Saturday, September 14, 2019

Let's fall in love (part-1)

Let's fall in love (part-1)

তাই মোৰ কাষৰ ছিটত আহি কেতিয়া বহিল গমেই নাপালোঁ। কোলাত কলেজ বেগ,এখন হাতত ক্ৰমান্বয়ে গলি যোৱা আইছস্ক্ৰীমটো।ৰঙা লিপষ্টিকৰে পৰশত জিলিকি থকা তাইৰ ওঁঠ।ৰঙীন আইছস্ক্ৰীম আৰু ৰঙা ওঁঠৰ সংঘৰ্ষই তাইৰ ওঁঠৰ ৰং মুহূৰ্ততে আছিনাক্ত কৰাই দিলে।এখন হাতেৰে বেগৰ পৰা বহু কষ্ট কৰি হেডফোনডাল উলিয়াই লৈ মোবাইলত লগাইছে,চাগে গান শুনিব।চকুদুটাত এক অদ্ভুত চমক,এনেকৈ জিলিকিছে যেন সাগৰৰ মাণিক।
   মোৰ ফালে চাইছে,উচপ খাই উঠি মুহূৰ্ততে মই চকু আঁতৰাই নিলোঁ।তাই মাতিছে,
: Excuse me,আপুনি এইটো ছিটত আহিব নেকি,প্লিজ। Window ছিটত বহি মই বহুত ভাল পাওঁ।মই একো নোকোৱাকৈ ইংগিতটে তাইক বুজাই দিলোঁ, ছিটটো সলাই লবলৈ।তাই thnk u বুলি কৈ গান শুনাত ব্যস্ত হৈ পৰিল।
কথা পাতিবৰ বহুত মন গৈছে,কিন্তু হৃদয়ত এক অবুজ শিহৰণে জোকাৰি গৈছে।সাহস নহল মাতিব।
চিটি বাছত উঠি ভাল নাপাওঁ,বহুত কম উঠোঁ।আৰু যিহেতু নিজৰ বাইক আছেই,বাইকতে ঘূৰো।নাজানোঁ আজি কি ইচ্ছা গ'ল বাছত উঠিবৰ।আৰু পৰিনাম মোৰ সন্মুখত।
       বাহিৰত কিনকিনিয়া বৰষুণ পৰিছে,বতাহজাকে গাড়ীৰখনৰ ভিতৰত যেন প্ৰেমৰ সুগন্ধ ছটিয়াই থৈ গল।বতাহজাক একেবাৰে নিৰ্ভেজাল আৰু নিৰ্মূল।গুৱাহাটী মহানগৰীৰ  মাজমজিয়াত এই পৰিবেশ একেবাৰে দুৰ্লভ।আজি বহুত দিনৰ মূৰত পাইছো এই পৰিবেশ।খিৰিকীৰ ফাঁকেৰ সোমাই অহা বতাহজাকে তাইৰ খোলা চুলিতাৰী বাৰে বাৰে উৰুৱাই আনিছে।আহি আহি মোৰ মুখত লাগিছে,হয়তো তাই লক্ষ্য কৰা নাই। তাইৰ চুলিৰ আমোলমোল গোন্ধই মোৰ দেহ মন জোকাৰি গ'ল।এক অবুজ শিহৰণ,ভাষাৰে বুজাব নোৱাৰা।লাহে লাহে তাইও মোৰ ফালে চাব লৈছে।লাজে ভয়ে মই মানুহটো ৰঙা হৈ গৈছোঁ।চিনাকি হবৰ বহুত মন গৈছে,লাজ ভয়ৰ পৰিত্যাগ কৰিবলৈ সাজু আছো যিকোনো এটা বাহানাৰ প্ৰয়োজন।
    প্ৰায় ১০মিনিট হৈ গ'ল তাইক লগ পোৱাৰ।এনেকুৱা লাগিছে যেন ১০বছৰৰ পৰা মই তাইৰ পিছত ঘূৰি আছোঁ।যেন একেবাৰে চিনাকি,যেন একেবাৰে আপোন কোনোবা।কিবা অভিমানৰ কাৰনে তাইও মোক মাত দিয়া নাই আৰু মইও।কেনেকৈ কি কৰো তাইৰ লগত চিনাকি হবলৈ।কথা বিলাক ভাবি থাকোতে হঠাৎ তাইৰ আই-কাৰ্ডখনত চকু পৰিল।বহুত যত্ন কৰিছো পঢ়িবলৈ।কলেজ বি. বৰুৱা।নাম দিছা,উপাধি দেখা নাই।তাইৰ কথা ভাবি থাকোতে মোৰ কেতিয়া নামিবৰ সময় হ'ল গমেই নাপালে। বৰষুণজাকো ডাঙৰ হৈছে।মোৰ চকু চলচলীয়া হৈ আহিল,হয়তো তাইক মাতিব নোৱাৰাৰ দুখত।আশাবোৰ মোহাৰি,হৃদয়ৰ ডাষ্টবিনত পেলাই দিলে।মোবাইলটো পকেটত ভৰাই নামিবৰ প্ৰস্তুতি কৰি আছোঁ, তেনেতে হঠাৎ তাই মাত লগালে।
:ইয়াতে নামিব নেকি?মইও নামিম ইয়াত।
এনেকুৱা লাগিল,যেন মৰহি যোৱা গোলাপজোপা আকৌ ঠন ধৰি উঠিছে,বৰষুণৰ টোপালবোৰ যেন মোৰ কাৰণেই সৰিছে, মৃদু বতাহজাক যেন মোৰ কাৰণেই বলিছে।কিবি কিবা ভাবি থাকোতে তাই আকৌ মাত লগালে।
:ইয়াতে নামিব নহ,বলক (এনেকুৱা লাগিছিল যেন তাই মোক হাতত ধৰিহে নমাই আনিব)।দুয়োটাই বাছৰ পৰা ওলাই গ'লো, কিন্তু বাহিৰত প্ৰকাণ্ড বৰষুণ।
(যেন ভগৱানে দুয়োটাকে সময় কটাবলৈ ৰচা এখন ৰচনাত আমি দুয়োটাই অভিনয় কৰি আছো)।বাছৰ পৰা নামি দুয়োটাই দৌৰি গৈ বাছ ষ্টেণ্ডত বহিলোঁ।বাছ ষ্টেণ্ড জনশূন্য।কেৱল তাই আৰু মই।
     মনটোৱে ডেউকা লগাই বগা বগলী জাকৰ লগত সাত সাগৰ তেৰ নদীৰ সিপাৰে কোনোবা অজান দেশলৈ উৰা মাৰিছে।মুহূৰ্ততে হাজাৰ হাজাৰ নতুন সপোনে শিপা মেলিলে,আশাবোৰ মুহূৰ্ততে অধিক শক্তিশালী হৈ উঠিছে।এনেকুৱা লাগিছে যেন এইটো মুহূৰ্তই সফল জীৱনৰ আৰম্ভণি। 

To be continued....

No comments:

Post a Comment