শহুৰৰ ঘৰৰ সেই প্ৰথম পুৱা মোৰ আজিও মনত আছে, কিমান খৰধৰকৈ ৰাতিপুৱাই সোনকালে উঠা ঘৰৰ কাম কাজ কৰা, ইমান পৰবৰ্তন ।
যেনে ১টি মুক্ত আকাশত উৰি ফুৰা পক্ষীক সজাত বন্দী কৰি ৰাখিলে সোনৰ দানা দেখোৱাই ।
প্ৰথম প্ৰথম কেইদিনমান ঠিকেই গ'ল আমি বাহিৰত ফুৰিবলৈ গৈছিলো কিন্তু তাৰ পাছত মই অনুভৱ কৰিলো মই এইখন ঘৰৰ বোৱাৰী হয় জীয়ৰী নহয়।
যেতিয়া আমি ঘুৰি আহিলো তেতিয়া শাহুমাৰ চকুত মৰমতো দেখিলো কিন্তু মোৰ প্ৰতি নহয় কেৱল তেখেতৰ পুত্ৰৰ প্ৰতিহে, ভাবিলো নতুন নতুন হয় সেইবাবে বুজাবুজি হবলৈ অলপ সময় লাগিব কিন্তু সময়ে সকলো উত্তৰ দি গ'ল।
বুজিলো মই এগৰাকী বোৱাৰী হয় কিছুমান নিয়ম কানুন মই মানিব লাগিব যেনে লাহেকৈ হঁহা লাহে লাহে কথা পতা সকলোৰে খোৱাৰ পাছত খাবলৈ বহা কিছুদিনৰ পাছত যেন এইবোৰ অভ্যাস আপোনা আপোনি আহিবলৈ ধৰিলে মোৰ মাজত।
যেতিয়া মোৰ মা দেউতালৈ মনত পৰি ঘৰলৈ যোৱাৰ কথা কলো তেতিয়া কলে এটিয়া নহয় কিছুদিনৰ পাছত যাবা।
যিজন স্বামীদেৱে মোৰ মা দেউতাক কৈছিল উচৰতেই তো থাকিব যেতিয়াই মন যায় তেতিয়াই পঠাই দিম আপোনাৰ ছোৱালীক কিন্তু এটিয়া তেখেতৰো সুৰ বদলি হ'ল।
লাহে লাহে বুজিলো বিবাহ কোনো খেল নহয় বিবাহে কেৱল ঘৰখনেই সলনি নকৰে বিবাহে গুটেই জীৱনতোয়ে সলনি কৰি পেলায়।
আপোনি এটিয়া আপোনাৰ ইচ্চা অনুযায়ী মা দেউতাৰ উচৰলৈ যাব নোৱাৰে যিমান মনত পৰিলেও মনৰ দুখ মনতে চেপি ৰাখিব লাগিব।
ঘৰৰ সেই চিঞৰ বাখৰ কৰি হঁহা, জুঠা হাতেৰেই কিবা বস্তু তুলি খোৱা যেতইয়াই মন তেতিয়াই শুৱা নিজৰ মতে ফুৰাচকা কৰা সকলো যে এটিয়া স্মৃতি হৈ ৰ'ল।
দেউতাই কোৱা সেই কথাবোৰ যে মই দেউতাৰ ল'ৰা হয় ছোৱালী নহয় কিন্তু আজিজে দেউতাৰ সেই কথাটো আত্মবিস্বাস সকলো যেন মিছা হৈ ৰ'ল সত্যৰ সন্মুখত, মোক কেতইয়াও অনুভৱ হবলৈ দিয়া নাছিল মই যে ছোৱালী হয় কিন্তু আজি দেউতাই মানি ল'লে মই যে দেউতাৰ ল'ৰা নহয়।
মাৰ চিন্তা আছিল মোৰ ছোৱালীয়ে নিজেই কেতিয়াও একগ্লাছ পানী লৈ খাই নাপালে এটিয়া ইমান দাঙৰ পৰিয়ালৰ দায়িত্ব কিদৰে পালন কৰিব?
এটিয়া মই বুজি পাইছো তেওঁলোকৰ কন্দাৰ অৰ্থ কি আছিল, আমাৰ সমাজৰ নিয়মেই হয় ১বাৰ যি ছোৱালী বিয়া হৈ উলাই আহে তেওঁ নিজৰ ঘৰখনতো কেৱল আলহী হৈ হে ৰয়।
মই আহিবৰ সময়ত সকলোয়ে কেৱল এইটো কাৰনেই কন্দা নাছিল যে মই তেওঁলোকৰ পৰা দূৰ হৈ আহিছো তেওঁলোকে জানিছিল আজিৰ পৰা যে মই বন্দী এটিয়া মই বুজিব পাৰিছো।
এট
No comments:
Post a Comment