিয়াব নোৱাৰিলো।……………অাপোনালোকৰ ত্যাগ,মৰম
ভালপোৱা ,কষ্টবোৰৰ ধাৰ এই জন্মত পৰিশোধ কৰিব নোৱাৰিলো।।পুণৰ জনম
যদি সচা ,মই ভগৱানৰ ওচৰত প্ৰাৰ্থণা কৰিম যাতে তোমাৰ ভন্টি হৈয়ে জন্ম
লাভ কৰো।।
অাগৰ দৰেই মা দেউতাৰ ওচৰত মোৰ ভুলবোৰ লুকুৱাইছিলা,পাৰিলে এইবাৰো
শেষবাৰৰ বাবে মোৰ ভুল লুকুৱাই মোক বিদায় জনাবা।।…………
ইতি………তোমাৰ ভন্টি………।।
……………………………এনেকৈ কিমান জনে কিমান জনি ভন্টিক,নিজৰ
ছোৱালীক হেৰুৱাব বাধ্য হৈছে,কোনোবাই অনুভব কৰিব পাৰেনে?
কিয় প্ৰেমৰ প্ৰমাণ দিব গৈ নিজৰ সমস্ত হেৰুৱাই পেলাব লগা হয় এজনি
ছোৱালীয়ে…………………
কি দৰকাৰ…………ভালপালে নিজৰ দৰে মানসিকতা মিলা জনৰ লগত হোৱা
উচিত,,নিজক তেওৰ চকুত অাইনাখনৰ দৰে অনুভব কৰিব পাৰিব লাগে…………
নহ'লে অাকৌ এনেধৰণৰ ছুইছাইদ নোটত সামৰিব লাগিব নিজৰ জীৱন।।অাজিৰ
পৃথিবী ভবাতকৈ বহু বেলেগ……ভালৰো ভাল অাৰু বেয়াটো বহু বেয়া।।
ধন্যবাদ……
<<বিকি কাশ্যপ>>((কাল্পনিক অনুভব))।

সাক্ষি হৈ অাছে মোবাইল।।…………………ঘৰৰ মানুহৰ অতি বিশ্বাসী
ছোৱালীজনিৰ শেষ পৰিণতি………।।
শেষত এজন প্ৰতাৰকৰ বলি হৈ সমস্ত হেৰুৱাই দাদাকলৈ চুইছাইড নোট
লিখি তাইৰ জীৱনৰ সামৰণি………………।
মৰমৰ দাদা…………
মৰম ল'বা বুলি কোৱাৰ অধিকাৰ হেৰুৱাইছো।………
মই
তোমাৰ, মা দেউতাৰ বিশ্বাস ৰাখিব নোৱাৰিলো………জীৱনৰ শেষ মুহুৰ্তত
অাজি অনুভব কৰিব পাৰিছো যে তুমি সদায় সচা কথা কৈছিলা ।
সকলো জীৱক চিনিব অাৰু বিশ্বাস কৰিব পাৰিবা,কিন্তু মানুহ হৈও তুমি
মানুহক কেতিয়াও চিনিব অাৰু বিশ্বাস কৰিব নোৱাৰা।।তুমি মোৰ দাদা
হ'লেও মোৰ বন্ধুৰ দৰে অাছিলা।সেই কথাষাৰ অাজিও মনত অাছে,তুমি
যে কৈছিলা প্ৰেম কেতিয়াবা হ'লে,তেওক তুমি মনে মনে ভালপাই
থাকিবা,তেওক পাবৰ বাবে মাত্ৰ এটা সৰু ইচ্ছাহে মনৰ মাজত সাচি
ৰাখিবা।।জীৱনত যেতিয়াই তুমি তোমাৰ ভালপোৱাৰ অাগত তোমাৰ
দূৰ্বলতা বোৰ প্ৰকাশ কৰিবা,সেই দিনটোৰ পৰাই তোমাক মাথো ব্যৱহাৰ কৰি
যাব।যান্ত্ৰণাত ককবকাই থকা দেখি হাহিব মনৰ মাজত সেইজন
ভালপোৱাই, গৰ্ব অনুভব কৰিব যে……চা চোন পাগলিজনিয়ে কেনেকৈ ভাল
পাই অাৰু মই পত্তাই নিদিও।।
কষ্টৰ ফল সকলোৰে মিঠা,,কিন্তু মই তোমালোকৰ কষ্টৰ ফল বহু তিতা কৰি
জীৱনৰ সামৰণি মেলিব লৈছো কাৰণ মই অাৰু মই কৰা ভুলৰ সমাধান বিচাৰি ওলিয়াব নোৱাৰিলো।……………অাপোনালোকৰ ত্যাগ,মৰম
ভালপোৱা ,কষ্টবোৰৰ ধাৰ এই জন্মত পৰিশোধ কৰিব নোৱাৰিলো।।পুণৰ জনম
যদি সচা ,মই ভগৱানৰ ওচৰত প্ৰাৰ্থণা কৰিম যাতে তোমাৰ ভন্টি হৈয়ে জন্ম
লাভ কৰো।।
অাগৰ দৰেই মা দেউতাৰ ওচৰত মোৰ ভুলবোৰ লুকুৱাইছিলা,পাৰিলে এইবাৰো
শেষবাৰৰ বাবে মোৰ ভুল লুকুৱাই মোক বিদায় জনাবা।।…………
ইতি………তোমাৰ ভন্টি………।।
……………………………এনেকৈ কিমান জনে কিমান জনি ভন্টিক,নিজৰ
ছোৱালীক হেৰুৱাব বাধ্য হৈছে,কোনোবাই অনুভব কৰিব পাৰেনে?
কিয় প্ৰেমৰ প্ৰমাণ দিব গৈ নিজৰ সমস্ত হেৰুৱাই পেলাব লগা হয় এজনি
ছোৱালীয়ে…………………
কি দৰকাৰ…………ভালপালে নিজৰ দৰে মানসিকতা মিলা জনৰ লগত হোৱা
উচিত,,নিজক তেওৰ চকুত অাইনাখনৰ দৰে অনুভব কৰিব পাৰিব লাগে…………
নহ'লে অাকৌ এনেধৰণৰ ছুইছাইদ নোটত সামৰিব লাগিব নিজৰ জীৱন।।অাজিৰ
পৃথিবী ভবাতকৈ বহু বেলেগ……ভালৰো ভাল অাৰু বেয়াটো বহু বেয়া।।
ধন্যবাদ……
<<বিকি কাশ্যপ>>((কাল্পনিক অনুভব))।

ভালপোৱাৰ কথাৰে…

সম্পৰ্ক এটা অাৰম্ভ হৈ, শেষ পৰিণতি কি হ'ব তাৰ অনুমান তেতিয়াই কৰিব পাৰি,যেতিয়া তেওৰ সৈতে দূৰত্ব বোৰ লাহে লাহে বেছি হ'ব অাৰম্ভ কৰিব।।
কথাবোৰৰ মাজত সন্দেহে যেতিয়া অাগুৰি ধৰিব,তোমাৰ কথাবোৰৰ মূল্য যেতিয়া শূণ্য হ'ব,লাহে লাহে যেতিয়া তুমি বেয়া পোৱা কামবোৰক সেই অাপোন জনে অাদৰি ল'ব তেতিয়াই জানিবা যে তুমি তেওৰ হৃদয়ৰ পৰা লাহে লাহে নাইকিয়া হ'ব ধৰিছা।।
জীৱনৰ সেই ক্ষণবোৰেই বৰ ভয়ানক যেতিয়া তুমি জানি বা বুজি উঠিবা যে তোমাৰ মূল্যবান সম্পত্তি তোমাৰ পৰা বহু দূৰলৈ গুছি যাব।
সেইসময়ত জীৱনত পোৱা বোৰৰ পৰাও অসন্তুষ্টি লাভ কৰা যায়…………য'ত বাৰে বাৰে মনৰ মাজেৰে বৈ অাহে বিষাদৰ সেই মুহূৰ্ত।।
জীৱনত ডাঙৰ অাৰু পাহৰিব নোৱাৰা দুখ সেইকেইজনেই বেছি দিয়ে…………যাক তুমি কেতিয়াও নিজৰ পৰা অাতৰাই পেলাব নোৱাৰা………কিন্তু তেও অাতৰি যায়।।
সেইজন অাপোন যিজনে শিকাইছিল ভালপোৱা,বিশ্বাস………কিন্তু তেওৱেই সেইবোৰক অসন্মান জনাই অাতৰি যায়।।
যাৰ অনুভূতিত শিকিছিলো ভালপোৱাৰ সমান সুখ একোৱেই নাই অাৰু অাজি তেওৰেই অনুভূতিত শিকিলো যে ভালপোৱাৰ সমান কষ্টও একো নাই।।
চিনাকীত কৈ অচিনাকী বোৰেই ভাল যি জনৰ পৰা অন্তত কেতিয়াও নোপোৱা বিশ্বাসঘাট কিম্বা হেৰুৱাৰ যান্ত্ৰণা।।………
তথাপি জীৱন………পাই হেৰুৱাৰ দুখ সকলো মানুহৰেই একেই,,কোনোবাই কান্দি তাক কমাবৰ চেষ্টা কৰে অাৰু কোনোবাই হাহি হাহি তাৰ সৈতে যুদ্ধ দিয়ে।।
যদিও বৰ্তমান তেওৰ অৱিহনে জীৱন শূণ্য তথাপি শেষ হৈ যোৱা নাই…………সেইসকল প্ৰতাৰিত ব্যক্তিৰ জীৱন তেতিয়াই অাকৌ নতুন ৰূপ ল'ৱ যেতিয়া তেওক দেখোৱাব অাৰু ক'ৱ পাৰিব যে…………ঐ মোৰ অাপোন সেইজন,মোৰ দূৰ্বলতাৰ সুযুগ লৈ অাতৰি যোৱাতো সেই সময়ত তোমাৰ সঠিক সীদ্ধান্ত নাছিল।।যদিও তোমাৰ মনত মই একো নহয়………হয়টো নাই মোৰ অানতকৈ ধুনীয়া হ'ৱ পৰা ক্ষমতা,হয়টো নাই টকাৰে বিলাসিকতাক কিনাৰ সামৰ্থ,তথাপি am something......ধন্যবাদ।।

সম্পৰ্ক

সম্পৰ্ক এটা ভগাৰ অাগত মানুহে কেতিয়াও ভাবি নাচায় যে,সেই সম্পৰ্কটো চিগি গ'লে কোনোবাই দুখ পাব।।………মাত্ৰ ভগাজনে নিজৰ লাভ বিচাৰি সেইজনৰ পৰা অাতৰি গুছি যায়।
সকলোতকৈ শক্তিশালী ব্যক্তি হ'লেও অাপোন কোনোবাৰ প্ৰতাৰণাই ক্ষন্তেকৰ কাৰণে হ'লেও হৃদয়খনক কপাই যায়।।
তেওৰ কি প্ৰয়োজন,কিহৰ অভাবত সেই অাপোন জনে কাৰোবাক অকলশৰিয়া কৰি এৰি গুছি যায়,,এটা সময়ত সেই অাপোনজনেই সকলোতকৈ ভাল অাছিল,বিশ্বাসৰ অাছিল,যাক সপোন দেখিব বাধ্য কৰাইছিল……………শেষ মুহূৰ্তত তেওৱেই অবহেলা কৰি অাতৰি গুছি যায়।।
কিছু সংখ্যক মানুহৰ নজনাকৈয়ে জীৱন শেষ হৈ যায়…………অাৰু সেইজন প্ৰতাৰণা হোৱা মানুহে সেই সময়ৰ যান্ত্ৰণাৰ প্ৰশ্নৰ উত্তৰ নিজৰ মাজতেই হেৰাই পেলায়…………চকু পানী বোৰক উত্তৰ দিবও দুমোজাত পৰি যায় যে সেই সময়ত তেও সলনি হৈছিল নে নিজে সলনি হৈ কষ্ট পাব লগা হৈছিল।।
এই জীৱন যাত্ৰাতেই মানুহে বহুত শিকে………সময়ৰ গতিত সকলোকে বুজায় যে সময়ত কৈ শক্তিশালী কোনো নাই।।
তেওৰ মনৰ মাজত যদিও অান কোনোবাই ঠাই লৈছে তথাপি সেই এৰি অহা অাপোন জনৰ দৰে অানে কেতিয়াও ভাল পাব নোৱাৰে।…………প্ৰমাণ যদি বিচৰা বুজিব চেষ্টা কৰা তেওৰ মনৰ সেই বিষাদ…………যিজন/যিজনিয়ে অাজিও সেই প্ৰতাৰক জনৰ লগতেই সপোন দেখে।।
যদিও চিৰসত্য তেও ওভতি নাহে…………তথাপি অাজিও তেওৰেই স্মৃতিৰ হুমুনিয়াহ…………।।
যদিও সেই প্ৰতাৰকৰ বাবে বিশ্বাসঘাট এটি তেওৰ মনৰ অহংকাৰ…………হয়টো সেই অাপোন জনৰ বহু ভালপোৱাক অৱহেলা কৰাৰ গৰ্ব …………কিন্তু তেও নাজানে যে সময়ে কাৰো গৰ্ব অহংকাৰক বেছি দিনলৈ চাই নাথাকে……………সেই টাইটানিকৰ দৰেই সকলো গৰ্ব অহংকাৰক ভাগি চিগি সোমাই লৈ যাব গভীৰ অাটলান্টিকৰ বুকুত।।।ধন্যবাদ……………

true view

মানুহে মানুহক বেয়া পোৱাৰ কাৰণ বিচাৰিব গ'লে বহুত…………………
সমাজত কিছু সংখ্যক এনেধৰণৰ মানুহ অাছে বা তোমাৰ বন্ধু অাছে,যিজনে তোমাক বহুত ভাল পায় কিন্তু তোমাৰ ভাল হোৱাটো কেতিয়াও কামনা নকৰে।।তেওলোকৰ ভালপোৱাত সদায় স্বাৰ্থ লুকাই থাকে……………য'ত তেওৰ লাভৰ বাবেহে তোমাক ভাল পায়।।…………
কিছু সংখ্যক এনে ধৰণৰ মানুহ অাছে,যিজনক জনপ্ৰিয়তাৰ প্ৰয়োজন,অৰ্থাৎ তেওৰ জনপ্ৰিয়তা লাভ কৰিব তোমাৰ বদনাম কৰিব অাৰম্ভ কৰে তোমাক অাপোন বা তোমাক ভাল বুলি জনা মানুহৰ অাগত…………অৰ্থাৎ এনে কিছুমান তোমাৰ চৰিত্ৰ অংকণ কৰিব যি নেকি চৰিত্ৰ তোমাৰ নাইয়েই……………সেইবোৰ বন্ধু হওক বা অইন কোনোবা হওক সমাজ তথা তুমি অাৰু তোমাৰ অাপোনজনৰ বাবে অতি ভয়ানক……((চাইলেন কীলাৰ))
কিছু সংখ্যক এনে মানুহকো লগ পাবা যিজনক দেখিলেই খং বা বেয়া পোৱা যায়………যিজনৰ মূখমণ্ডলত ফুটি উঠে তেওলোকৰ চৰিত্ৰ………কিন্তু তেনে মানুহ কিমান বেয়া বা তোমাৰ ধাৰণা কিমান শুদ্ধ তাৰ প্ৰমাণ তুমি নিজেও দিব নোৱাৰা………তেনে মানুহ কিছুমানে অাকৌ জীৱনত ওলোটাকৈ তোমাৰ উপকাৰ তথা সমাজৰ উপকাৰ কৰি গুছি যায়।
চিনাকী অচিনাকীবোৰৰ মাজতেই জীৱন শেষ হৈ যায়…………কিছু সংখ্যকৰ চিনাকী শেষত অচিনাকী হৈ যায় অাৰু কিছু সংখ্যকৰ অচিনাকীয়েই শেষত বহু চিনাকী অাপোন হৈ যায়।।………বহু ধৰণৰ মানুহৰ মাজত সেইজনেই বহু উপকাৰ কৰে জীৱনত, যিজনে তিতা তিতা কথা কৈ তোমাৰ বেয়া গুণবোৰক অাতৰাই পেলাই।।
যদিও জীৱনত মানুহ হৈও মানুহ চিনি পোৱা টান তথাপি নিজৰ বোৰ সদায় নিজৰ………নিজৰ গাও,নিজৰ ঘৰখন বৰ অাপোন।।…………
লগতে অাৰু এজন মানুহৰ কথা ক'ৱ ৰৈ গ'ল…………… তোমাৰ জীৱনত এনে অাৰু এজন/এজনি মানুহ লগ পাবা,যিজনক তুমি কেতিয়াও নিজৰ কৰিব নোৱাৰা……………যাৰ পৰা তুমি সদায় কষ্ট অাৰু যান্ত্ৰণাই পাবা,, তথাপি কিন্তু তেওক বহুত ভালেই পাবা অাৰু কেতিয়াও পাহৰি যাব নোৱাৰা।।………
শেষত মানুহ হৈ মানুহৰ দৰে জীয়াই থাকিলেই হ'ল সকলো………বান্দৰৰ পৰা যদিও মানুহৰ সৃষ্টি…………তথাপি মানুহ হৈ বান্দৰামি কৰাটো বহুত বেয়া।।জীৱনত সকলোকেই মানি বা সন্মান কৰি চলা উচিত……… সকলোৰে শুণা আৰু সকলোৰে পৰা শিকা,সকলো মানুহে যদিও সকলো নাজানে,কিন্তু সকলো মানুহেই কিৱা নহয় কিৱা জানে।।ধন্যবাদ…………