Sunday, April 8, 2018

অপমৃত্যু

ল’ৰাজনক মই প্রায়েই দেখি থাকোঁ। শনিবাৰে সন্ধিয়া এনেই থাকিলে ঘাটলৈ ফুৰিবলৈ যাওঁ। তাতেই দেখোঁ তাক। সিও চাগে মোৰ দৰেই ফুৰিবলৈ আহে ঘাটলৈ। গল্প-কবিতাত জালুকবাৰীৰ কৃষ্ণচুড়াৰ কথা পঢ়িছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীৰ বাবে সেই কৃষ্ণচুড়াবোৰৰ মূল্য যিমান, আমাৰ বাবেও গংগাৰ ঘাটবোৰৰ মূল্য সিমান। গল্প, কবিতা, ছবি আদি সকলোতেই প্রাণ ঢালি দিয়ে বাৰাণসীৰ ঘাটবোৰে।
 
গধুলি আৰতিৰ সময়। ঘাটবোৰে সেই সময়ত এক নতুন ৰূপ পায়। থলুৱা লোক, দেশী-বিদেশী পর্যটক আদিৰে ঠাহ খাই পৰে গংগাৰ পাৰ। মই দূৰত বহি উপভোগ কৰোঁ মানুহে আৰতি উপভোগ কৰা দৃশ্য। উপভোগৰ উপভোগ। ফ্রয়ডে ইয়াৰ কোনো কাৰণ বিৱৰণ কৰিছেনে নাই মই নাজানোঁ। আচলতে মই ফ্রয়ডৰ কোনো কিতাপ পঢ়িয়েই পোৱা নাই। এবাৰ বিদ্যালয় পুথিভঁৰালৰ পৰা লৈছিলোঁ এখন পুথি। প্রথম পৃষ্ঠাটো পঢ়ি পুনৰ ৰেকত পূর্বতে থকা ধৰণেই সজাই থৈ দিলোঁ। তাৰপিছত হোষ্টেলৰ ৰূমত এদিন, দ্বিতীয় তথা শেষবাৰৰ বাবে। যাহওক, সেই বিষয়ে মই মূৰ নঘমাওঁ। সেই ল’ৰাজনেও হয়তো ফ্রয়ড পঢ়া নাই। অথবা সি হয়তো ফ্রয়ডৰ নামেই শুনা নাই, কি ঠিক!
 
দুজন অচিনাকী মানুহে প্রায়েই লগ পাই থাকিলে –আৰু তেওঁলোকৰ মাজত কোনো শত্রুতাৰ কাৰণ নাথাকিলে- সাধাৰণতে হাঁহিৰ আদান-প্রদান হয়। এয়াও হয়তো ফ্রয়ডে কেতিয়াও ক’তো লিখা নাই, লিখিলেও অন্ততঃ মই পঢ়া নাই, পিছে এয়া সকলোৱে জনা কথা। মানুহ দুজন বিপৰীত লিংগৰ হ’লে হয়তো বেছি সময় লাগে আৰু একেই লিংগৰ হ’লে কম সময় লাগে, পিছে অৱশেষত কথাটো ফলিয়ায়গৈ। সিও মোৰ পিনে এনেদৰেই চাই হাঁহিছিল। মই আগে আগে হঁহা নাছিলোঁ, অচিনাকী মানুহৰ লগত মই সাধাৰণতে আগে আগে পৰিচয় নহওঁ। অচিনাকী মানুহজন এগৰাকী ধুনীয়া ছোৱালী হ’লে অৱশ্যে বেলেগ কথা আছিল, আগতে হ’লে মাতিলোঁহেতেন, পিছে প্রণামীয়ে ভেম দেখোৱাৰ দিন ধৰি সেই স্বভাৱৰ সলনি হৈছিল। গতিকে মই আগে আগে হঁহাৰ কোনো কাৰণ নাছিল। পিছে সি হঁহা বাবে মইও ওলোটাই হাঁহিলোঁ। বছ, সেইখিনিয়েই। তাৰ পিছৰ শনিবাৰে বহিবলৈ বেলেগ ঠাই বিচাৰি নাপাই তাৰ ওচৰতেই বহিলোঁ। সি হাঁহি অভিবাদন জনালে। মইও হাঁহি প্রত্যুত্তৰ দিলোঁ।
 
“তুমি ফ্রয়ড পঢ়িছা?” সি থতমত খালে। সি হয়তো ভাবিছিল মোৰ প্রথম প্রশ্ন হ’ব তাৰ নাম অথবা ক’ত পঢ়ে। এনে প্রথম প্রশ্ন হয়তো তাক আজিলৈ কোনেও সোধা নাই। বেচেৰাৰ দোষ নাই, আচৰিত হ’বই, আনকি মোকো আজিলৈ এনে প্রথম প্রশ্ন সুধি পোৱা নাই। “নাই – নাই পঢ়া- কিয় সুধিলা?” হতভম্বৰ দৰে সি উত্তৰ দিলে।
 
“নাই, এনেই সুধিলোঁ। অলপ আগতে দুটি পৃষ্ঠা পঢ়ি আহিছোঁ। কি যে ব’ৰ কিতাপ। হাঃহাঃ। তুমি নপঢ়িবা কিন্তু।” মিছা মাতিব লগা হ’ল। নহলে মোক হয়তো সি পাগল বুলি ভাবিলেহেঁতেন। সি মিচিকিয়াই হাঁহি মূৰ দুপিয়ালে। মই সুধিলোঁ, “ক’ত পঢ়া?”
“কাশী হিন্দু বিশ্ববিদ্যালয়ত। দৃশ্যকলা বিভাগ। তুমি?”
“আই আই টি। মৃতকাশিল্প অভিযান্ত্রিকী বিভাগ।”
সি হাঁহিলে, “ভাল অনুবাদ কৰি কৈছা দেই।”
“ছিনিয়ৰে ৰেগিঙত সোধে। বিশুদ্ধ হিন্দীত ক’ব লাগে। গতিকে অভ্যাস হৈ গ’ল। বাৰু, তোমাৰ আচল ঘৰ ক’ত?”
“অসমত।”
“কি কোৱা! মইও অসমৰ হয়।” মই হায়ৰাণ হৈ পৰোঁ। “অসমৰ ক’ত?”
“মাজুলীত। তোমাৰ?”
“মোৰ? গুৱাহাটীত।” চমু উত্তৰ দিওঁ। “বাহ, ভাল লাগিল দেই অসমৰ ল’ৰা লগ পাই। ইমান দিনে গমেই পোৱা নাছিলোঁ। কমেও চাৰি-পাঁচ দিন দেখিছোঁ তোমাক। ধেৎতেৰি।”
সি পুনৰ মিচিকিয়াই হাঁহিলে, “চাৰি-পাঁচতকৈ বেছি হ’ব চাগে।”
“হয় চাগে। পিছে ইয়ালৈ ফুৰিবলৈকে আহা নে? এয়া কি বাৰু লগত? তুমি অঁকা ছবি? দেখুওৱাচোন। মইও ছবি আকোঁ মাজে মাজে। পিছে আজিকালি কমাইছোঁ। একো গঠনাত্মক কাম মূৰত নাহে, জানানে। মাজে মাজে দুই এটা কবিতা এতিয়াও লিখোঁ অৱশ্যে। পিছে ভাল নহয়।”
“এহ, কিয়নো তেনেকে কোৱা। তুমিচোন প্রায়েই কাগজ-কলম লৈহে ঘাটত বহা। ভাল ভাল। নহ’লে আজিকালি ইঞ্জিনীয়াৰিং পঢ়া ল’ৰাবোৰেচোন একোৱেই নকৰে। এয়া চোৱা, যোৱা দুদিনত আঁকিছোঁ এইখন। এতিয়া তুমি দেখোৱা তোমাৰ কবিতা।”
“হেঃহেঃ। লগত নাই হে। থাকিলে দেখুৱালোঁহেতেন। বঢ়িয়া আঁকিছা পিছে। মোকো কেতিয়াবা পানী ৰং শিকাবাচোন। মই স্কেচিং হে ভালকে কৰোঁ, পানী ৰং নোৱাৰোঁৱেই জানা ভালকে।”
“ঠিক আছে বাৰু। শিকাম কেতিয়াবা। আজিলৈ যাওঁ দিয়া। আজি অলপ সোনকালে আহিছিলোঁ। ৰূমত অলপ কাম আছে। লগ পাই ভাল লাগিল। লগ পাই থাকিম। বাই দা ৱে, এটা কথা কওঁ হা, মইও সৰুতে ফ্রয়ড পঢ়িব চেষ্টা কৰিছিলোঁ, দুখিলামান পঢ়ি বন্ধ কৰি থৈছিলোঁ। গুডনাইট।”
 
মই মুখ মেলি সি যোৱালৈ চাই থাকিলোঁ।
 
* * *
 
ৰাতি হোষ্টেল গৈ পাই মোৰ পুৰণি ছবিবোৰ উলিয়াই ল’লোঁ। বাৰাণসী নতুনকে আহিয়েই যেতিয়া প্রথমবাৰ ঘাটলৈ গৈছিলোঁ, অস্সীঘাটত অকলে বহি থকা ল’ৰা এজনৰ ছবি আঁকিছিলোঁ। বাৰাণসীত অঁকা সেয়াই মোৰ প্রথম আৰু শেষ ছবি। প্রণামীৰ মৃত্যুৰ পিছত নিজকে অকলশৰীয়া অনুভৱ হৈছিল। মা সৰুতেই ঢুকুৱাৰ পিছত তায়েই মোক মমতা দেখুৱাইছিল। আনকি বন্ধুবর্গইও কেতিয়াবা হাঁহিছিল একেবাৰে মা-সমান প্রেমিকা পোৱা বুলি। আৰু তাইও অৱশেষত মোক এৰি অজান দেশলৈ গুচি গৈছিল।
ৰকষ্টাৰত ৰণবীৰ কাপুৰক খতাৰা ভায়ে কৈছিল, “ডাঙৰ ডাঙৰ গায়কবোৰৰ মাজত কি মিল জান? তেওঁলোক সকলোৰে হৃদয় এবাৰ হ’লেও ভাঙিছিল। ভগ্ন হৃদয়েৰেহে সংগীত ওলায়।” ক’তা, মোৰ দেখোন সকলো গঠনমূলক কাম হৃদয় ভঙাৰ পিছত বন্ধহে হৈছিল। কেতিয়াবা হয়তো ওলাইছিল কবিতাৰ দুই-এটা টুকুৰা, বছ, সেয়াই। অপমৃত্যু ঘটিছিল মোৰ ভিতৰত থকা শিল্পীজনৰ। এই যে ঘাটত অকলে বহি থকা ছবিখন, কাক আঁকিছিলোঁ বাৰু? নিজকে নেকি? হয় চাগে। মনতেই নাই। যোৱা এবছৰ কি কৰিছোঁ একোৱেই মনত নাই। সেয়া যে ময়েই হয়, তাৰ বাৰু সম্ভাৱনা কিমান? সেয়া হয়তো গণিতৰ সহায়ত উলিয়াব নোৱাৰি, কাৰণ সেই ল’ৰাজনতো মই কল্পনাৰেহে আঁকিছিলোঁ। কল্পনাত সম্ভাৱিতা সূত্র প্রযোজ্য হয় জানোঁ? ইমান বছৰে গণিত পঢ়িলোঁ, তেনে কিবা পঢ়াতো মনত নপৰে।
 
বাৰেবাংকৰা কথা ভাবি লাভ নাই। ছবিখন উলিয়াই আনি ফটাকানিৰে মচি ল’লোঁ। বহুত ধুলি পৰিছে। কেইমাহ হ’ল বাৰু? দহ মান বাৰ দিন। ঘড়ীটোলৈ চালোঁ। বাৰ বাজি গৈছে। দহ মান তেৰ দিন। মাহৰ শেষ। টকাৰ নাটনি। দেউতাই টকা পঠিয়াবলৈ আৰু দুদিন আছে। মেচৰ খানা খাব নোৱাৰি। শনিবাৰে ৰাতি এনেও মেচ বন্ধ থাকে। বাহিৰতেই খাব লাগে। অস্সীঘাটৰ আশে-পাশে বহুত সস্তা হোটেল আছে। তাৰেই এখনত খাওঁ। আজি খাবও পাহৰি থাকিলোঁ। কাৰেণ্ট নাছিল বাবে লৰালৰিকৈ হোষ্টেল আহিলোঁ। বিশ্ববিদ্যালয় তথা আই আই টিৰ কেম্পাচত সাধাৰণতে বিজুলী সৰবৰাহ ব্যাহত নহয়। কিন্তু কেম্পাচৰ বাহিৰ ওলাবই নোৱাৰি। একেবাৰে অসমৰ দৰে অৱস্থা। গৰমৰ দিনত বাৰ-চৈধ্য ঘণ্টা বিজুলী নাথাকে। গতিকে সকলো ছাত্রইও কেম্পাচৰ ভিতৰত থকাই জ্ঞানীৰ কাম বুলি বিবেচনা কৰে। তেনে এক আন্ধাৰ ৰাতিয়েই ফ্রয়ডৰ শৰণাপন্ন হৈছিলোঁ। দ্বিতীয় তথা শেষবাৰৰ বাবে। ফ্রয়ডৰ কিতাপ কিনি সাঁচতীয়া পইচা খৰচ কৰিব পৰা সাধ্য নাই। ই-কিতাপ ডাউনলোড কৰিছিলোঁ, তাকো বিনামূল্যে। হোষ্টেলত থকা বিনামূলীয়া ইণ্টাৰনেট সেৱালৈ ধন্যবাদ।
 
ছবিখন টেবুলৰ কাষত থৈ কম্পিউটাৰটো খুলিলোঁ। ই-কিতাপৰ ফোল্ডাৰ খুলি ফ্রয়ড উলিয়াই ল’লোঁ। তৃতীয়বাৰ।
 
* * *
 
পিছৰ শনিবাৰ। ঘাটলৈ যাওঁতে ছবিখন লৈ গ’লোঁ ল’ৰাজনক দেখুৱাবলৈ। মানে এনেই লৈ গ’লোঁ, ল’ৰাজনক আজিও লগ পালে দেখুৱাম। চিনাকী মুখ এখনে হাত জোকাৰিলে। মই হাঁহি মাৰি অভিবাদন জনালোঁ। ওচৰত গৈ বহিলোঁ। তাৰ চকু মোৰ পেকেটটোত। মই তাৰ উৎসুকতা ভাঙি ক’লোঁ, “ঘাটৰ ছবি এখন আঁকিছিলোঁ বহুদিন আগতে। তোমাক দেখুৱাবলৈ আনিলোঁ
“বাহ। দেখুওৱা সোনকালে। বাকী কথা পিছত।” সৰু ল’ৰাৰ দৰে উৎসুকতাৰে সি ক’লে।
 
মই ছবিখন উলিয়াই দেখুৱালোঁ। অনাদৰে পৰি থকা দহমহীয়া পুৰণি ছবি। অলপ ৰং গৈছে। পোকেই খালে নে কি হ’ল ধৰিবকে নোৱাৰিলোঁ। মনৰ ভিতৰত পোক ঘূৰি থকা অৱস্থাত বেলেগ পোকলৈনো ধ্যান যাবনে! তাৰ মুখলৈ চালোঁ। সি ছবিৰ তলৰপিনে থকা মোৰ চহীটোৰপিনে একেথৰে চাই আছে।
“তোমাৰ নাম নিবিড় তেনেহ’লে? বাহ, বঢ়িয়া নাম।” চেঁচা পৰা মাতেৰে সি ক’লে। মই মাতৰ পৰিৱর্তনত বিশেষ গুৰুত্ব নিদি প্রশ্নৰ উত্তৰ দিয়াত লাগিলোঁ। “হয়, ধন্যবাদ। সেইদিনা আমি এজনেও নাম সুধিব পাহৰিলোঁ। আচৰিত, নহয়নে? তোমাৰ নাম কি পিছে?”
“এহ, নামনো কি! আজি আছে, কাইলৈ শপতনামা দি সলনি কৰি ল’ম। চেহেৰাৰ ক্ষেত্রতো একেই কথা, নহয়নে নিবিড়? বুঢ়া হ’লেই চাল শোতোৰা-শোতোৰ হ’ব। আচল কথা হ’ল মগজু আৰু চিন্তা। এয়া চোৱাচোন, বিশ্বনাথ মন্দিৰৰ পিছফালে তুমি ইমান মুকলি আকাশ কিয় আঁকিছা? তাতোকৈ ডাঙৰ প্রশ্ন, তুমি ঘাটকেই কিয় আঁকিলা। অসমৰ কবিয়ে জালুকবাৰীৰ কৃষ্ণচূড়াৰ প্রেমত পৰাৰ দৰেই আমি এই ঘাটৰ প্রেমত পৰোঁ, নহয়নে? তুমি কেতিয়াবা এই কথা ভাবি চাইছানে? নিশ্চয় চাইছা। ফ্রয়ডে হয়তো এই কথাৰ কোনো কাৰণ দর্শোৱা নাই, পিছে ই যে ধ্রুৱসত্য। গংগাৰ পাৰৰ সন্ধিয়াৰ আৰতিৰ প্রেমত যে সকলোৱেই পৰে।…”
 
সি কৈ গ’ল। মই শুনি গ’লোঁ। মই মূর্খ নহয়। তাৰ নাম সোধোঁতে যে সি যে প্রশ্নটোৰপৰা ফালৰি কাটি গ’ল সেয়া ভালদৰেই মন কৰিলোঁ। পিছে ভালেখিনি মিঠা কথা ক’ব পাৰে ল’ৰাজনে। ভাল লাগি গ’ল ল’ৰাজনক। অচিনাকীৰ লগত কেতিয়াবা আপোন আপোন ভাৱ অনুভৱ হয়। ‘বিফোৰ চানৰাইজ’ (Before Sunrise) ছবিখনলৈ মনত পৰিল। এজন অচিন ল’ৰা আৰু অচিন ছোৱালীয়ে ট্রেইনত লগ পাই কিদৰে কথা পাতিছিল আৰু চাওঁতে চাওঁতে সন্ধিয়ালৈ তেওঁলোক দুজন প্রেমত পৰিছিল অতি সুন্দৰভাৱে দেখুওৱা হৈছে। আন্তঃৰাষ্ট্রীয় চলচিত্র ডাটাবেছত ১০০ শতাংশত ধনাত্মক সমালোচনা লাভ কৰা অতি বিৰল ছবিবোৰৰ এখন হ’ল এই ছবিখন। মাথোঁ পার্থক্য আছিল যে তাত দুজন বিপৰীত লিংগৰ মানুহে এনেদৰে কথা পাতিছিল আৰু আমি ইয়াত দুজন ল’ৰাই এনেদৰে কথা পাতি আছোঁ।
 
“বিফোৰ চানৰাইজ ছবিখন চাইছা?” হঠাতে তাক সুধিলোঁ।
তিনি চেকেণ্ডমান সি মোৰ মুখলৈ চাই ৰ’ল। “চাইছোঁ। সুন্দৰ ছবি।” তাৰ চমু উত্তৰ।
মই আৰতিলৈ চাই ৰ’লোঁ। মনোমোহা দৃশ্য। মোৰ ওচৰত বহি আছে মাজুলীৰ ল’ৰা। তাতেও সন্ধিয়া নাম-কীর্তন, ধূপ-ধূনাৰ পৰিৱেশতেই ডাঙৰ হৈছে চাগে। “তুমি মাজুলী গৈ পাইছা?” মোৰ চিন্তাত যতি পেলাই তথা মোক আচৰিত কৰি সি মোক হঠাতে সুধি পেলালে।
“নাই পোৱা। যোৱাবেলি যাম বুলি ভাবিছিলোঁ, বানে সকলো পৰিকল্পনা নষ্ট কৰি পেলালে।” মই মৃদু হাঁহি মাৰি ক’লোঁ।
“যোৱাবেলিৰ বানে আমাৰ ঘৰটোও নষ্ট কৰি পেলালে।” নির্বিকাৰভাবে উত্তৰ আহিল। এইবাৰ মোৰ মুখ মেলাৰ পাল।
“অ’হ, আই এম ছ’ ছ’ৰি। এতিয়া পিছে?”
“বৰপিতাইৰ ঘৰত থিতাপি। আজি পিতাইৰ কল পালোঁ, সাহায্যৰ নামত দুটিমান টকা পালেও ঘৰ বান্ধিবলৈ ঠাই নাই। ইপিনে মুখেৰে নক’লেও খঙো উঠে দিয়াচোন বৰপিতাইৰ ঘৰৰ মানুহৰ। লাগ বুলিলেও কিমান দিননো এনেকৈ লোকৰ ঘৰত থাকিম। কেতিয়াবা দেউতাই কটু কথা শুনে ঘৰৰ মানুহৰপৰা। মোৰ পঢ়া-শুনাত ইমান খৰচ নকৰিলে এতিয়ালৈ ভাল ঠাইত মাটি এডোখৰেই ল’ব পাৰিলেহেঁতেন। ইপিনে মই ল’লোঁহি দৃশ্যকলা। মানুহে হাঁহে। তোমালোকৰেই ভাল। আই আই টিয়ান বুলি সকলোৱেই মূৰ তুলি চায়।”
তাৰ কথা শেষ হ’লনে নাই নাজানোঁ, কাৰণ মোৰ হাঁহিটোৱে তাৰ কথাত বাধাৰ সৃষ্টি কৰিলে। সি ভেবা লাগি চালে। চকুত চাগে কিছু ক্রোধ, ধৰিব পৰা নাই, চশমাযোৰ খুলি থোৱা আছে।
“তুমি হাঁহিলা যে?”
“নিজৰ বাহিৰে বাকী সকলোৰে জীৱন সুখৰ বুলি ভবাৰ প্রৱণতা সকলোৰে আছে। নাজানোঁ ফ্রয়ডে এই কথা লিখিছে নে নাই, পিছে তুমিও জানা মইও জানোঁ এইটো সঁচা বুলি। বন্ধু, আজি অনুভৱ কৰাই দিলা যে তোমাৰ দুখ মোৰ দুখতকৈ বহু বেছি, পিছে ইয়াৰ মানে এইটো নহয় যে মোৰ জীৱনত দুখ নাই। মানুহে মূৰ তুলি চোৱাই সকলো নহয়। চাকৰি-বাকৰিকে ধৰি হাজাৰটা চিন্তাই মূৰ খাই থাকে। ব্যক্তিগত জীৱনৰ সমস্যাৰ কথা নকলোঁৱেইবা। মাজে মাজে মৰি যাওঁ মৰি যাওঁ যেন লাগে। কিন্তু নমৰোঁ। জীৱনক ভাল পাওঁ। নোৱাৰোঁ মৰিব
“সকলোৰে এটা নহয় এটা সময়ত এনে উপলব্ধি হয়, বন্ধু। মোৰো কেতিয়াবা একেই অনুভৱ হয়। পিছে মোৰ ঠিক নাই। শিল্পী মানুহ। ইম’চনেল হয়। তদুপৰি, মৃত্যুওতো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নির্লোভ ভাস্কর্য। মৰি যাবও পাৰোঁ। হেঃহেঃ।”
“ধেৎ কি আবোল-তাবোল বকিছা হে? নাপায় নাপায়। তোমাৰ শিল্পী মনটো কেতিয়াও মৰহি যাব নিদিবা। সযতনে ৰাখিবা এই সৃষ্টিশীল মনটো।
“তোমাৰ নিজৰ ক্ষেত্রত একেষাৰ কথা প্রযোজ্য নে? নে তুমি এতিয়াও কলাৰ সাধনা কৰা? তুমি তোমাৰ শিল্পী মনটোক জীয়াই ৰাখিছানে? মনত ৰাখিবা, উপদেশতকৈ আর্হি ভাল
মই হতভম্ব হ’লোঁ। “তুমি কেনেকৈ জানিলা মই কলাৰ সাধনা এৰি দিয়া বুলি?”
“যিজন ল’ৰাই ইমান সুন্দৰ পুৰণি ছবি এখন দেখুৱাবলৈ আনে, তাৰ অর্থ এয়াই যে সি বর্তমান দেখুৱাব পৰাকৈ কোনো কলাৰ সাধনা কৰা নাই। ভুল কৈছোঁ নেকি?” তাৰ মুখত মৃদু হাঁহি।
 
“ঠিকেই কৈছা বন্ধু। প্রকৃততে শিল্পী নিবিড়ৰ কেতিয়াবাই মৃত্যু ঘটিছে। এই যে নাটকীয় ডাইলগবোৰ শুনি আছা, সেয়া পুৰণি চেণ্টিমেণ্টৰ বহিঃপ্রকাশহে মাথোন। মনৰ ভিতৰত বহু কথাই খিচিৰি হৈ আছিল। শিল্পী এজনেহে এজন শিল্পীক বুজিব পাৰে। সেয়েহে আজি এই বহিঃপ্রকাশ ঘটিল। মোৰ শিল্পী মনৰ এই অপমৃত্যুৰ বাবে দায়ী আন কোনো নহয়, মই নিজেই। ইয়াক পুনৰ জীয়াই তুলিবলৈ চেষ্টা কৰিছিলোঁ। পিছে সমাজে নিদিলে। অভিযন্তা হোৱা, চাকৰি কৰা, পইচা উপার্জন কৰা, এইবোৰেই সমাজৰ চকুত উচ্চ কাম। তাৰ তলত কিদৰে শিল্পী মন এটা উশাহ নাপাই মৰিব ওলাইছে তাৰ প্রতি কোনেও ধ্যান নিদিলে। যোৱা চেমেষ্টাৰত দুটা বিষয়ত ফে’ল কৰিলোঁ। তাকেই লৈ দেউতাৰ লগত কাজিয়া। কয়, ছবি আঁকি, গল্প-কবিতা লিখি ল’ৰাটো ধ্বংস হ’লোঁ হেনো। ইমান টকা হেনো এনেই পানীত পেলালোঁ। কি যে জঞ্জাল, জানা।”
 
ল’ৰাজনে মিচিকিয়াই হাঁহিলে, “মোকতো ইয়াতেই নামভর্তি কৰালে। উপায় নাছিল পিতাৰ। বেলেগ একো বিষয়ত যে মন-কাণ নাই। এতিয়া বানৰ পিছত কপাল ভুকুৱাইছে। মই ভ্রুক্ষেপ নকৰোঁ। জীয়াই আছোঁ, যিমান পাৰোঁ জীয়াই ৰাখিম এই শিল্পী মনটো। অ’হ, দেৰিয়েই হ’ল। মই উঠোঁ দিয়া। অলপ জৰুৰী কাম আছে।”
 
“হে’ৰা ৰ’বাচোন, তোমাৰ নামটোতো কৈ যোৱা।” মই অস্থিৰভাৱে কৈ উঠিলোঁ।
সি পুনৰ হাঁহিলে। লাহেকৈ ক’লে, “অহাবেলি ক’ম দিয়া।”
 
* * *
 
পিছদিনাৰ কাকতৰ বাৰাণসী পৰিপূৰিকাখনৰ দ্বিতীয় পৃষ্ঠাত সৰুকৈ বাতৰি এটা চপা হৈছিল, “উদীয়মান শিল্পী নিবিড় কাকতিৰ আত্মহত্যা”। লৰালৰিকৈ বিতং বাতৰি পঢ়িলোঁ। মাজুলীৰ ল’ৰা তথা দৃশ্যকলা বিভাগৰ ছাত্র নিবিড় কাকতিয়ে হেনো যোৱা ডেৰবছৰ ধৰি ভুগি থকা মানসিক অশান্তিৰ বাবে আত্মহত্যা কৰিলে। চুইচাইড নোটৰ ঠাইত মেজৰপৰা উদ্ধাৰ হয় এখন ছবি; ল’ৰা এজন ঘাট এটাত অকলশৰে বহি থকা ছবি।
 
কটা নিধক। মোৰ ভিতৰত থকা শিল্পী নিবিড়ৰতো কেতিয়াবাই মৃত্যু ঘটিছিল, আজি সি নিবিড় নামৰ শিল্পী এজনৰ অফিচিয়েলি মৃত্যু ঘটাই দিলে।
 
মই ঢেকঢেকাই হাঁহি দিলোঁ।
 
(গলপটো ২৯ মার্চ সংখ্যা ‘সাদিন’ত প্রকাশিত।)

No comments:

Post a Comment