Tuesday, November 19, 2019

মূৰ কটা(আমাৰ তেতিয়াৰ মুখত মুকতা বুলি উলাইছিল)

সু-প্ৰভাত🙏মোৰ বাল্যকালৰ হাঁহি উঠা ঘটনা এটাক ক'ব উলাইছো দেই নিজৰ বুলি😜️পুৱাই পুৱাই😬মাজে মাজে মনত পৰিলে অকলে হাঁহো😂
   
               মূৰ কটা(আমাৰ তেতিয়াৰ মুখত মুকতা বুলি উলাইছিল)

সৰুতে এদিন মই আৰু মোৰ এপাদেউ/জেঠাইৰ ছোৱালী জনী লগ লাগি আইতাৰ বিচনাত আইতা নথকাত কি বিচাৰি তহিলং কৰিলোঁ ঠিক নাই৷যেতিয়া আইতা ঘৰত আহিল আমি দুজনী পলাই পত্ৰং দিলো বকিব বুলি৷পথাৰ খন ওচৰত আচিল কাৰণে সজাল ধৰা ধাননিৰ মাজতে লুকাই আছো৷তেনেতে ভাইটি এটাই দেখিল নহয়😬তাক ক'লো আমি ইয়াত আছো বুলি আইতাক নকবি৷সি ক'লে/নক'লে নাজানো৷কিন্তূ আমি আইতাক কেনেবাকৈ দেখি আমাকে খেদি আহিছে বুলি আৰু অলপ দূৰলৈ পলালো৷তেনেকৈ থাকোঁতে আহি পালেহি নহয় স্কুলৰপৰা মোৰ মা৷(মোৰ মা এগৰাকী শিক্ষয়িত্ৰী)😵কৃষ্ণক চিন্তি পথাৰেদিয়ে গৈ মানুহ এঘৰত পালোগৈ৷ তাত বহিলোঁ চাহ দিলে ইফালে আমাৰ ভয়ত টেটুৰ পৰা চাহ পাৰেই নোহোৱা হ'ল😱৷ঘৰ যাওঁ বুলি ওলায় আহিছো তেনেতে সন্ধিয়াৰ চকামকা পোহৰত মাক জপনাৰ মুখৰ পৰাই দেখিব পালো৷আমাকে বিচাৰি আছিল৷ দেখাৰ লগে লগে আকৌ দিলো দৌৰ মানুহ ঘৰলৈ ইফালে আন্ধাৰো হৈ আহিল৷যেনতেনে লুকাই চুৰকৈ কোনেও ক'ব নোৱাৰাকৈ ঘৰৰে বিচনা এখনৰ তলত সোমাই দুইজনীয়ে ভাবি আছো কি বুলি কৈ ওলাই যাম এতিয়া৷শেষত মোৰে মনত মা হতেঁ কোৱা মূ কটালৈ মনত পৰিল৷আমি যেনিতেনি নাযাব কাৰণে ছাগে ভয় খুৱাইছিল মূ কটাই লৈ যাব৷বিচনা তলৰ পৰা উলায় আহি ক'বলৈহে পালো, নিজৰ বুলি "অ' মা আমাক কিবা মূ কটা এটাই লৈ গৈছিল😁😁কৃষ্ণ প্ৰভু যিটোহে কালি গোসাঁনী ৰূপ ল'লে অ' কোব কেইচাত আজিও মনত আছে😏সেইদিনা পেহী-পেহা আহিছিল কাৰণে কোব খাই বেহুচ হোৱাৰ পৰা বাছিলো😁😜️😝

No comments:

Post a Comment