মোৰ পত্নী দেখাত ক'লা বাবে মায়ে আগতেই কৈ
থৈছে যে মোৰ পত্নী ৰাতিপুৱা ভুলতো মোৰ সৰু ভনীৰ
ঘৰলৈ যাব নালাগে। মোৰ সৰু ভন্টি 7 মাহৰ গৰ্ভৱতী।
জীয়েকৰ কষ্ট নহ'বৰ বাবে মায়ে সৰু ভণ্টিক
নিজৰ ওচৰলৈ লৈ আহিল।
সেইদিনা ৰাতিপুৱা সৰু ভণ্টিৰ চিঞৰ শুনি সাৰ পালো।
খৰ খেদাকৈ দৌৰি ভণ্টিৰ ঘৰলৈ গৈছিলো। ভণ্টিৰ
আকৌ কিবা অসুবিধা হ'ল নেকি বুলি ভাবিছিলোঁ।
ঘৰত গৈ দেখিলো মোৰ সৰু ভন্টিয়ে মোৰ পত্নীক কৈ
আছে,
-"মই তোমাক ৰাতিপুৱাই মোৰ ঘৰলৈ নাহিবলৈ
কৈছিলোঁ। ৰাতিপুৱা শুই উঠি তোমাৰ মুখখন দেখিলে
মোৰ খং উঠে। "
মই মোৰ সৰু ভণ্টিক ক'লো,
--তোমালোকৰ ঘৰলৈ আহিছে তাতে কি হ'ল?
তাৰোপৰি মোৰ পত্নীৰ মুখখনত এনে কি আছে যাৰ
বাবে তোমাৰ খং উঠে?
সৰু ভন্টিয়ে একো নোকোৱাকৈ মনে মনে থাকিল । অন্য
এটা ৰুমৰ পৰা মায়ে ক'লে,
-"ৰাতিপুৱা শুই উঠি অলক্ষ্মীৰ মুখখন দেখিলে কাৰ
ভাল লাগে? কেইদিনমানৰ পাছত মোৰ ছোৱালীৰ এটা
কেচুৱা হব। কেচুৱা হোৱাৰ আগতে তোৰ ঘৈনিৰ মুখখন বেছি বেছি দেখিলে মোৰ ছোৱালী জনীৰ সন্তানো তোৰ ঘৈনিৰ দৰে কলা হব!!!!!
গতিকে মই কেঁচুৱাটো তোৰ পত্নীৰ দৰে হোৱাটো নিবিচাৰোঁ। পৃথিৱীৰ সকলো মানুহ
তোৰ দৰে মূৰ্খ নহয় যে কলা ছালৰ ছোৱালী বিয়া
পাতিব।'
মাক একো নোকোৱাকৈ ভণ্টিৰ ফালে চাই ক'লো,
--মোৰ মা অশিক্ষিত সেয়ে এইবোৰ কুসংস্কাৰত
বিশ্বাস কৰে। তুমি কিন্তু হায়াৰ চেকেণ্ডাৰী লৈকে
পঢ়িলা। তুমি এইবোৰ বিশ্বাস কৰিব লাগেনে? এইবুলি কৈ মই মোৰ ঘৰলৈ আহিলো l
তেতিয়া মোৰ পত্নীয়ে মোৰ ফালে চাই
মিচিকিয়া হাঁহি এটা মাৰি কলে,
আজি দুপৰীয়াৰ সাঁজত মই কি ৰান্ধিম?
তাইৰ হাঁহি থকা মুখখনে অভিভূত কৰিলে। অলপ
আগতে যিজনী ছোৱালীক মোৰ মা আৰু ভনীৰ দ্বাৰা
ইমান অপমানিত হবলগীয়া হল , সেইজনী ছোৱালীৰ মুখত
এতিয়াও হাঁহি কেনেকৈ বিৰিঙি আছে! হয়তো বহুত বেছি
আঘাত পাই মিছা হাঁহিৰ অভিনয় কৰিছে।
মই মোৰ পত্নীৰ হাতত ধৰি ক'লো,
--মোৰ মা আৰু ভনীৰ কথাত তুমি বৰ দুখ পালা নহয় ?
মোৰ পত্নীয়ে হাঁহিলে আৰু ক'লে,
-"একদম নহয়। মই এই শব্দকেইটাৰ লগত বহুত
আগৰ পৰাই অভ্যস্ত আছোঁ"
মই আচৰিত হৈ ক'লো,
- মানে!
মোৰ পত্নীয়ে তেতিয়া ক'লে,
-"তোমাক তিনিটা সৰু কথা কওঁ। কলেজত পঢ়ি
থাকোতে মোৰো মন গৈছিল আনৰ দৰে সাজি কাচি
যাবলৈ। সেয়েহে ফাগুনৰ প্ৰথম দিনটোত সকলোৰে
দৰে ময়ো এখন শাৰী পিন্ধিলো। সকলোৰে দৰে ময়ো
সাজি কাচি ওলালো| ঘৰৰ পৰা ওলাই
যাওতে ঘৰৰ কাষৰ খুড়ী জনীয়ে মোৰ ফালে চাই ক'লে
"যিমানেই মেকআপ নকৰা কিয় ক'লা কাউৰী
কেতিয়াও বগা হব নোৱাৰে!
সিদিনাৰ পিছত কেতিয়াও সাজিবলৈ মন যোৱা নাই
কাৰণ ক'লা ছোৱালীবোৰে সাজি কাচি ওলাব নালাগে..
এবাৰ লগৰ কেইজনী মানৰ লগত ৰেষ্টুৰেন্টত গৈছিলো।
গার্লফ্ৰেণ্ড বোৰে সমানে সমানে চেল্ফি লৈ থাকোতে
মোৰো চেল্ফি ল'বলৈ মন গৈছিল। তাৰ পিছত
girlfriend এজনীয়ে মোক কলে " তই চেল্ফিৰ ভিতৰত
সোমাই থাকিলে গোটেই চেল্ফি বেয়া হৈ যাব।
ইয়াৰ পিছত চেল্ফি ল'বলৈ মন যোৱা নাছিল। ক'লা
ছোৱালীবোৰে চেল্ফি উঠিব নালাগে ...
"এটাৰ পিছত আন এটা পাত্ৰ পক্ষই মোক যেতিয়া অপছন্দ কৰিছিল তেতিয়া
মোৰ নিজৰ মায়ে কৈছিল "এই কুলক্ষনি ছোৱালীজনীক
জন্ম দি মই ভুল কৰিলো। এই ছোৱালী জনী
নমৰে কিয়???
মোৰ দেউতাই কৈছিল "এই হতভগাজনী মোৰ চকুৰ আগত যাতে
নাহে "
য'ত মোৰ নিজৰ মাতৃয়ে মোক কুলক্ষণী বুলি কব পাৰে,
,
তাত আনৰ মাতৃয়ে মোক অলক্ষ্মী বুলি কলে কিয় দুখ
পাম ? য'ত দেউতাই মোৰ মুখখন চাব নিবিচাৰে তেন্তে
তোমাৰ ভণ্টীয়ে মোৰ মুখখন চাব নিবিচাৰিলে , মই
কষ্ট নাপাওঁ। "
কথাখিনি কৈ মোৰ পত্নীয়ে চকুৰ কোণত চকুলো মচিলে কিন্তু তাইৰ মুখত হাঁহি বিৰিঙি আছিল। এই
হাঁহিটোৰ মাজত কিমান দুখ লুকাই আছিল উপলব্ধি
কৰিব পাৰিছিলো।
———
ডেৰ মাহ পিছত মোৰ ভণ্টিৰ শৰীৰ হঠাতে বেয়া হৈ
গ'ল। ডাক্তৰৰ ওচৰত নিলে ডাক্তৰে কলে এতিয়াই চিজাৰ কৰিব লাগিব নহলে বেবী বেয়া হব l ডাক্তৰে
মোৰ ভণ্টীক অপাৰেচন থিয়েটাৰলৈ নিয়াৰ আগতে O-
Negative তেজ সোনকালে যোগাৰ কৰিবলৈ কৈছিল। আগতে ব্লাডৰ বাবে কথা পতা ডনাৰ জনক ফোন কৰাত তেখেতে কলে,
আগতে কিয় জনোৱা নাই? তেওঁ এতিয়া চহৰৰ
বাহিৰত। যেতিয়া আমি সকলোৱে O-Negative ব্লাড
বিচাৰি দৌৰি আছিলো তেতিয়া মোৰ পত্নীয়ে মোক ফোন কৰি তেজৰ চিন্তা কৰিব নালাগে বুলি কৈছিল
কাৰণ তাইৰ ব্লাড গ্রুপ O-Negative. তাই এতিয়াই
চিকিৎসালয়লৈ আহি আছে।
মই ফোনটো থৈ মাৰ ওচৰলৈ গ'লো। মায়ে তেতিয়া
ভগৱানক মাতিছে আৰু কান্দিছে। মই মাৰ ওচৰলৈ গৈ কলো ,
--মা, তেজ দিয়া মানুহ পালো কিন্তু সমস্যা হল মানুহটো কলা । কলা মানুহৰ শাৰীৰৰ পৰা তেজ লোৱাটো জানো উচিত হব? পিছত যদিহে কেঁচুৱাটোৰ বৰণ কলা হয়?
মায়ে খঙাল চকুৰে মোলৈ চাই কলে ,
-" তেজত কলা মানুহ আৰু বগা মানুহৰ ভেদাভেদ কি? বগা মানুহৰ তেজ যেনেদৰে ৰঙা হয় তেনেদৰে কলা মানুহৰ তেজো ৰঙা হয় । আৰু কলা মানুহৰ শৰীৰৰ পৰা তেজ ললে যে পেটৰ সন্তান কলা হব এনে আচৰিত কথা তোক কোনে কলে ?"
মই আৰু আন একো নোকোৱাকৈ চুপচাপ মাৰ সম্মুখৰ পৰা আঁতৰি আহিলো ।
পিছদিনা পুৱাই লক্ষ্য কৰিলোঁ মোৰ মায়ে নৱজাত ভাগিন জনীক কোলাত লৈ বহি আছে। কাষৰ বেডত মোৰ ভণ্টি শুই আছে। মই হাঁহি মুখে মাক কলো ,
বাৰু মা, তেজত যদি বগা কলাৰ কোনো ভেদাভেদ নাথাকে তেন্তে ছালখনত কিয় মা, ইমান ভেদাভেদ? কলা মানুহৰ তেজ শৰীৰত লোৱাত সমস্যা নাই অথচ কলা মানুহৰ চেহেৰা দেখিলেই মিজাজ বেয়া হৈ যায় কিয় ? মা কেতিয়াও ছাল খন দেখি মানুহক বিবেচনা কৰিব নালাগে বৰং ছাল খনৰ ভিতৰত থকা মানুহটোক দেখি বিবেচনা কৰিব লাগে । তোমালোকৰ ইমান অপমানৰ পিছতো মোৰ স্ত্রীয়ে মনৰ মাজত অকণো খং পুহি ৰখা নাই বৰং সময়ত নিজৰ শৰীৰৰ তেজ দি মোৰ ভণ্টিক বচাইছে ।
মায়ে মোৰ কথা শুনি নিৰৱ হৈ আছে। মই তেতিয়া কাষত শুই থকা সৰু ভনীক কলো ,
যি মানুহজনীয়ে তোমাৰ ইমান অপমান সহ্য কৰাৰ পিছতো তোমাক বচোৱাত সাহায্য কৰিছে তাক সম্মান দিব নোৱাৰিলেও কেতিয়াও অপমান নকৰিবা ভণ্টি ।
হঠাৎ লক্ষ্য কৰিলোঁ দুৱাৰৰ কাষত মোৰ স্ত্রী থিয় হৈ আছে । ভণ্টিয়ে মোৰ স্ত্রীক দেখি কলে ,
-" বৌ, তুমি আতৰত থিয় হৈ আছা কিয় ? ওচৰলৈ আহি মোৰ ছোৱালী জনীক অকণ কোলাত লোৱা । কিয় নোলোৱা নেকি? আৰু শুনা মোৰ ছোৱালী জনীৰ নাম কিন্তু তুমিহে দিব লাগিব ।"
কেঁচুৱা কোলাত তুলি লোৱাৰ লগে লগেই মোৰ স্ত্রীয়ে চকুলো ধৰি ৰাখিব নোৱাৰিলে ।মোৰ স্ত্রীৰ চকুলো দেখি মোৰ মা আৰু ভণ্টিয়েও চকুলো ধৰি ৰাখিব নোৱাৰিলে । মা ভণ্টি ও স্ত্রীৰ কান্দোনৰ আনন্দময় মিলন মেলাত মই আৰু ৰৈ নাথাকি কেবিনৰ পৰা বাহিৰ হৈ আহিলো । মনৰ অজানিতে এটোপাল চকুলো মোৰ চকুতো জমা হল ৷
Copied from ✍️K.Ahmed
No comments:
Post a Comment