Thursday, December 26, 2019

Very meaningful story

ৰজা বিক্ৰমাদিত্যই এবাৰ ছদ্মবেশেৰে ৰাজ্যৰ পৰিস্থিতিৰ বুজ ল'বলৈ ভ্ৰমন কৰি আছিল।

হঠাৎ ৰজাই এখন বজাৰলৈ যাওতে দেখিলেযে তাত এজন চিকাৰীয়ে কিছুমান "ডাউক"চৰাই বিক্ৰী কৰি আছিল।

ৰজাই দেখিলে যে এফালে এটা ডাঙৰ পিঞ্জৰাত একেলগে বহুতো ডাউক চৰাইক একেলগে বিক্ৰীৰ কাৰনে বন্দী কৰি ৰখা হৈছিল আৰু আনফালে এটা সৰু পিঞ্জৰাত এজনী ডাউক চৰাইক ৰখা হৈছিল।

এই সৰু পিঞ্জৰাটোত বিভিন্ন ধুনীয়া ধুনীয়া খাদ্য সম্ভাৰো ৰখা হৈছিল।

ছদ্মবেশী ৰজা বিক্ৰমাদিত্যই গ্ৰাহক হিচাৱে গৈ চিকাৰী জনক সুধিলে,"এই ডাউক চৰাইবোৰ কিমানকৈ বিক্ৰী কৰিছা?"

চিকাৰীয়ে ক'লে,"এজনীৰ দাম এটা ৰূপৰ মুদ্ৰা।"

ৰজাই চিকাৰীজনক পুনৰ সুধিলে,"সেই অকলে থকাজনীৰ দাম কিমান?"

চিকাৰীয়ে পুনৰ ক'লে,"সেইজনী মোৰ পোহনীয়া চৰাই।বিক্ৰীৰ কাৰনে নহয়।তথাপিও যদি আপুনি কিনিব বিচাৰে মই ৫০টা সোনৰ মুদ্ৰা পালে দিম।"

ৰজা বিক্ৰমাদিত্যই আছৰিত হৈ চিকাৰীজনক সুধিলে, "এইজনী চৰাইৰ দাম ইমান বেছি কিয়??"

তেতিয়া চিকাৰীজনে ক'লে,"এইজনী মোৰ নিজৰ পোহনীয়া চৰাই আৰু এই চৰাইজনীয়েই নিজৰ জাতৰ আন আন চৰাইবোৰক মোৰ জালত পেলাবলৈ মোক সহায় কৰে। 

জঙ্ঘলত মোৰ এইজনী লক্ষ্মী চৰায়ে চিঞৰি চিঞৰি নিজৰ জাতৰ চৰাইবোৰক মাতে আৰু এই সহজ সৰল ডাউক চৰাইবোৰে নিজৰ জাতৰ এই চৰাইজনীৰ আহ্বানক বিশ্বাস কৰি নিজৰ লগৰ চৰায়ে মতা বুলি ভাৱি সেই ঠাইখিনিত একগোট হয়,আৰু তেতিয়াই মই অতি সহজে জাল পেলাই সিহঁতক ধৰো। তাৰ পিচত মই এই চৰাইজনীক তাইৰ পচন্দৰ খাদ্য খাবলৈ দিও।তাই তেতিয়া সুখী হৈ আকৌ পিচৰ দিনাখনৰ কাৰনে নিজৰ জাতিৰ চৰাইবোৰ চিকাৰ কৰিবলৈ সাজু হয়।সেইবাবে এই চৰাইজনীৰ দাম বেছি।

আপুনি  সেই ডাঙৰ পিঞ্জৰাটোত একেলগে দেখা চৰাইবোৰ মোৰ এই চৰাই জনীৰ চিঞৰ শুনি জালত পৰা বুৰ্বক চৰাইবোৰ।সেইকাৰনে এইবোৰ চৰাইৰ দাম কম।

ৰজা বিক্ৰমাদিত্যই তেতিয়া চিকাৰীজনক ৫০টা সোনৰ মুদ্ৰা প্ৰদান কৰি সেই জাতিদ্ৰোহী চৰাইটোক কিনি লৈ গৈ ৰাজপ্ৰসাদত এটা সঁজাত চিৰদিনৰ কাৰনে বন্দী কৰি থ'লে।

ৰানীয়ে ৰজা বিক্ৰমাদিত্যক এনে কৰাৰ কাৰন সোধাত ৰজাই ক'লে,"মই ইয়াক কেৱল বন্দী কৰিহে থৈছোঁ।এনেকুৱা দগাবাজৰ আচলতে জীয়াই থকাৰ অধিকাৰেই নাই,যিয়ে নিজৰ সুখৰ কাৰনে নিজৰ জাতিতোকেই ঠগ-প্ৰবঞ্চনা কৰি বিপদত পেলায়।
বিঃ দ্ৰঃ Abdul Aziz choudhury ৰ দেৱালৰ পৰা

No comments:

Post a Comment