আমি কোন দিশে গতি কৰিছো , অলপ ধ্যান দিও ৷ নিজকে পৰিবৰ্তন কৰো আহক ৷
অলপ মনোযোগ দি গল্পটো এবাৰ পঢ়ো আহক ৷
। #অবিদ্যা#
এবাৰ বাদশাহ আকবৰে তেওঁৰ ৰাজসভাত বীৰবলক প্ৰশ্ন কৰিলে, "ৰাজা বীৰবল, অবিদ্যা কি?"
বীৰবলে উত্তৰ দিলে, "জাহাপনা, এই প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে মোক চাৰিদিনৰ চুটি দিব লাগিব, উভতি আহি মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম।"
বাদশাহ আকবৰে ৰাজী হৈ তেওঁৰ চাৰি দিনৰ চুটি মঞ্জুৰ কৰিলে।
বীৰবলে এক মুচিৰ ওচৰলৈ গৈ কলে, "ভাই এযোৰ জোতা চিলাই দিয়া।"
মুচিয়ে কলে, "ঠিক আছে হুজুৰ, জোখ টো দিয়ক।"
বীৰবলে কলে "আৰে মাফ জোখ বাদ দিয়া, এক হাত লম্বা আৰু সেই অনুপাতে ওখ জোতা এযোৰ বনোৱা, আৰু তাত হীৰা জহৰত খচিত কৰা। সোণ আৰু ৰূপৰ সূতাৰে চিলাই কৰা। টকাৰ কথা নাভাবিবা, যি দাম কোৱা তাকেই পাবা, দৰ দাম নকৰো।"
মুচিয়ে কলে, "ঠিক আছে, কিছু আগধন দিয়ক, আৰু তিনিদিন পিছত আহি লৈ যাব।"
তৃতীয় দিনা সম্পূৰ্ণ টকা দিয়াৰ আগ মুহূৰ্ত্বত মুচিক শপত খুৱাই ললে যে উক্ত জোতা যোৰৰ গল্প কেতিয়াও কাৰো আগত নকৰিব বুলি।
তাৰ পিচত এপাট জোতা নিজৰ লগত ৰাখি আন পাট জোতা মছজিদৰ সন্মুখত পেলাই থৈ আহিল।
যথাবিহীত ঢল পুৱা মৌলবীয়ে আজান দিবলৈ আহি উক্ত জোতা পাট আবিষ্কাৰ কৰিলে। মৌলৱীয়ে চিন্তা কৰিলে, ইমান ডাঙৰ জোতা কেতিয়াও মানুহৰ হব নোৱাৰে, আৰু যিবোৰ হীৰা জহৰত খচিত আছে, সেয়া কোনো সৰ্ব সাধাৰণৰ হবই নোৱাৰে। নিশ্চয় আল্লাহয়েই ৰাতি মছজিদলৈ আহিছিল আৰু ভুলতে জোতা পাট পেলাই থৈ গল। তেওঁ প্ৰথমে জোতা পাট মূৰত লগালে, তাৰ পিছত বাৰে বাৰে জোতা পাটক চুমা খাবলৈ ধৰিলে। পিচত মছজিদলৈ বাকীবোৰ মানুহ আহিবলৈ ধৰাত মৌলৱীয়ে সকলোকে আল্লাহৰ জোতা পাত পোৱাৰ কাহিনী কবলৈ ধৰিলে। সকলোৱেই কবলৈ ধৰিলে, এই জোতা পাট আল্লাহৰেই হব, মানুহৰ ভৰিৰ জোতা ইমান ডাঙৰ হবই নোৱাৰে। আৰু মছজিদৰ দুৱাৰ মুখত যিহেতু পোৱা গৈছে, ই জিন বা চয়তানৰো হব নোৱাৰে। সকলোৱেই জোতা পাটত মূৰ লগালে আৰু বাৰে বাৰে চুমা খাবলৈ ধৰিলে। শেষ পর্যন্ত জোতা পাটৰ কাহিনীটো বাদশাহ আকবৰৰ কাণত পৰিলেগৈ, আৰু আকবৰৰ আদেশত জোতা পাট শাহী দৰবাৰত পেছ হল।
বাদশাহেও স্বীকাৰ কৰিলে," এই জোতা আল্লাহৰেই হব।"
তেখেতেও বাৰে বাৰে জোতা পাটত মূৰ লগাই ছুমা খাই কলে "এই জোতা পাটক মছজিদৰ কোনো পবিত্ৰ স্থানত ৰখা হওক।"
পিছ দিনা খন বীৰবলৰ ছুটি শেষ হল, তেওঁ আহি বাদশাহক চেলাম ঠুকি তলমুৱা হৈ ৰাজসভাত বহি থাকিলহি।
বাদশাহে এটা সময়ত বীৰবললৈ চাই প্ৰশ্ন কৰিলে "কি হল ৰাজা বীৰবল, ইমান বিৰহ বদনত কিয়?"
বীৰবলে কলে, "জাহাপনা, মোৰ ঘৰৰ পৰা এপাট জোতা চুৰি হৈছে।"
"এপাট জোতা?" বাদশাহে প্ৰশ্ন কৰিলে।
"হয় জাহাপনা, মোৰ প্ৰপিতামহৰ এপাট জোতা চুৰি হৈছে। আন পাত জোতা চোৰে পেলাই থৈ গৈছে।"
"সেই জোতা পাট তোমাৰ ওচৰত আছে নে?" বাদশাহৰ প্ৰশ্ন।
"হয়, মোৰ লগত আছে।" বীৰবলে জোতা পাট উলিয়াই দেখুৱালে।
দেখিয়েই বাদশাহৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিলে। নিজৰ কপালত কৰাঘাত কৰি মছজিদৰ পৰা জোতা পাত লৈ আহিবলৈ হুকুম কৰিলে।
তাৰ পিছত কলে,"ইয়া আল্লা, আমিতো জোতা পাটক আল্লাহৰ জোতা বুলিযেই ভাবিছিলোঁ। তাকে ভাবি জোতা পাটত কিমান মূৰ খুন্দিয়ালোঁ, চুমা খাই, চেলেকি চেলেকি চকচকীয়া কৰি তুলিছোঁ তাক।"
বীৰবলে কলে,"জাহাপনা, ইয়াকে বোলে অবিদ্যা, কোনো বিষয় সম্পৰ্কে একেবাৰে একোৱেই নজনাকৈ ভেড়াৰ পালৰ দৰে সকলোৱেই একেই ফালে যাবলৈ ধৰা!"
(মূল গল্পকাৰ মোৰাদ হুছেইনৰ প্ৰতি কৃতজ্ঞতাৰে। অনুদিত।)
No comments:
Post a Comment