Friday, April 17, 2020

দেউতা

সন্তানঃ দেউতা ৫০০ টকা লাগে?

দেউতা: কিয়? 

সন্তান:হাতখৰচৰ বাবে!

দেউতা:পকেতৰ পৰা ৫০০ টকা উলিয়াই দিলে!

কিছু দিনৰ পাচত পুনৰ...
সন্তান:দেউতাৰ ৩৫০ টকা লাগে...

দেউতা:কিয়?

সন্তান:নেট ৰিচার্জ কৰিবলৈ!!

দেউতা:পকেটৰ পৰা ৩৫০ টকা উলিয়াই দিলে!!

আকৌ....
সন্তান:দেউতা টকা লাগে!!
দেউতা:কিয়? 
সন্তান:সকলো বন্ধু পিকনিক খাব যাব, মইয়ো যাম...
দেউতা:অলপ পাচত লবা !!
সন্তান: নহব...মোক এতিয়াই লাগে...
দেউতাই য'ৰ তৰ পৰা যোগাৰ কৰি দিলে!!
সন্তান:দেউতা কিতাপ কিনিবলৈ আৰু ফিজ দিব পইচা দিয়া!!
দেউতা:(প্ৰফুল্লিত হৈ) কিমান লাগিব?
সন্তান: ২০০০ টকা (অলপ বেচিকৈ কলো, বাকী মোৰ) । 

মধ্যবিত্ৰ ঘৰৰ সন্তান মই!
আমাৰ ঘৰৰ সকলোৰে সকলো চাহিদা পুৰণ কৰা একমাত্ৰ মানুহজনেই হ'ল আমাৰ দেউতা !!
বহু কষ্ট স্বীকাৰ কৰিও ঘৰৰ সকলো দায়িত্ব গ্ৰহণ কৰা মানুহজনেই হ'ল দেউতা !!
এনেকুৱা বহুবাৰ হৈছিল যেতিয়া মা আৰু দেউতাই গোপনে কথাপতা শুনিছিলো...
মায়ে কৈছিল "লৰাটোৰ কিতাপ আৰু ছোৱালীজনীৰ স্কুল ফিচ দিব লগীয়া আছে, কিন্তু ইমান খৰচ কৰিলে, তোমাৰ দৰব কেনেকৈ কিনিবা?
দেউতাই বিনাদ্বিধাই কয়... আগতে ইহতৰ কিতাপ কিনা আৰু ফিজ দিয়া; পাচত মোৰ দৰব দেখা যাব!!
  পূজা , ঈদ বা বিহুৰ বজাৰ কৰাৰ মুহূৰ্তত মাই দেউতাৰ কাৰনে চাৰ্ট এটা কিনিব ক'লে দেউতাই প্ৰায়ে অগ্ৰাহ্য কৰে... আৰু কয় নালাগে দিয়া মোৰ চাৰ্টটো নতুনেই হৈ আছে দেখোন... কিয় অনাহকত পইচা খৰচ কৰিব লাগে , মোৰ সেইটো দিয়ে চলি যাব!! ( জানোচা আমাৰ কাৰণে কমি যায়...!)
  
        ইমানৰ পাচতো কেতিয়াবা দেউতাক টান কথা কৈ পেলাও... আৰু পাচত অনুভব কৰো যে ভুলটো মোৰেই আছিল... কিন্ত দেউতাৰ চচমাৰ আৰত থকা চকুজোৰ কেতিয়াও দেখা নাপাও!!
যেতিয়া আমাৰ মুৰৰ ওপৰত বৰগছ দাল থাকে আমি তাৰ মুল্য বুজি নাপাও!!
যাৰ নাই, সিহে বুজে বৰগছ ডালৰ অবিহনে জীৱনটো কিমান বেদনাদায়ক...; কিমান নিষ্ঠুৰ!!
কিন্তু সচৰাচৰত, মানুহে মাত্ৰ মাকক লৈহে লিখা মেলা কৰে যিহেতু মা আমাৰ জন্মদাত্ৰী আৰু মৰম প্ৰকাশ কৰিব পাৰে...যি খিনি হয়তো দেউতাই নাজানে…কিন্ত আমি এবাৰো অনুভৱ নকৰো, দেউতাৰ ভূমিক্স আমাৰ জীৱনত দেউতাৰ নিস্বাৰ্থ ত্যাগ…আৰু বুজাব নজনা মৰম…জন্মলগ্নৰে পৰা লৈ আমি ডাঙৰ হোৱাতো দেউতাই ইহজগত এৰি নোযোৱালৈকে আমাক ৰক্ষনাবেক্ষন প্ৰদান কৰি যায় ! সেয়েহে আজি মাত্ৰ দেউতাকলৈয়ে গৌৰব অনুভব কৰি পোষ্ট এটা দিলো আশা কৰো সকলোৱে দেউতাৰ বাবে এবাৰ শ্বেয়াৰ কৰিব । 

পোষ্ট:- সংগ্ৰহ

No comments:

Post a Comment