Sunday, June 9, 2019

।।।।কোন দিশে গতি কৰিছে মুছলিম সমাজ।।।



    এফালে কোনো মুছলিম ছোৱালীয়ে বজাৰ ঘাটে জিন্স-টি চাৰ্ট পিন্ধি আহিলে তাইক সমালোচনাৰে থকা সৰকা কৰে আনফালে অন্য সম্প্ৰদায়ৰ ছোৱালীৰ উলংগ নৃত্য চাবলৈ বলিয়া হৈ পৰে।।
  এয়া কেনেকুৱা মানসিকতা ।।
সঁচা কথা যিটো কবই লাগিব ।।মুছলিম সমাজত বৰ্তমান যুৱা,মদ ভাং,ডকাইতি,চুৰি,ধৰ্ষণ আদি ঘটনা দিনক দিনে বৃদ্ধি পাই আছে ।।যদি এনেকৈ বৃদ্ধি পাই থাকে তেনেহলে আৰু বেছিদিন নাই এই সমাজখন অতি সোনকালে সকলোৰে ঘৃণাৰ পাত্ৰ হৈ পৰিব।।
    মুছলিম সমাজৰ যুৱকেই হওক বা বুঢ়াই হওক গোটেই দিনটো কোনোবা টিভি লগোৱা চাহৰ দোকানত বহি মূল্যবান সময় নষ্ট কৰাটোও এটা চিন্তাৰ বিষয় হৈ পৰিছে বৰ্তমান সময়ত।।
    মুছলিম যুৱকসকলৰ অযথা ৰাজনীতিক আশক্তিয়েও মুছলিম সমাজক পিছলৈ ঠেলি পঠিয়াই আছে।।আৰে ভাইসকল ৰাজনীতি কৰিব যদি ইমানেই মন আছে তেনেহলে প্ৰথমে নিজৰ অধ্যয়ন সমাপ্ত কৰি লোৱা তাৰ পিছত ৰাজনীতি কৰিবা।।
   শিক্ষিত যুৱক সকলে সামাজিক দায়বদ্ধতাত গুৰুত্ব নিদিয়াটোও এটা চিন্তাৰ বিষয় হৈ পৰিছে ।।
 কেৱল নিজৰ কথা নাভাবি সমাজত হৈ থকা বিভিন্ন ধৰণৰ অসমাজিক কাৰ্যকলাপৰ বিৰুদ্ধে জনমত সৃষ্টি কৰাটো শিক্ষিত যুবক সকলৰ প্ৰধান কৰ্তব্য।।কিন্তু দুখৰ বিষয় সকলোৱে কেৱল নিজৰ কথাটোৱে ভাবে।।
  বিজেপি চৰকাৰ অহাৰ পিছত সকলো ক্ষেত্ৰতে চৰকাৰক দোষাৰোপ কৰাটোও মুছলিম সমাজৰ অভ্যাসত পৰিণত হৈছে।।মোৰ প্ৰশ্ন কংগ্ৰেছ চৰকাৰে আপোনাৰ কাৰণে কি কৰিছে।।এবাৰ ভাবি ছাঁৱকচোন ।।
   বাল্য বিবাহ এই সমাজৰ আন এটা অন্যতম ব্যাধি।।যিটো বয়সত লৰা বা ছোৱালী এজনীয়ে নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে যুজঁ কৰিব লাগে সেইটো বয়সত ঘৰৰ পৰাই হওক বা প্ৰেমজনীত কাৰণতে হওক বিবাহ কৰি নিজৰ ভৰিত থিয় হোৱা সপোনৰ অন্তিম ক্ৰিয়া সম্পন কৰে।।হাদিছত আছে যেতিয়ালৈ নিজৰ ভৰিত থিয় হব নোৱাৰিবা তেতিয়ালৈ বিয়া নাপাতিবা।।
    জন্ম নিয়ন্ত্ৰণ নকৰাটোও মুছলিম সমাজক পিছলৈ ঠেলি লৈ গৈ আছে।।চৰকাৰে কি সুন্দৰ আইন বনাইছে দুটাত কৈ বেছি সন্তান জন্ম নিদিবলৈ।।কিহৰ কাৰণে আমাৰ  ভালৰ কাৰণে বনাইছে।।কিন্তু তথাপিও যদি আমি বুজি নাপাওঁ ।।
   এই সমাজৰ আন এটা ব্যাধি হল অভিভাৱকৰ দায়িত্বহীনতা।।দিনৰ দিনটো বজাৰত পঢ়ি থকা অভিভাৱকে নিজৰ লৰা ছোৱালী কি কৰিছে কি পঢ়িছে আদি বুজে লোৱাৰ সময় নাপায় যাৰ ফলত লৰা ছোৱালীয়ে অবাধ স্বাধীনতা পায় আৰু অসমাজিক কার্যকলাপত লিপ্ত হয়।।
       আৰু বহুতো আছে পিছলৈ লিখিবলৈ চেষ্টা কৰিম।।
     মই এই লিখনিৰে সমগ্ৰ মুছলিম সমাজক      কোৱা নাই।।সকলো সমাজতে ভাল বেয়া মামূহ থাকে কিন্তু ভাল মানুহখিনিৰ বহুত দায়িত্ব থাকে সমাজখন পৰিৱৰ্তন কৰিবলৈ।।

No comments:

Post a Comment