Thursday, July 30, 2020

Men will be men

বাছ ষ্টেণ্ডত ছোৱালী এজনীয়ে ধুনীয়া চেহেৰাৰ ল'ৰা এজনক দেখি ভীষণ আকৃষ্ট হ'ল আৰু ক'ব নোৱাৰাকৈ ল'ৰাজনৰ কাষলৈ গৈ কৈ পেলালে —
   " I LOVE YOU. "
ল'ৰাজনে শান্তভাৱে ছোৱালীজনীৰ উৰ্ণাখন তাইৰ মূৰত লাহেকৈ দি ক'লে "
"ৰাম নাম জ্বপ কৰা , সংসাৰত 
এইবোৰ প্ৰেম পিৰীতি তেনেই অমূলক বস্তু , পিছে তাত তোমাৰ দোষ নাই, ৰ'বা এই কাগজডোখৰত মই গায়ত্ৰী মন্ত্ৰ লিখি দিম , ঘৰলৈ গৈ একাত্ম হৈ পঢ়িবা, মনলৈ শান্তি আহিব "
ল'ৰাজনে কাগজডোখৰত লিখি ছোৱালীজনীৰ হাতত দিলে আৰু বাছ অহাত  উঠি গুছি গ'ল।
লাজতে ছোৱালীজনী কিছুপৰ থৰ লাগি ৰ'ল। সম্বিত অহাত তাই কাগজটুকুৰা খুলি চালে , তাত লিখা আছে " এতিয়াই মাৰিলাহেতেন , পিছফালে মোৰ শ্ৰীমতী ঠিয় হৈ আছিল, তলত মোৰ ম'বাইল নম্বৰটো লিখি দিছো, চেভ কৰি থ'বা, ফোনত কথা পাতিম হাঁ, অ' আৰু  শুনা ….I LOVE U 2 "
moral: Men will be men😜😉😀

No comments:

Post a Comment