Tuesday, May 9, 2017

ভালপোৱাৰ কথাৰে…

সম্পৰ্ক এটা অাৰম্ভ হৈ, শেষ পৰিণতি কি হ'ব তাৰ অনুমান তেতিয়াই কৰিব পাৰি,যেতিয়া তেওৰ সৈতে দূৰত্ব বোৰ লাহে লাহে বেছি হ'ব অাৰম্ভ কৰিব।।
কথাবোৰৰ মাজত সন্দেহে যেতিয়া অাগুৰি ধৰিব,তোমাৰ কথাবোৰৰ মূল্য যেতিয়া শূণ্য হ'ব,লাহে লাহে যেতিয়া তুমি বেয়া পোৱা কামবোৰক সেই অাপোন জনে অাদৰি ল'ব তেতিয়াই জানিবা যে তুমি তেওৰ হৃদয়ৰ পৰা লাহে লাহে নাইকিয়া হ'ব ধৰিছা।।
জীৱনৰ সেই ক্ষণবোৰেই বৰ ভয়ানক যেতিয়া তুমি জানি বা বুজি উঠিবা যে তোমাৰ মূল্যবান সম্পত্তি তোমাৰ পৰা বহু দূৰলৈ গুছি যাব।
সেইসময়ত জীৱনত পোৱা বোৰৰ পৰাও অসন্তুষ্টি লাভ কৰা যায়…………য'ত বাৰে বাৰে মনৰ মাজেৰে বৈ অাহে বিষাদৰ সেই মুহূৰ্ত।।
জীৱনত ডাঙৰ অাৰু পাহৰিব নোৱাৰা দুখ সেইকেইজনেই বেছি দিয়ে…………যাক তুমি কেতিয়াও নিজৰ পৰা অাতৰাই পেলাব নোৱাৰা………কিন্তু তেও অাতৰি যায়।।
সেইজন অাপোন যিজনে শিকাইছিল ভালপোৱা,বিশ্বাস………কিন্তু তেওৱেই সেইবোৰক অসন্মান জনাই অাতৰি যায়।।
যাৰ অনুভূতিত শিকিছিলো ভালপোৱাৰ সমান সুখ একোৱেই নাই অাৰু অাজি তেওৰেই অনুভূতিত শিকিলো যে ভালপোৱাৰ সমান কষ্টও একো নাই।।
চিনাকীত কৈ অচিনাকী বোৰেই ভাল যি জনৰ পৰা অন্তত কেতিয়াও নোপোৱা বিশ্বাসঘাট কিম্বা হেৰুৱাৰ যান্ত্ৰণা।।………
তথাপি জীৱন………পাই হেৰুৱাৰ দুখ সকলো মানুহৰেই একেই,,কোনোবাই কান্দি তাক কমাবৰ চেষ্টা কৰে অাৰু কোনোবাই হাহি হাহি তাৰ সৈতে যুদ্ধ দিয়ে।।
যদিও বৰ্তমান তেওৰ অৱিহনে জীৱন শূণ্য তথাপি শেষ হৈ যোৱা নাই…………সেইসকল প্ৰতাৰিত ব্যক্তিৰ জীৱন তেতিয়াই অাকৌ নতুন ৰূপ ল'ৱ যেতিয়া তেওক দেখোৱাব অাৰু ক'ৱ পাৰিব যে…………ঐ মোৰ অাপোন সেইজন,মোৰ দূৰ্বলতাৰ সুযুগ লৈ অাতৰি যোৱাতো সেই সময়ত তোমাৰ সঠিক সীদ্ধান্ত নাছিল।।যদিও তোমাৰ মনত মই একো নহয়………হয়টো নাই মোৰ অানতকৈ ধুনীয়া হ'ৱ পৰা ক্ষমতা,হয়টো নাই টকাৰে বিলাসিকতাক কিনাৰ সামৰ্থ,তথাপি am something......ধন্যবাদ।।

সম্পৰ্ক

সম্পৰ্ক এটা ভগাৰ অাগত মানুহে কেতিয়াও ভাবি নাচায় যে,সেই সম্পৰ্কটো চিগি গ'লে কোনোবাই দুখ পাব।।………মাত্ৰ ভগাজনে নিজৰ লাভ বিচাৰি সেইজনৰ পৰা অাতৰি গুছি যায়।
সকলোতকৈ শক্তিশালী ব্যক্তি হ'লেও অাপোন কোনোবাৰ প্ৰতাৰণাই ক্ষন্তেকৰ কাৰণে হ'লেও হৃদয়খনক কপাই যায়।।
তেওৰ কি প্ৰয়োজন,কিহৰ অভাবত সেই অাপোন জনে কাৰোবাক অকলশৰিয়া কৰি এৰি গুছি যায়,,এটা সময়ত সেই অাপোনজনেই সকলোতকৈ ভাল অাছিল,বিশ্বাসৰ অাছিল,যাক সপোন দেখিব বাধ্য কৰাইছিল……………শেষ মুহূৰ্তত তেওৱেই অবহেলা কৰি অাতৰি গুছি যায়।।
কিছু সংখ্যক মানুহৰ নজনাকৈয়ে জীৱন শেষ হৈ যায়…………অাৰু সেইজন প্ৰতাৰণা হোৱা মানুহে সেই সময়ৰ যান্ত্ৰণাৰ প্ৰশ্নৰ উত্তৰ নিজৰ মাজতেই হেৰাই পেলায়…………চকু পানী বোৰক উত্তৰ দিবও দুমোজাত পৰি যায় যে সেই সময়ত তেও সলনি হৈছিল নে নিজে সলনি হৈ কষ্ট পাব লগা হৈছিল।।
এই জীৱন যাত্ৰাতেই মানুহে বহুত শিকে………সময়ৰ গতিত সকলোকে বুজায় যে সময়ত কৈ শক্তিশালী কোনো নাই।।
তেওৰ মনৰ মাজত যদিও অান কোনোবাই ঠাই লৈছে তথাপি সেই এৰি অহা অাপোন জনৰ দৰে অানে কেতিয়াও ভাল পাব নোৱাৰে।…………প্ৰমাণ যদি বিচৰা বুজিব চেষ্টা কৰা তেওৰ মনৰ সেই বিষাদ…………যিজন/যিজনিয়ে অাজিও সেই প্ৰতাৰক জনৰ লগতেই সপোন দেখে।।
যদিও চিৰসত্য তেও ওভতি নাহে…………তথাপি অাজিও তেওৰেই স্মৃতিৰ হুমুনিয়াহ…………।।
যদিও সেই প্ৰতাৰকৰ বাবে বিশ্বাসঘাট এটি তেওৰ মনৰ অহংকাৰ…………হয়টো সেই অাপোন জনৰ বহু ভালপোৱাক অৱহেলা কৰাৰ গৰ্ব …………কিন্তু তেও নাজানে যে সময়ে কাৰো গৰ্ব অহংকাৰক বেছি দিনলৈ চাই নাথাকে……………সেই টাইটানিকৰ দৰেই সকলো গৰ্ব অহংকাৰক ভাগি চিগি সোমাই লৈ যাব গভীৰ অাটলান্টিকৰ বুকুত।।।ধন্যবাদ……………

true view

মানুহে মানুহক বেয়া পোৱাৰ কাৰণ বিচাৰিব গ'লে বহুত…………………
সমাজত কিছু সংখ্যক এনেধৰণৰ মানুহ অাছে বা তোমাৰ বন্ধু অাছে,যিজনে তোমাক বহুত ভাল পায় কিন্তু তোমাৰ ভাল হোৱাটো কেতিয়াও কামনা নকৰে।।তেওলোকৰ ভালপোৱাত সদায় স্বাৰ্থ লুকাই থাকে……………য'ত তেওৰ লাভৰ বাবেহে তোমাক ভাল পায়।।…………
কিছু সংখ্যক এনে ধৰণৰ মানুহ অাছে,যিজনক জনপ্ৰিয়তাৰ প্ৰয়োজন,অৰ্থাৎ তেওৰ জনপ্ৰিয়তা লাভ কৰিব তোমাৰ বদনাম কৰিব অাৰম্ভ কৰে তোমাক অাপোন বা তোমাক ভাল বুলি জনা মানুহৰ অাগত…………অৰ্থাৎ এনে কিছুমান তোমাৰ চৰিত্ৰ অংকণ কৰিব যি নেকি চৰিত্ৰ তোমাৰ নাইয়েই……………সেইবোৰ বন্ধু হওক বা অইন কোনোবা হওক সমাজ তথা তুমি অাৰু তোমাৰ অাপোনজনৰ বাবে অতি ভয়ানক……((চাইলেন কীলাৰ))
কিছু সংখ্যক এনে মানুহকো লগ পাবা যিজনক দেখিলেই খং বা বেয়া পোৱা যায়………যিজনৰ মূখমণ্ডলত ফুটি উঠে তেওলোকৰ চৰিত্ৰ………কিন্তু তেনে মানুহ কিমান বেয়া বা তোমাৰ ধাৰণা কিমান শুদ্ধ তাৰ প্ৰমাণ তুমি নিজেও দিব নোৱাৰা………তেনে মানুহ কিছুমানে অাকৌ জীৱনত ওলোটাকৈ তোমাৰ উপকাৰ তথা সমাজৰ উপকাৰ কৰি গুছি যায়।
চিনাকী অচিনাকীবোৰৰ মাজতেই জীৱন শেষ হৈ যায়…………কিছু সংখ্যকৰ চিনাকী শেষত অচিনাকী হৈ যায় অাৰু কিছু সংখ্যকৰ অচিনাকীয়েই শেষত বহু চিনাকী অাপোন হৈ যায়।।………বহু ধৰণৰ মানুহৰ মাজত সেইজনেই বহু উপকাৰ কৰে জীৱনত, যিজনে তিতা তিতা কথা কৈ তোমাৰ বেয়া গুণবোৰক অাতৰাই পেলাই।।
যদিও জীৱনত মানুহ হৈও মানুহ চিনি পোৱা টান তথাপি নিজৰ বোৰ সদায় নিজৰ………নিজৰ গাও,নিজৰ ঘৰখন বৰ অাপোন।।…………
লগতে অাৰু এজন মানুহৰ কথা ক'ৱ ৰৈ গ'ল…………… তোমাৰ জীৱনত এনে অাৰু এজন/এজনি মানুহ লগ পাবা,যিজনক তুমি কেতিয়াও নিজৰ কৰিব নোৱাৰা……………যাৰ পৰা তুমি সদায় কষ্ট অাৰু যান্ত্ৰণাই পাবা,, তথাপি কিন্তু তেওক বহুত ভালেই পাবা অাৰু কেতিয়াও পাহৰি যাব নোৱাৰা।।………
শেষত মানুহ হৈ মানুহৰ দৰে জীয়াই থাকিলেই হ'ল সকলো………বান্দৰৰ পৰা যদিও মানুহৰ সৃষ্টি…………তথাপি মানুহ হৈ বান্দৰামি কৰাটো বহুত বেয়া।।জীৱনত সকলোকেই মানি বা সন্মান কৰি চলা উচিত……… সকলোৰে শুণা আৰু সকলোৰে পৰা শিকা,সকলো মানুহে যদিও সকলো নাজানে,কিন্তু সকলো মানুহেই কিৱা নহয় কিৱা জানে।।ধন্যবাদ…………

শ্ৰমিক (গল্প) ছাবিৰ আহমেদ



আজি শ্ৰমিক দিৱস সেয়ে অফিচ বন্ধ। সদায় ৰাতিপুৱা ৬ টা বজাত টোপনিৰ পৰা উঠো, কিন্তু আজি এক ঘণ্টা দেৰিকৈ উঠিলো। টোপনিৰ পৰা উঠি ফ্ৰেশ্ব হৈ নিজেই ব্ৰেকফাষ্ট ৰেডী কৰিব গ'লো। ব্ৰেকফাষ্ট বনোৱা তো এতিয়া একেবাৰে সহজ! দোকানত ৰেডিমেড ৰুটি পোৱা যায়, ভাজিব লাগে মাথোঁ। ব্ৰেকফাষ্ট ৰেডী নহওঁতেই তাই টোপনিৰ পৰা সাৰ পালে...(তাই মানে মোৰ পত্নী)। পাকঘৰত সোমাই মোক ব্ৰেকফাষ্ট বনাই থকা দেখি চকুকেইটা ৰঙা কৰি এনেকৈ চালে যেন মোক খাই দিব।
--- তুমি ব্ৰেকফাষ্ট বনাই আছা?
মই হাঁহি হাঁহি ক'লো
--- পেটত বহুত ভোক লাগি আছিল। তুমি টোপনি মাৰি আছিলা সেয়ে তোমাক মাতা নাই।
--- টোপনি মাৰি আছিলো তাতে কি হ'ল? মাতি দিব পৰা নাই ?
--- ইমান খং কৰিছা কিয়?
--- পত্নী জীয়াই থাকোঁতে স্বামীয়ে ৰন্ধা বঢ়া কাম কৰিব, এইটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। মই মৰিলে তাৰপিছত নিজৰ ইচ্ছামতে ৰন্ধা বঢ়া কৰিবা।
--- কি যে নহয়! যি মুখত আহিছে তাকে বলকি আছা! আজি শ্ৰমিক দিৱস সেয়ে ভাবিলোঁ তোমাক অলপ সহায় কৰোঁ।
--- তোমাৰ গাৰ ৰং এনেওঁ ক'লা! দেখি এনেকুৱা লাগে যেন 'কয়লা শ্ৰমিক।' জুইৰ ওচৰত গ'লে তো আৰু ক'লা হ'বা।
--- হাঃ হাঃ হাঃ.... কি যে কোৱা নহয় তুমি। যোৱাচোন... ফ্ৰেশ্ব হৈ আহা, একেলগে ব্ৰেকফাষ্ট কৰিম।
ব্ৰেকফাষ্ট কৰি এবাৰ ফেচবুক লগ-ইন কৰিলোঁ। হোমপেজ স্ক্রল কৰি কৰি দেখিলো মোৰ স্ত্ৰীৰ ষ্টেটাচ। খুব আৱেগপূৰ্ণভাৱে লিখিছে তাই... "'শ্ৰমিক দিৱস' বুলিবলৈ ছোৱালীবোৰৰ জীৱনত একো নাই। ঘৰ-বাৰী অপৰিস্কাৰ হৈ আছে... তাকে চাফ চিকুণ কৰি শ্ৰমিক দিৱস পালন কৰিম :( "
ষ্টেটাছটোৰ তলত কেইটামান ল'ৰাই খুব দুঃখীত ভঙ্গীৰে কমেন্ট কৰিছে। তাকে দেখি মোৰ মন বেয়া হৈ গ'ল। বেলেগৰ পত্নীৰ ষ্টেটাচত কমেন্ট দিবলৈ সিহঁতৰ কি লাজ নালাগে? যিয়েই নহওঁক.... মই ফেচবুক লগ-আউট কৰি বাৰান্দাত গৈ এটা চিগাৰেট জ্বলালো। মনটো কিয় জানো অস্থিৰ লাগি আছিল, পত্নীৰ দুখ অনুধাৱন কৰিবলৈ চেষ্টা কৰিলোঁ। চিগাৰেট শেষ কৰি ঘৰত সোমাই তাইৰ পৰা কিছু নিৰাপদ দূৰত্ব বজাই থিয় হ'লো, যিমানখিনি দূৰত থাকিলে মোৰ নিঃশ্বাসত লাগি চিগাৰেটৰ গোন্ধ তাইৰ নাকত নালাগে। মই হাঁহি মুখেৰে ক'লো
--- মোৰ এতিয়া কিবা এটা কৰিবলৈ মন গৈছে।
তাই মোৰ কথাত কোনো আগ্ৰহ নেদেখুৱাই ক'লে
--- তোমাৰ কি কৰিবলৈ মন গৈছে মই জানো।
--- কেনেকৈ জানিলা?
--- তোমাৰ চকু মুখ দেখি বুজিব পাৰি। সদায় মূৰত কিবা এটা কৰিবলৈ খেলি থাকে। পুৱা, আবেলি, সন্ধিয়া, ৰাতি.... যেতিয়া-তেতিয়া তোমাৰ কিবাটো কৰিবলৈ মন গৈ থাকে।
--- আৰে... তুমি যিটো ভাবিছা সেইটো নহয়। মোৰ বেলেগ কিবা এটা কৰিবলৈ মন গৈছে। 
--- বেলেগ কিবা? কি হয়নো? কোৱাচোন বাৰু।
--- মোৰ আজি ঘৰ চাফা কৰিবলৈ মন গৈছে। YouTubeত দেখোঁ মাজে-সময়ে ঘৰ চাফা কৰাৰ ভিডিঅ, বহুত মন যায়, কিন্তু লাজত নকওঁ।
--- হাউ চুইট .....।
তাইৰ গোটেই চেহেৰাত এটা হাঁহি বিৰিঙি উঠিল.... হাঁহি হাঁহি ক'লে
--- ৰ'বা মই তোমাক সহায় কৰোঁ...! ৱাশ্বৰুমৰ পৰা বাল্টিং দি পানী আনি দিওঁ... ৱেইট হা।
মই ঘৰ মচি মচি এটা বস্তু আৱিষ্কাৰ কৰিলোঁ। আগতে কিয় জানো লাগিছিল ঘৰখন সৰু। আজি মই ঘৰ মচি মচি আৱিষ্কাৰ কৰিলোঁ, ঘৰখন নিয়মতকৈ চাগে বহুত ডাঙৰ। লাহে-লাহে ভোৰভোৰাবলৈ ধৰিলোঁ.." ঘৰখন ইমান ডাঙৰ কিয়, কিয়নো ইমান ডাঙৰ?" 
"ঘৰখন ইমান ডাঙৰ কিয়, কিয়নো ইমান ডাঙৰ .... বুলি কওঁতে কওঁতে কেনেকুৱা জানো এটা ৰিদম ক্ৰিয়েট হৈ গ'ল। মই ৰিদম গাই গাই ঘৰ মচি থাকিলো...। ওজন কিবা বস্তু তুলিবলৈ শ্ৰমিক সকলে এনেকুৱা ৰিদম ক্ৰিয়েট কৰে, "দিয়াচোন ঠেলি .... হেইয়াহ। আৰু অলপ... হেইয়াহ।"
সম্পূৰ্ণ ঘৰ মচি শুৱনি কোঠাত সোমাওঁতেই তাই ক'লে
--- অৱশেষত তোমাৰ ইচ্ছাটো পূৰ্ণ হ'ল। এতিয়া সুখী তো?
মই চকী এখনত বহি অলপ ভাগৰুৱা কণ্ঠেৰে ক'লো
--- হুম একদম! বহুত সুখী।
মই সুখী হোৱা শুনি তাই হয়তো আৰু সুখী হ'ল। তাই অলপ আগুৱাই আহি মোক ক'লে
--- তোমাৰ এতিয়া যদি বেলেগ কিবা কৰিবলৈ মন গৈছে, তেন্তে ক'ব পাৰা।
ঘৰ মুচাৰ পিছত বেলেগ কিবা কৰাটো সম্ভৱ নে অসম্ভৱ সেইটো ভাবি ভাবি ক'লো
--- পাছত... এতিয়া নহয়। আজান দিছে শুনা নাইনে? কিহৰ মাজত কি কৈছা?
তাই অলপ আচৰিত হোৱা দি ক'লে
--- অ... চৰী! ধ্যান নাছিল। ঠিক আছে তেন্তে তুমি ৰেষ্ট কৰা, মই গা ধুই আহোঁ।
তাই গা ধুব গ'ল..! মই নীৰৱ হৈ বহি আছিলোঁ। গা ধুই আহি তাই আইনাৰ সন্মুখত থিয় হৈ চুলি আঁচুৰিবলৈ আৰম্ভ কৰিলে। এক মিনিট .... দুই মিনিট .... তিনি মিনিট .... এনেকৈ আধা ঘণ্টা তাই নিজৰ চুলি আঁচুৰিলে। আধা ঘণ্টাতকৈ অধিক সময় চুলি আঁচুৰাৰ কাৰণে ঈশ্বৰে হয়তো তাইক কিবা নহয় কিবা এটা পুৰস্কাৰেৰে পুৰস্কৃত কৰিব। আহ... কি যে ধৈৰ্য ছোৱালীজনীৰ। চুলি আঁচোৰা শেষ কৰি হাতত লোশ্বন সানিবলৈ আৰম্ভ কৰিলে। গৰমৰ দিনত তাই লোশ্বন কিয় লগায়? মাজে-সময়ে তাইক এই প্ৰশ্নটো সুধিবলৈ মন যায়। লোশ্বন সানি সানি তাই হঠাৎ কৈ উঠিল
--- আহ্.... শ্বিট .... শ্বিট... শ্বিট।
মই সুধিলো
--- কি হ'ল? শ্বিট শ্বিট কৰি আছা কিয়?
--- আজিকালি মোৰ কি যে হৈছে নহয়! সকলো পাহৰি যাওঁ।
--- হৈছে কি? কোৱাচোন।
--- কেইটামান কাপোৰ তিয়াই থৈছিলো। ভাবিছিলোঁ গা ধোৱা সময়ত ধুম, কিন্তু পাহৰি গ'লো! এতিয়া মনত পৰিছে।
--- এইটোক লৈ ইমান চিন্তা কৰিব নালাগে। মইতো এতিয়া গা ধুব যাম, ধুই মেলি দিম।
--- বাথৰুমত সোমাই মোৰ চকু কপালত উঠি গ'ল। পূৰা এক বাল্টিং কাপোৰ। এটা দীৰ্ঘশ্বাস এৰি কাপোৰ ধুবলৈ আৰম্ভ কৰিলোঁ! আৰু ঘৰ মুচাৰ সময়ত যেনেকৈ ৰিদমৰ সুৰত ঘৰ মুচিছিলো, ঠিক তেনেকুৱা এটা ৰিদম ক্ৰিয়েট কৰিলোঁ। কিন্তু শব্দবোৰ বেলেগ - "কাপোৰ ধুব নাজানিলে মূৰৰ বিষ উঠে.... মূৰৰ বিষ উঠে।" ৰিদম গাই গাই কাপোৰ খিনি ধুই পেলালো মাত্ৰ দুঘণ্টাৰ ভিতৰত। কাপোৰ ধুই থকা সময়ত আধাখিনি গা ধোৱা হৈ গৈছিল, বাকি আধাখিনি দুই মিনিটত শেষ কৰি দিলোঁ। বাথৰুমৰ পৰা ঘৰত সোমাওঁতেই পত্নীয়ে ক'লে
--- মাথাৰ বিষৰ দৰৱ আছিল নহয় ঘৰত? ক'ত থৈছা? মাথাত খুব বিষাইছে।
মই এইটো ড্ৰয়াৰত এবাৰ সেইটো ড্ৰয়াৰত এবাৰ এনেকৈ বহু সময় বিচাৰি অৱশেষত দৰৱটো পালোঁ। পত্নীক দৰৱ খুৱাই ওচৰত বহি তাইৰ মাথাত হাত বুলাই দি ক'লো
--- কমিছে নে অলপ?
তাই খুব নিম্নস্বৰত ক'লে
--- না।
--- মই মাথা টিপি-টিপি ক'লো
--- চকু বন্ধু কৰা। ভাল হৈ যাব। 
পাঁচ-চয় মিনিটৰ ভিতৰত তাই টোপনিত অন্তৰ্দান কৰিলে। ঘৰ মচি আৰু কাপোৰ ধুই ইমান ক্লান্ত ও ভোকাতুৰ হৈ পৰিছো যে সেইটো কৈ কাকো বুজাব নোৱাৰিম। দুপৰীয়া কি খাম? ৰন্ধা-বঢ়াও মই কৰিব লাগিব নেকি? ৰন্ধা-বঢ়া কৰি, ভাত কেইটামান খাই আহি ৰুমত সোমাওঁতেই পত্নীৰ মোবাইলটো বাজি উঠিল। কথোপকথন শুনি বুজিলো যে তাইৰ বায়েৰে ফোন কৰিছে। ফোনটো ৰাখি তাই ক'লে
--- বাৰ ননঁদ খুব অসুস্থ। গুৱাহাটী মেডিকেলত ভৰ্ত্তি কৰিছে। ইমাৰজেন্সী ব্লাড লাগে O নেগেটীভ। তুমি সোনকালে গৈ ব্লাড দি আহা।
--- মই? মই ব্লাড দিম?
--- তোমাৰ O নেগেটীভ নহয়?
--- হয়, কিন্তু মই এতিয়া কেনেকৈ ব্লাড দিম?
--- কিয়? প্ৰবলেম কি?
--- মই খুব টায়াৰ্ড জান। প্লীজ বুজিবলৈ চেষ্টা কৰা। মোৰ এতিয়া আৰামৰ প্ৰয়োজন।
--- এজনী ছোৱালীৰ জীৱনতকৈ তোমাৰ আৰাম কৰাটো বেছি গুৰুত্বপূৰ্ণ? হুহহ।
--- গৈছোঁ, গৈছোঁ। চিঞৰি নাথাকিবা প্লীজ।
ঘৰৰ পৰা ওলাই গুৱাহাটী মেডিকেললৈ বুলি যাত্ৰা কৰিলোঁ। গৈ ব্লাড দিলোঁ, ঘৰলৈ ঘুৰি আহোঁতে ৰাতি হৈ গ'ল। গেটৰ ভিতৰত সোমোৱাৰ লগে-লগে ওৱাচমেনে ক'লে
--- ছাৰ! লিফ্ট নষ্ট! অলপ কষ্ট কৰি খটখটিৰে যাওক।
মই প্ৰচণ্ড বিৰক্তিৰ ভাৱেৰে ক'লো 
--- লিফ্ট নষ্ট মানে? কি কোৱা? মই কি এতিয়া ১৫ মহলা খটখটিৰে উঠিব লাগিব?
ৱাচমেনে খুব কৰুণভাৱে ক'লে 
--- ছাৰ। লিফ্টৰ গিয়েৰ ঢিলা হৈ গৈছে। ভাগ্য ভাল যে চিঙি যোৱা নাই।
মই আৰু কথা নবঢ়াই খটখটিৰে উঠিবলৈ আৰম্ভ কৰিলো। এভাৰেষ্ট আৰোহণ কৰোঁতে চাগে ইমান কষ্ট নহয়। ঘৰত সোমোৱাৰ লগে-লগে পত্নীয়ে ক'লে
--- যোৱা সোনকালে ফ্ৰেশ্ব হৈ আহা। তোমাৰ কাৰণে কেতিয়াৰ পৰা অপেক্ষা কৰি আছো। বহুত ভোক লাগিছে। দুপৰীয়া তো মোক এৰি থৈ খাইছা! আৰু ইমান ৰান্ধিলা কিয়? এসপ্তাহ খাব পৰাকৈ। আচ্ছা ৰোগীৰ অৱস্থা এতিয়া কেনে?
পত্নীৰ কথাৰ উত্তৰ দি ফ্ৰেশ্ব হৈ তাৰপিছত ভাত খালো। টোপনি ও ক্লান্তিত চকু ইমান সোমাইছে... এনেকুৱা লাগিছে যেন চকুৰ ওপৰত শিল এটা। বিচনাত শুই পৰিলো, তাই মোবাইলত ফেচবুক কৰি আছে। কেতিয়া যে টোপনি লাগিল অনুভৱেই কৰিব পৰা নাই। পত্নীয়ে তাইৰ আঙুলি এটা কাণত সোমোৱাই দিয়াত মোৰ টোপনি ভাঙিল। মোৰফালে চাই অতি মায়াভী কণ্ঠেৰে সুধিলে
--- ঐ... টোপনি গ'লা নেকি?
--- কালি অফিচ আছে। ক্লান্ত শৰীৰ। অলপ টোপনি মাৰিব দিয়া প্লীজ।
তাকে শুনি তাই যেন হঠাৎ অফিচৰ বছ হৈ গ'ল। বছৰ ভঙ্গীৰে ক'লে
--- কাইলৈৰ অফিচক লৈ মোৰ কোনো মূৰৰ বিষ নাই, যি হয় হওঁক। মোৰ অফিচত কোনো ছুটি নাই। চতুৰালি নচলিব। এতিয়া মোৰ অফিচৰ সময়, মই বছ তুমি কৰ্মচাৰী।
ব্ৰেকফাষ্ট বনোৱা, ঘৰ মুচা, কাপোৰ ধোৱা, পত্নীৰ মাথা টিপি দিয়া, ৰন্ধা-বঢ়া কৰা, ব্লাড ডনেট কৰা, খটখটিৰে ১৫ মহলা বগাই উঠাৰ পিছতো কোনো ছুটি নাই। শ্ৰমজীৱী মানুহৰ দৈনন্দিন গল্পবোৰ এনেকুৱাই বা ইয়াতকৈও গভীৰ।

ONE SIDED LOVE ARE DANGEROUS

গুড গাৰ্ল গুড বয়-
.
লাভলীয়ে নিৰ্জাৰাক মন প্ৰাণ দি ভালপায়, কিন্তু নিৰ্জাৰাই তাক ভাল নাপায়। অৰ্থাৎ লাভলীয়ে নিৰ্জাৰাক ওৱান চাইডেড ভালপায়। নিৰ্জাৰাক এদিন নেদেখিলে সি যেন থাকিব নোৱাৰে। আজি নিৰ্জাৰা কলেজত আহা নাই। সি চুমিৰ পৰা খবৰ পালে তাইৰ হেনো জ্বৰ হৈছে। শুনি মনটো বেয়া হৈ গ'ল লাভলীৰ। নিৰ্জাৰাক ফোন কৰি খবৰ লোৱাৰ তাৰ সাহস নাই। ফেচবুক লগিন কৰি দেখিলে নিৰ্জাৰা অনলাইন হৈ আছে।
--- হাই নিৰ্জাৰা! ঔষধ খালানে? চুমিয়ে কৈছিল তোমাৰ হেনো জ্বৰ হৈছে।
নিৰ্জাৰাই ৰিপ্লাই দিলে
--- হুম...!
--- তুমি যে কলেজত আহা নাই সেইকাৰণে মই তোমাৰ এটেণ্ডেন্স দি দিলোঁ আজি। ছাৰে খুব গুৰুত্বপূৰ্ণ লেকচাৰ দিছে, ভিডিঅ কৰি ৰাখিছো। তোমাক পঠাই দিম।
--- ঠিক আছে.. পঠাই দিয়া।
--- নিৰ্জাৰা! ডেনিয়েল দাই গুৱাহাটীত এখন নতুন ৰেষ্ট্ৰো খুলিছে যাবা...? মই ট্ৰীট দিম তোমাক।
--- চৰী লাভলী! মই এইকেইদিন বহুত ব্যস্ত, তুমি বেলেগ কোনোবাক লৈ যোৱা।
--- ঠিক আছে! তুমি হয়তো এতিয়া ব্যস্ত আছা। মই তোমাক বেলেগ কেতিয়াবা মেছেজ কৰিম।
--- মই কেইটামান চিনেমাৰ নাম কওঁ, ডাউনলোড কৰি দিবাচোন।
--- ঠিক আছে। মই ডাউনলোড কৰি কালি মোৰ পেনড্ৰাইভত ভৰাই লৈ আহিম।
--- গুড বয়!
নিৰ্জাৰাই লাভলীক বাই বুলি কৈ তাইৰ বাইকৱালা বডী বিল্ডাৰ বয়ফ্ৰেণ্ড আকাশক মেছেজ কৰিলে।
--- আকাশ! মোৰ খুব জ্বৰ, ঔষধ খাওঁ তথাপিও ভাল নহয় আৰু এই মাহৰ পিৰিয়ডো এতিয়ালৈকে মিছিং।
--- হুম।
--- তোমাক পিক কৰিবলৈ মই আৰু তোমাৰ মেছত নাযাওঁ। তুমি ক্লাছত যাব নিদিয়া, গুৰুত্বপূৰ্ণ লেকচাৰ মিছ হয়। আজিৰ লেকচাৰৰ ভিডিঅটো সংগ্ৰহ কৰিলোঁ অংকিতাৰ পৰা, পঠাও নে?
--- পঠিয়াই দিয়া।
--- অংকিতাই কৈছে, গুৱাহাটীত হেনো এখন নতুন ৰেষ্ট্ৰো খুলিছে যাবা নেকি? মই ট্ৰীট দিম।
--- নিৰ্জাৰা! মোৰ বৰকৈ মাছুল পেইন হৈছে, তুমি অংকিতাক লৈ যোৱাগৈ।
--- ঠিক আছে সোণ তুমি ৰেষ্ট লোৱা। মই কাইলৈ আহি মাছাজ কৰি দিম হ'বনে?
--- নিৰ্জাৰা! কাইলৈ অহা সময়ত চিনেমাকেইখন লৈ আহিবা কিন্তু।
--- ঠিক আছে। মোৰ এক্সট্ৰা এটা পেনড্ৰাইভ আছে, সেইটোত কৰি লৈ আহিম।
--- আমি কালিও কলেজ নাযাওঁ, কাৰোবাক কৈ দিবা এটেণ্ডেন্স দিবলৈ আৰু তুমি ১০ বজাৰ পিছত চিনেমাকেইখন লৈ মেছত আহি যাবা। ইয়াৰ আগত নাহিবা কিন্তু, ৰান্ধনি থাকে, প্ৰবলেম হ'ব।
--- ঠিক আছে তুমি যেতিয়া ক'বা তেতিয়াই যাম মোৰ সোণটো।
--- গুড গাৰ্ল।
পিছদিনা ৮ বজাত লাভলী আনন্দত আত্মহাৰা হোৱা যেন হ'ল, কাৰণ তাক তাৰ সপোনৰ ৰাণী নিৰ্জাৰাই নিজেই ফোন কৰিছে তাক।
--- লাভলী এটা কাম কৰিব পাৰিবা?
--- এইমুহূৰ্তত মোৰ পকেট উকা, ইয়াৰ বাহিৰে বাকি সকলো কৰিব পাৰিম।
--- ধুৰ! শুনা.. আজি আমাৰ ঘৰত Junali বা আহিব, কলেজ যাব নোৱাৰিম! তুমি কলেজ যোৱা সময়ত আমাৰ বিল্ডিংগৰ তলত আহি চিনেমাকেইখন দি যাব পাৰিবা?
--- হুম পাৰিম! লগতে তোমাৰ কাৰণে এটা চাৰপ্ৰাইজো আছে।
--- চাৰপ্ৰাইজ পিছত, মোৰ এটেণ্ডেন্সও দিব লাগিব কিন্তু লগতে আকাশৰটো ও। তাৰ মে বি আঙ্কল ঢুকাইছে, আহিব নোৱাৰিব।
--- উফফ... কি কোৱা! ঠিক আছে দি দিম... মই গৈ আছো অলপ পিছত চিনেমা উইথ চাৰপ্ৰাইজ।
--- ঠিক আছে আহা। আহি মোক মিছকল দিলে মই তললৈ নামি আহিম।
--- মিছকল কিয় দিম। ফোন কৰিম।
--- তুমি তো ধনী ঘৰৰ ল'ৰা। আহোঁতে এখন ১০০ টকীয়া ৰিচাৰ্জ কাৰ্ড ও লৈ আহিবা।
--- উমম..... (লাভলীয়ে আগতেও কৈছিল পকেট উকা তথাপিও তাই কৈছে যেতিয়া নিবই লাগিব)
--- গুড বয় !
এঘণ্টা পিছত নিৰ্জাৰাৰ বিল্ডিংগৰ তলত লাভলী....!
--- এই লোৱা তোমাৰ চিনেমা, কাৰ্ড আৰু চাৰপ্ৰাইজ।
--- ৱাওঁ... তুমি নতুন ৰেষ্ট্ৰোৰ পিঝা মোৰ কাৰণে হোম ডেলিভাৰী লৈ আহিছা।
--- তুমি কৈছিলা যে জোনালী বা আহিব সেয়ে এটা বেছি আনিছো।
--- গুড বয়।
১০:১০ বজাত আকাশৰ মেছত নিৰ্জাৰা।
--- ইমান দেৰি কৰিলা যে?
--- তোমাৰ কাৰণে ৰেষ্ট্ৰোৰ পৰা পিঝা আনিব গৈছিলোঁ।
--- আগতে ক'ব লাগিছিল, তেতিয়া ৰান্ধনিক কৈ মৰণীং মিল বন্ধ কৰি দিলোঁ হয়! মোৰ মোবাইলত বেলেন্সো নাই যে তোমাক ফোন কৰিম।
--- জানো... সেয়ে মই মোৰ সোণটোৰ কাৰণে এখন ১০০ টকীয়া ৰিচাৰ্জ কাৰ্ডো লৈ আহিছোঁ।
--- মোৰ এটেণ্ডেন্স মিছ নহয়তো?
--- ওহোঁ, কোনো পিৰিয়ডেই মিছ নহয়। সৱ ব্যৱস্থা কৰি আহিছোঁ।
--- আৰু মাছাজ? মাছুল পেইন হৈ আছে তো!
--- চাওঁ মোৰ দেহাটোৰ ক'ত পেইন?
--- গুড গাৰ্ল।
.
ফাৰ্ষ্ট চেমিষ্টাৰৰ পৰা আৰম্ভ কৰি লাষ্ট চেমিষ্টাৰৰ ছোৱালীবোৰেও ল'ৰাটোৰ ফালে এনেকুৱা চাৱনিৰে চায় যেন খাই দিব। ল'ৰাটো ফোপাই-ফোপাই খটখটি বাই কেন্টিনলৈ গৈ আছে। লিফ্ট থকাৰ পিছতো খটখটি বাই উঠাৰ কাৰণ হ'ল সি এতিয়া চিক্স পেক বনাই আছে। ল'ৰাটোৰ যেতিয়া গাৰে ঘাম বৈ পৰে তেতিয়া ছোৱালীবোৰে তাক দেখি টোক গিলে। ল'ৰাটোৱে কেন্টিনত সোমাইও দেখিলে কৰ্ণাৰৰ চকীখনত মন বেয়া কৰি বহি আছে তাৰ প্ৰিয় বন্ধু তথা শিষ্য লাভলী, অ হা..... কবলৈ পাহৰি গৈছিলোঁ, লাভগুৰু হিচাপে বিখ্যাত এই ল'ৰাটোৰ নাম কমল..... সকলোৰে পৰিচিত কমলকৃষ্ণ।
কমলে হাঁহি হাঁহি লাভলীক সুধিলে
--- দেবদাস২ চিনেমাখন কেতিয়া আহিব ৰে?
লাভলীয়ে ক'লে
--- আহি আছে নেকি? নাজানোঁ।
--- কোনোবাই বনালে লিড ৰোল টো তোক চাজেষ্ট কৰিলোঁ হয়।
--- লাভগুৰু... তুমিও মজা লৈ আছা, তেনেকুৱা কি কৰিলোঁ মই?
--- কি কৰিছ নাজান? শুনিলোঁ তই হেনো ছোৱালীবোৰক প্ৰক্সী দিয়!
--- তোমাক কোনে ক'লে এইবোৰ? তাই মোৰ ক্লজ ফ্ৰেণ্ড... এজনী গুড গাৰ্ল।
--- হয় নেকি? বাদ দে... তোৰ "ড্ৰীম গাৰ্ল" কাহিনীটো শেষ হ'ল নে?
--- ধেমালি নকৰিবাচোন লাভগুৰু... মোৰে হে যি গতি চলিছে।
--- আচ্ছা..! নিৰ্জাৰাক ফকতিয়া বলীউদ চিনেমা বাদ দি এইবোৰ চাজেষ্ট কৰ, ভাল লাগি গ'লে দেখিবি গোটেইদিন তোৰে কথা ভাবি থাকিব।
--- তেন্তে "প্ৰিজন ব্ৰেক" দি আৰম্ভ কৰোঁ নেকি?
--- এইটো কেনেধৰণৰ প্ৰিজন ব্ৰেক?
--- আকৌ ধেমালি কৰিছা হুহহ।
--- ঠিক আছে শুন, তাইৰ বস্তুবোৰত লাইক কম দিবি। তই তাইৰ গেলা ষ্টেটাচবোৰতো লাইক মাৰ... দেখি মোৰ টেমা গৰম হয়।
--- তোমাৰনো ইমান গা জ্বলে কিয়? কাহিনী কি গুৰু?
--- গেলা পচা যে।
--- গুৰু... নতুন কেইটামান বস্তু ডাউনলোড কৰিছো! শ্বেয়াৰ_ইট অন কৰা।
--- গুড বয় দে দে.... ।
.
চাৰিওফালে সন্ধিয়া নামি আহিছে, নিৰ্জাৰা অলপ আগতে ঘৰত গ'ল। কিছুসময়ৰ ভিতৰত মেছৰ সকলো গুচি আহিব, শ্বাৱাৰত যোৱাৰ আগতে ঘামত ভিজা ক্লান্ত আকাশে চিগাৰেট হুপি আছে... ঠিক তেতিয়াই মোবাইলত ক্ৰীং ক্ৰীং.....
--- পাৰ্টনাৰ.... কাম হ'ল?
--- কিয় নহ'ব? আকাশৰ কাৰণে ইম্পচিবল বোলা একো নাই।
--- কোনো প্ৰবলেম হোৱা নাইতো?
--- হৈছে, কুমাৰী বোলা শব্দ এটা আছে তো!
--- ভিডিঅ হৈছেনে গোটেইখিনি?
--- আৰে হৈছে! শেষত এইটো কৈ পটাইছো যে- গোটেই খিৰিকী, দুৱাৰ আৰু পৰ্দা লগাই দিলে তোমাৰ ধুনীয়া ফিগাৰটো কেনেকৈ দেখিম?
--- পাৰ্টনাৰ.... তই চাল্লা ইমান ইন্টেলিজেন্ট।
--- ইন্টেলিজেন্ট তো তইও কম নহয়... চাল্লা এই হিডেন পেন কেমেৰাটো পালি ক'ত?
--- আৰে.... নিৰ্জাৰাই লাইক দিয়া পেজখনৰ পৰা।
--- জয় গুৰু! মাছৰ তেলেৰে মাছ ভজা।
--- এইবাৰ হৈছে ডবল মজা।
--- ঠিক আছে মই যাওঁ গা ধুই অলপ টোপনি মাৰো। তামাম মাছুল পেইন হৈছে।
--- সেইটো তো হ'বই, দিন ৰাতি যি আৰামৰ কাম তোৰ।
--- লল... যাহ পলা! বদমাছ ল'ৰা।
--- তই পলা, চাল্লা গুড বয়।
ফোন ৰাখিয়েই লাভলীয়ে হো হো কৈ হাঁহিবলৈ ধৰিলে। আকাশে যদি শেষত কোনো পাত্তা নিদিয়ে তাৰ পৰিকল্পনা সফল হ'বই। কমলে তাক যিমান ভাল ভাবে আচলতে সি সিমান ভাল নহয়। গুড বয় তো মুঠেই নহয়, হবও নিবিচাৰে।
.
এহাতত কুকৰ গ্লাছ আনখন হাতত চিগাৰেট। চিগাৰেটৰ ধোঁৱাই আচ্ছন্ন হৈ পৰিছে কমলৰ লেপটপৰ স্ক্ৰীণ, বাৰে-বাৰে অপৰিস্কাৰ হৈ পৰে ৱালপেপাৰত ৰখা ছোৱালীজনীৰ ফটোখন। অপৰিস্কাৰ হোৱাৰ হয়তো আৰু এটা কাৰণ কমলৰ চকুপানী। চিগাৰেটটো শেষ কৰি ৰৈ যোৱা অংশটো খিৰিকীয়েদি দলিয়াই পেলাই চকুপানী মচি থিয় হওঁতেই স্পষ্ট হৈ উঠিল লেপটপৰ ৱালপেপাৰত থকা ছোৱালীজনীৰ ফটোখন। ছোৱালীজনী আৰু কোনো নহয়, এই গল্পৰে মূখ্য নায়িকা তথা কলেজৰ সকলোৰে হৃদস্পন্দন "নিৰ্জাৰা।"
.
কেন্টিনৰ এটা কৰ্ণাৰত বগা স্বাৰ্ট পিন্ধা আৰু চুলি বেকব্ৰাশ্ব কৰা আকাশে বহি কলা কফিৰ সোৱাদ লৈছে। পুৱাতে সি যি ডাঙৰ ধামাকা কৰিলে তাকে ভাবি মনে-মনে হাঁহি আছে। কিন্তু এতিয়ালৈ যে নিৰ্জাৰাই কোনো ৰিয়েক্ট কৰা নাই তাৰ কাৰণনো কি? এইবোৰ ভাবি থাকোতেই নিৰ্জাৰা আহি তাৰ সন্মুখত উপস্থিত হ'ল।
--- আকাশ... এবাৰ কৰিডৰলৈ আহাচোন।
--- কিয়? পুৱাই-পুৱাই প্ৰেম কৰাৰ ইচ্ছা নেকি?
কথা নবঢ়াই নিৰ্জাৰাই কৰিডৰলৈ খোজ দিলে, পিছে-পিছে আকাশেও নিৰ্জাৰাৰ খোজৰ লগত খোজ মিলাই তাইৰ ককাল স্পৰ্শ কৰি ক'লে
--- সাংঘাতিক মাল এটা।
কথাটো শুনিয়েই নিৰ্জাৰাৰ মাথা গৰম হৈ গ'ল! ততালিকে ঘুৰি আকাশৰ গালত এটা প্ৰচণ্ড চৰ শুধালে।
--- তুমি এই কামটো কিয় কৰিলা আকাশ?
--- ৰিলাক্স নিৰ্জাৰা। মই মাথোঁ তোমাৰ লগত হোৱাটচাপত ভিডিঅটো শ্বেয়াৰ কৰিলোঁ। আৰু ক'তো কৰা নাই আৰু নকৰোঁ।
--- তেন্তে ভিডিঅটো কিয় বনালা তুমি? কেনেকৈ কৰিব পাৰিলা কোৱাচোন?
--- যাতে তুমি তোমাৰ ৰূপেৰে বেলেগ কোনো ল'ৰাৰ লগত এনে কৰিব নোৱাৰা। মই যেতিয়াই ক'ম.... দিন হওঁক অথবা ৰাতি মোৰ লগত তুমি শুৱ........
আকাশে কথাটো শেষ নকৰোতেই নিৰ্জাৰাই আকৌ আকাশক চৰ মাৰিবলৈ হাত উঠালে, কিন্তু এইবাৰ আকাশে তাইৰ হাত ধৰি পেলালে, পিছফালে টানি নি জোৰকৈ ডিঙি চেপি ক'লে
--- এটা চৰ মাৰিছা সেইটোৱেই যথেষ্ট। এতিয়া শুনা, মই যেতিয়াই তোমাক মাতিম তুমি গুড গাৰ্লৰ নিচিনা আহি মোৰ লগত আৰু মোৰ বন্ধুৰ লগত শুৱ......
--- তোমাৰ বন্ধু? এইবোৰ কি কৈছা আকাশ?
--- হুম মোৰ বন্ধু! সময় হ'লে এনেও জানিব পাৰিবা। এতিয়া চুপচাপ ক্লাছ কৰি মোৰ মেছলৈ গুচি আহা। ভিডিঅৰ বিষয়ে উচ্চ স্বৰত কিবা ক'লে মই কলেজৰ সকলোকে শ্বেয়াৰ ইট অন কৰিবলৈ এনাউন্স কৰি দিম।
.
এতিয়া আৰু অপেক্ষা কৰিবলৈ একো নাই! কান্দি কান্দি কলেজৰ পৰা ওলাই গ'ল নিৰ্জাৰা। নিজকে বাৰ-বাৰ প্ৰশ্ন কৰিছে, কোন পাপৰ শাস্তি ভোগি আছে তাই? ঠিক তেতিয়াই ৰিক্সাৰ পৰা নামি কেৱলমাত্ৰ নিৰ্জাৰাৰ কান্দোনৰ দৃশ্যটো দেখিবলৈ পালে কমলে। বুকুৰ মাজত ক'ত জানো এটা বেদনা অনুভৱ হ'ল তাৰ।
.
শেষ আবেলি ডেনিয়েল দাৰ সেই নতুন ৰেষ্ট্ৰোত বহি আছে নিৰ্জাৰা। মাতি পঠিয়াইছে তাইৰ পৰম নিৰ্ভৰশীল বন্ধু লাভলীক, কোনোবা এজনৰ লগত তো শ্বেয়াৰ কৰিব লাগিব কথাটো। এইমুহূৰ্তত তাই লাভলীৰ বাহিৰে আৰু কাকো বিশ্বাস কৰিব নোৱাৰে।
লাভলীয়ে ৰেষ্ট্ৰোত সোমাই দেখিলে পিংক কালাৰৰ চুৰিদাৰ পৰিহিত নিৰ্জাৰা বিষন্ন মনেৰে বহি আছে। ইমান বিষন্ন অৱস্থাত সি আগতে কেতিয়াও নিৰ্জাৰাক দেখা নাই। নিৰ্জাৰাৰ নিচিনা এজনী ছোৱালীয়ে যে এই কাণ্ডটোৰ কাৰণে ইমান ভাঙি পৰিব সেয়া সি কেতিয়াও কল্পনা কৰা নাছিল। কি অদ্ভুত। নিৰ্জাৰালৈ আজি তাৰ ইমান মৰম ওপজিছে কিয়? এতিয়া কি আকৌ তাৰ ভিতৰত গুড বয়ৰ আচৰণে প্ৰৱেশ কৰিছে!
বেছিসময় বহিব নোৱাৰিলে ৰেষ্ট্ৰোত, উভতি গ'ল দুয়ো নিজৰ নিজৰ ঘৰলৈ।
সন্ধিয়াৰ সূৰ্য্য মাৰ যোৱা সময়ত সকলো কথা প্ৰকাশ কৰি লাভলীৰ বুকুত মাথা গুজি কান্দিছিল নিৰ্জাৰাই। লাভলীয়ে ভাবিছে নিৰ্জাৰাৰ চকুপানীত তাৰ অন্তৰৰ সকলো পাপ ধুই মচি গৈছে। হ'ব পাৰে ভ্ৰম, কিন্তু তাৰ মনে ক্ষমা কৰি দিছে কলেজৰ প্ৰথম দিনৰ পৰাই তাক ইনছাল্ট কৰা, ইউজ কৰা ছোৱালীজনীক।
"লাভলী তুমি মোক বচোৱা।"
কেৱলমাত্ৰ এই কথাটোতে লাভলীয়ে ঠিক কৰি পেলাইছে যে- যেনেকৈ নহওক কিয় আকাশক স্থিৰ কৰিব লাগিব। কিন্তু নিৰ্জাৰাই যেতিয়া গম পাব যে- সকলোৰে মূলতে লাভলী, তেতিয়া কি নিৰ্জাৰাই তাক ক্ষমা কৰিব?
লাভলীয়ে ভাবিছে এতিয়াই তাইক কৈ দিব, আৰু তাই তাইৰ পিংক নেইল পলিচ লগোৱা দীঘল দীঘল নখেৰে তাৰ ডিঙি চেপি তাক মাৰি পেলাওঁক।
ওহোঁ, এইবোৰৰ আগতে নিৰ্জাৰাক বিপদমুক্ত কৰিব লাগিব, আৰু এইটো কৰিবলৈ কমল দাৰ সহায় লাগিব। উফ মাথা ঘুৰাই আছে লগতে কাণত বাজি আছে নিৰ্জাৰাৰ উচুপনিৰ শব্দ। লাভলীয়ে ভাবিছে তাৰ লাভগুৰু কমল দাই কি এইবোৰ শুনাৰ পিছত তাৰ গুড বয় লাভলীক ক্ষমা কৰিব? যি হয় হ'ব। এতিয়া নিৰ্জাৰাক বিপদমুক্ত কৰাটো হৈছে আটাইতকৈ ইম্পৰ্টেন্ট আৰু ইয়াৰ কাৰণে কমল দাৰ সহায় নিতান্ত প্ৰয়োজনীয়।
.
বহুত ভাবি চিন্তি.... লাভলীয়ে সুধিলে কি বুলি ক'ব... এইবোৰ ঠিক কৰি অৱশেষত ল'ৰাটোৱে নিৰ্জাৰাৰ নম্বৰটো ডায়েল কৰিলে।
--- হেল্ল....!
--- নিৰ্জাৰা নেকি?
--- হয়, আপুনি কোন?
--- মই তোমাৰ কলেজৰ চিনিয়ৰ কমল দাই ক'লো..! আজি তোমাক দেখিলো.......
(ঠিক তেতিয়াই কমলৰ ৱেইটিং স্ক্ৰীণত লাভলীৰ নম্বৰটো ভাঁহি উঠিল।)
--- ধেৎ... এই ল'ৰাটোৱে ফোন কৰিবলৈ আৰু সময় নাপালে।
এবাৰ কাটি দিয়াত লাভলীয়ে মেছেজ কৰিলে "কমল দা, ইট্ছ আৰজেন্ট! মই বৰ বিপদত।"
--- নিৰ্জাৰা মই তোমাক অলপ পিছত ফোন কৰি আছোঁ।
বিৰক্ত হৈ ফোনটো ৰিচিভ কৰাৰ লগে-লগে সিফালৰ পৰা ভাঁহি আহিল কান্দোনৰ শব্দ। কান্দি আছে কমলৰ কলিজাৰ টুকুৰা ভাইটি লাভলীয়ে। মুহূৰ্ততে কমলৰ মাথা হেংগ......
--- ঐ চাল্লা! কি হৈছে সেইটো ক! ছোৱালীৰ নিচিনা পেনপেন কৰি নাথাকিবিচোন।
--- দাদা হোৱাটচাপ অন কৰা, মই তোমাক কিবা পঠাইছো....!
--- ঠিক আছে.... লাইনতে থাক।
কমলে হোৱাটচাপ অন কৰি দেখে এয়াতো হোৱাটচাপ নহয় যেন তেজৰ নৈ। তাৰ অতি মৰমৰ ভাইটি লাভলীয়ে ব্লেডেৰে নিজৰ হাত কাটি তেজৰ নৈ বোৱাইছে। সি লগে-লগে ফোন কৰিলে...
--- লাভলী, এজনী ছোৱালীৰ কাৰণে তই নিজকে ইমান কষ্ট দিছ কিয়?
--- কমল দা, তুমি নাজানা মই বহুত ডাঙৰ বেয়া কাম কৰি পেলালো।
(লাভলীয়ে আৰম্ভণিৰ পৰা সকলো কথা খুলি ক'লে কমলক। নিৰ্জাৰাই তাক ইগনোৰ কৰাৰে পৰা আৰম্ভ কৰি ইনছাল্ট কৰা, তাৰ গিফ্ট দি আকাশৰ লগত প্ৰেম কৰা, সি আকাশক টকাৰ লোভ দি এমএমএছ বনোৱা লৈকে সকলো কথা।)
--- লাভলী, এই বিপদৰ পৰা মই নিৰ্জাৰাক মুক্ত কৰিম, কিন্তু তোক ক্ষমা কৰিব পাৰিম নে নাই নাজানোঁ।
--- দাদা, তুমি নিৰ্জাৰাক উদ্ধাৰ কৰা, তোমাৰ দেউতা তো কলেজৰ প্ৰিন্সিপাল, তেওঁ আকাশক কলেজৰ পৰা ৰেষ্ট্ৰিক্টেড কৰাৰ ধমকি দিলে কাম হৈ যাব।
--- হুম তাকে কৰিম। তই এতিয়া ফোন ৰাখ, তোৰ লগত কথা পাতিবলৈ মোৰ ঘৃণা হৈছে।
লাভলীয়ে ফোন ৰাখি দিলে তথাপিও কমলৰ আৰু নিৰ্জাৰাক ফোন কৰা নহ'ল। এই অসহায় সময়ত সি তাইক সহানুভূতি দি তাইৰ মন জয় কৰিব নিবিচাৰে।
.
লাভলীয়ে আকাশৰ ওচৰত গৈ কান্দি কান্দি নিৰ্জাৰাৰ লগত আৰু এনে নকৰিবলৈ কাকুতি-মিনতি কৰিছে....
--- লাভলী.... তোৰ পেনপেনিয়া কান্দোন বন্ধ কৰচোন। এইটো অসম্ভৱ, মই নোৱাৰিম।
--- শুন না আকাশ। ময়েইতো তোক টকা দি হায়াৰ কৰিছিলো। মই আৰু টকা দিব নোৱাৰিম। তই প্লীজ তাইক আৰু এৰি দে।
--- টকা নালাগে মোক! মই কেৱল বিচাৰো এই মৰতীৰ শৰীৰ আৰু মোক মাৰা চৰৰ প্ৰতিশোধ। মই কৈছোঁ ইচ্ছা কৰিলে তইও মোৰ লগত.....
--- ডিচগাষ্টিং আকাশ! তই ইমান অশ্লীল।
--- মই ইয়াতকৈও বহুত বেছি অশ্লীল লাভলী। মই কিমান বেয়া সেয়া তহঁতৰ কল্পনাৰ বাহিৰত। তই, তোৰ কমল দা, নিৰ্জাৰা, কমলৰ দেউতাক কোনেও নাজানে....।
--- অকে কালি দেখা হ'ব সেই ৰেষ্ট্ৰোত।
--- অকে মিষ্টাৰ গুড বয়।
.
ৰাজ দত্ত, কমলৰ দেউতাক। সমগ্ৰ গুৱাহাটী মহানগৰীত তেওঁৰ সমবয়সীয়া লোকৰ মাজত তেওঁৰ নিচিনা স্মাৰ্ট আৰু টেলেন্টেড কোনো নাই। বয়স ৬৫ হ'লেও দেখি এনেকুৱা লাগে যেন ৪৫। বহু কাৰণত তেওঁৰ আৰু ল'ৰাৰ মাজৰ দূৰত্ব অধিক। কালি ৰাতি ল'ৰাটোৱে এটা সমস্যা লৈ আহিছে, যদিও এইবোৰ সমস্যা তেওঁ পলকতে সমাধান কৰি দিব পাৰে। কিন্তু যিজনী ছোৱালীৰ কথা সি কৈছে সেই ছোৱালীজনী তেওঁৰ কাৰণে অলপ বেলেগ, প্ৰথম দিনৰে পৰা বেলেগ। বেলেগ মানে একেবাৰেই বেলেগ। কমলৰ মা মিছেছ চুইটী দত্ত সুন্দৰী হোৱা সত্ত্বেও এই চহৰত ৰাজ ছাৰৰ দুজনী ৰক্ষিতা আছে। এতিয়া সময় সংখ্যাটোক তিনি কৰাৰ।
.
ডেনিয়েল দাৰ নতুন ৰেষ্ট্ৰোত বহি আছে কমল, ৰাজ ছাৰ, নিৰ্জাৰা, লাভলী আৰু আকাশ। ল'ৰা লগত থকা সত্ত্বেও ৰাজ ছাৰৰ চকু নিৰ্জাৰাৰ ফিগাৰত। সকলো শুনি নিৰ্জাৰাই ঘৃণা ভৰা চকুৰে চাই আছে লাভলীৰ ফালে।
সমস্যাটো যে ইমান জটিল সেইটো ভৱা নাছিল ৰাজ ছাৰে। আকাশ এটা ক্ষমতাশালী ছাত্ৰ ৰাজনৈতিক দলৰ লগত জড়িত।
কমলে নিৰ্জাৰাৰ বিষয়ে তাৰ দেউতাকক আগতে কোৱা নাই। কমল আৰু তাৰ মাক গোটেই জীৱন লুকাই থাকিয়ে পাৰ হ'ল। আকাশৰ সন্মুখত এটা পিষ্টল থোৱা... তাকে দেখি সকলোৰে অৱস্থা বিষম.... নাইন্টি নাইন।
ৰাজ ছাৰে ক'লে
--- আকাশ! বিষয়টোৱে কিবা বেয়া ৰূপ লৈছে যেন লগা নাইনে তোমাৰ?
--- আপোনালোকৰ যাৰ ইচ্ছা নিৰ্জাৰাক লৈ যাওক কিন্তু এটা চৰ্তত..... মই যেতিয়া কম তাই আহি মোৰ লগত শুৱ.....
--- আকাশ! মই ইচ্ছা কৰিলে এতিয়াই তোমাক কলেজৰ পৰা ৰেষ্ট্ৰিক্টেট কৰি দিম।
--- হাঃ হাঃ হাঃ.... হাঃ হাঃ হাঃ... মই আপোনাক প্ৰিন্সিপাল পদৰ পৰা আঁতৰাই দিম এনেকুৱা কিবা কৰিব গ'লে।
লাভলীয়ে ক'লে
--- মই আৰু কমল দাই নিৰ্জাৰাৰ হৈ থানাত গৈ তোৰ বিৰুদ্ধে কেচ কৰিম।
--- তেনেহলে তো সকলোৰে আগতে তই ফচিবি। আৰু তই যে ইমান বকবক কৰিছ, তই কি জান তোৰ কমল দাৰো চকু আছে এই মৰতীৰ ওপৰত?
তাকে শুনি ৰাজ ছাৰে ক'লে
--- এইবোৰ কি শুনিছোঁ কমল? এই নষ্ট ছোৱালী কেতিয়াও মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে?
নিৰ্জাৰাই ক'লে
--- ছাৰ! আপুনি এনেকৈ ক'ব পাৰিলে? আৰু লাভলী... এই সকলোৰে কাৰণ তই, মই এতিয়াই তোক মাৰি পেলাম।
(এইবুলি কৈ আকাশৰ পিষ্টলৰ ফালে হাত আগবঢ়ালে নিৰ্জাৰাই, তাকে দেখি আকাশে ঘপ কৰি তাৰ পিষ্টলটো খামুচি ধৰিলে।)
--- উফ.... ইমান অভিনয় ভাল নালাগে, তাতকৈ চালী কুলক্ষিণী মই তোকে শেষ কৰি দিওঁ। সকলো সমস্যাৰ মূল তই।
কমলে ক'লে
--- আকাশ, পিষ্টল থ কৈছোঁ। (এইবুলি কৈ চকীৰ পৰা উঠি আহে)
লাভলীয়ে ক'লে
--- আকাশ, নিৰ্জাৰাৰ কিবা হ'লে মই তোক......
(আৰম্ভ হ'ল কমল, আকাশ আৰু লাভলীৰ মাজত পিষ্টলক লৈ হতাহতি)
ৱেইটাৰে স্পাইছি চিকেন লৈ আহিছিল, ঠিক তেতিয়াই বুলেটৰ এটা তীব্ৰ শব্দ হ'ল আৰু চিকেনৰ ওপৰত চিটিকি পৰিল অজস্ৰ তেজৰ টোপাল। নিথৰ হৈ পৰি থাকিল চকীৰ পৰা এটা মৃতদেহ।........ কোন?
কমলকৃষ্ণ?
লাভলী?
আকাশ?
প্ৰিন্সিপাল ৰাজ দত্ত?
নিৰ্জাৰা?
.
.
"নিৰ্জাৰা" "নিৰ্জাৰা" "নিৰ্জাৰা"
"গুড গাৰ্ল" "গুড গাৰ্ল" "গুড গাৰ্ল"
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এখন চেলৰ দেৱাল জুৰি বাৰে-বাৰে কেৱল এইটোৱেই লিখা...। গোটেই দেৱাল জুৰি থকা এই লেখাবোৰ দিন ৰাতি ভোৰভোৰাই, চিঞৰি-চিঞৰি অন্য চেলৰ কয়দীবোৰক আমনি দি থাকে বাবে আজি তাক তেজপুৰ মানসিক হাস্পতাল'ত পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে।
আঢ়ৈ বছৰ আগতে গুৱাহাটীৰ ডেনিয়েল ৰেষ্ট্ৰোৰাত তৰ্কাতৰ্কি ও হতাহতিৰ এটা পৰ্যায়ত নিৰ্জাৰাক বিপদমুক্ত কৰিবলৈ ক্ষমতাশালী ছাত্ৰ ৰাজনৈতিক দলৰ কৰ্মী আকাশক হত্যা কৰিছিল লাভলী, কয়দী নম্বৰ ৩৩৩ এ।
.
এটা সময়ত ল'ৰাটোৱে মেধাৱী ছাত্ৰবোৰ দেশৰ বাহিৰলৈ যোৱাক লৈ আপচেট হৈছিল। তাৰ ইচ্ছা আছিল দেশৰ বাহিৰত নগৈ, দেশৰ ভিতৰত গৱেষণা কৰিব। কিন্তু মাৰ আত্মহত্যা আৰু আত্মীয় মানুহৰ পৰা বাৰে-বাৰে প্ৰতাৰিত হৈ দেশত থকাৰ মনোবল হেৰাই দিয়ে ল'ৰাটোৱে। এতিয়া কুইন বিক্টোৰীয়া ইউনিভাৰচিটীত চফ্টৱেৰ ইঞ্জিনীয়াৰিং আৰু বিভিন্ন বিষয় লৈ গৱেষণা কৰি আছে দেশৰ মেধাৱী ছাত্ৰ কমলকৃষ্ণই। আজিকালি আৰু সি কাকো সহায় নকৰে! মনত নপৰে তাৰ কাৰো কথা.... অতি মৰমৰ ভাইটি লাভলী.... ওহোঁ, নিৰ্জাৰা..... নহয়। মাথোঁ কেতিয়াবা-কেতিয়াবা কিবা এটা অচিনাকি বেদনাত উচুপি উঠে সি, চকুপানীৰে গাৰু তিতি যায়।
.
চুইটী দত্ত, কমলৰ মাক। বিয়াৰ আগৰ বছৰ মিছ ইণ্ডিয়া খ্যাতি পোৱা এই সুন্দৰী গৰাকীয়ে ২বছৰ আগতে চায়নাইড পইজন খাই আত্মহত্যা কৰে। স্বামীৰ একাধিক ৰক্ষিতা তাই আপত্তিবিহীনভাৱে মানি লৈছিল..... কিন্তু..........................................
ডিভোৰ্চ লোৱা নাছিল ল'ৰাৰ ভৱিষ্যতৰ কথা ভাবি। মাতৃ হিচাপে ল'ৰাৰ পছন্দ অপছন্দৰ কোনো খবৰ তাইৰ অগোচৰ হৈ থকা নাছিল। কমলৰ লেপটপৰ ৱালপেপাৰত থকা ছবিখনক তেওঁ মনে-মনে পুত্ৰ বোৱাৰী হিচাপে মানি লৈছিল।
.
--- ঐ টোপনিৰ পৰা নুঠা নেকি?
--- বৰফ লৈ আহা আগতে।
--- কিয়?
--- ৰাতি যি খামুচিছিলা, এতিয়াও জ্বলি আছে, বৰফ দিয়া পিঠিত।
--- মাছাজ কৰি দিওঁ?
--- দিয়া, গুড গাৰ্ল।
--- অকে.... গুড বয়।
নিৰ্জাৰা এতিয়া আৰু প্ৰিন্সিপাল ৰাজ দত্তৰ ৰক্ষিতা নহয়, স্ত্ৰী। নিৰ্জাৰাৰ নিচিনা ছোৱালীবোৰে সময়োপযোগী সিদ্ধান্ত লবলৈ কেতিয়াও ভুল নকৰে।
জীৱন ধ্বংস হৈ যায় কেৱল লাভলীৰ নিচিনা অজলা ল'ৰাবোৰৰ। সকলোৰে মাজৰ পৰা আঁতৰি যায় কমলৰ নিচিনা ল'ৰাবোৰ। মনে-মনে পুত্ৰ বোৱাৰী বুলি মানি লোৱা ছোৱালীজনীক শেষত সতীনি হৈ যোৱাৰ অভিমানত আত্মহত্যা কৰে চুইটী ৰাজ দত্তৰ নিচিনা সুন্দৰী মাতৃবোৰে।
.
নিৰ্জাৰাৰ বাৰু লাভলী আৰু কমলৰ কথা মনত নপৰে নে?
এইবোৰ ভাবি থাকিবলৈ নিৰ্জাৰাৰ আজৰি ক'ত। তাই এতিয়া মিছেছ ৰাজ দত্ত। সিদিনা লাভলীক চেলৰ পৰা উলিয়াই মানসিক হাস্পতালত লৈ যোৱা সময়ত কাৰাগাৰ কতৃপক্ষৰ পৰা নিৰ্জাৰাক লাভলীৰ গাৰ্জেন্ট হিচাপে মাতা হৈছিল যদিও বিউটী পাৰ্লাৰৰ এপইন্টমেন্ট থকা বাবে তাই যাব নোৱাৰিলে। তাইৰ নিজৰ সৌন্দৰ্যতকৈ লাভলী ইম্পৰ্টেন্ট নহয়তো। লাভলীৰ নিচিনা মানুহবোৰৰ বাবে নিজৰ সময় লোকচান নকৰে নিৰ্জাৰাৰ নিচিনা ছোৱালীবোৰে।
নিৰ্জাৰাৰ নিচিনা ছোৱালীবোৰ যেনেকৈ থাকক সুখত থাকক। গুড গাৰ্ল বুলি হে কথা।
.
ছাবিৰ আহমেদ (লাভলী)
.
Image may contain: text

Thursday, May 4, 2017

A Relationship Lesson Learnt From Sunita Kejriwal, Delhi’s First Lady

A Relationship Lesson
Few days ago, I had the honor of meeting Mrs. Sunita Kejriwal, an IRS officer and the wife of Delhi’s Chief Minister, Mr. Arvind Kejriwal.
After Arvind Kejriwal contested elections and won by thumping majority, he thanked his wife Sunita Kejriwal by bringing her to the front and hugging her. Thus showing us that behind every successful man, there is a woman.
Ever since I saw Sunita Kejriwal, a little shy and reluctant to make a public appearance, I wanted to meet her.
Finally,  I got the golden opportunity to talk to her and as expected, I was awestruck by her simple yet charming personality, her clarity of thoughts and her inspiring demeanor that had lots to teach to young women like me.
I had many questions in mind and most of them revolved around her being a wife of a workaholic husband, a mother of two teens and a working woman. I wanted to know how she was coping up with the increasing pile of work her husband was loaded with and how she was letting him do his best at his workplace.
(With Sunita Kejriwal (centre) and Seema Sisodia (right))
My first question to her was – ‘do you ever get upset by the fact that he is insanely busy with his work?’
To this she politely replied, ‘no. I do not get upset. Instead I feel proud of him because he works for his country which is my country as well.’
She also added, ‘I am his wife, his companion. I need to and should support him in his noble cause. After all, he is busy with good work and not other social evils.’
I asked her another question, ‘how do you deal with his busy schedule? Now that you have grown up kids, you would want him to spend more time with his family but he keeps getting busier by the day. Does this bother you?’ and by saying this I mentioned to her how I get baffled and bewildered when my husband comes home late for consecutive days. 
To which she said something that is like a pearl of wisdom.
She asked me, ‘were you happy when you were single?’
I said,’yes, I would like to think that I was happy.’
‘Then why can’t you be like that now?’
I was quiet.
She added, ‘women often make the mistake of making their husbands the centre of their lives.
There is nothing wrong with it but it becomes a problem when you become over dependent upon him. When you want him around you all the time and when you can’t move on as an individual.
‘Keep doing the activities that you used to do when you were single. Spend time with friends.
Read books. Go out. Once you have an individual life apart from the marriage, things will automatically fall in place.’
She further added that we all must find out what makes up happy. ‘Let every woman be free and independent to find out what makes her happy.’
Her words resonated with me in more ways than one.
Do not just be a wife. Be an individual too.
I introspected and realized that I also lost temper many a times when my husband worked for long hours and when I felt that he neglected his family due to his work. Now when I look back, I feel that I was being rude and not understanding.
We can’t progress as a nation, unless some of us take that extra leap. Unless some of us work extra hours and unless some of us support our spouses in performing their duties exceedingly well.
My conversation with Sunita Kejriwal also taught me the important role a spouse has to play when one partner embarks on a difficult yet noble path. We may not always hear her name in the newspapers but we know that unless she lets him work in peace, he won’t be able to focus.
Watching Sunita Kejriwal, who looked graceful in a silk suit and a woolen shawl, attending the guests in the official Diwali party, I noticed her confidence that was coupled with simplicity, grace and dignity.
No doubt that she takes immense pride in her husband’s ambitions and achievements. Also, not a surprise that as we entered the CM’s residence premises, the walls were lined up with notes that read the following:
We need your best wishes and not gifts. Please do not bring any gift.

Mera Wala Love: This Is MY Idea Of Love


Love is arguably the most complex emotion in a person’s life.
 
We spend so much time and energy thinking about it that we confuse our heads off to simply get a hint at it.
 
Most of the confusion surrounding this word emanates from the fact that love is ‘ever-changing’. It evolves constantly. It is in this evolution – this slow and steady transition – that we also grow as a person and in perspectives. Or maybe vice versa. Because people change with time, their perception of love changes.
 
We often talk about love in terms like true love, platonic love, infatuation, attraction, admiration. lust, friendship or care. In this web of terminology, we fail to develop our own definition of love.
Interestingly, the subject of love has been of immense curiosity to many scientists and psychologists. Many scholars have tried their best to define ‘love’.
Abraham Maslow placed the need of love just below the need of self-esteem. Robert Sternberg gave three components of love – intimacy, passion and commitment. Lee defined love in terms of colors. He proposed three styles of loving in his book ‘Colors of Love’ viz., Eros (intense, passionate love), Ludus (game-playing love) and Storge (stable love).
We have many such scientific explanations of the term ‘love’ yet it seems elusive.
No definition fits in our definition of love.
Why is love such a personal feeling? Why do we feel others can understand us but they can never understand our concept of love?
I think it is because love is indeed personal. It is the innermost part of our emotional being.
Love is the core part of a human being. It is as unique as a human being himself.
With love being such an integral part of a person’s inner self, it is natural to have one’s own, peculiar and extremely personal sense of love.
Chuck all personality types and the compatibility scores. Cut the crap out of sun signs and their assumptions of right love partners.
No science, no fiction and no x-ray machine can get past our heart to dig our perception of love.
It is something that only the neurons in our own brain can decipher.
Only our eyes can spot it – even in a crowd, at a distance and without even directly looking at it.
The way I define or I practice love can never be exactly like somebody else’s way.
My love does not have a set standard. It is flexible like a fluid that takes the shape of the container. Depending on the person, my love takes a shape and adheres to that.
I can never love two people the exact same way because no two people can ever be the same. There has to be something unique in my love for each of them except one thing:
 
I completely lose myself when I am in love.
 
When in love, I am more like water. Taking the odor, color and shape of the object of my affection. Slowly, from this bowl of water, I begin to flow like a river – following my lover. I had flowed like river, overcoming rocks of hurdles, carrying along whatever my lovers had to give to me, blindly following the paths they had carved for me until I met the sea. 
 
With marriage, my love has culminated into a life long commitment of reverence. The river in me has found her destination – the ocean – in my husband.
 
Coming to where I began, my thoughts of love have changed over the last seven years. Or maybe, I have changed which is why my notion of love has changed!
 
Right now my love is stable. 
It has acquired a shape, color and odor of its own. I am like a fish, who has found her abode in the vast sea. I do not care if my husband is a fellow fish like me or not. I am happy that he is the source of my living. I will die if I am taken out of this ocean, more so, because a younger, five-year old girl fish dwells upon me.