Thursday, May 27, 2021

বিদ্বতাৰ ওপৰত কেতিয়াও অহংকাৰ কৰিব নালাগে

পিয়াহত আতুৰ হৈ ভ্ৰমণৰত কালিদাসে এগৰাকী মহিলাক কুঁৱাৰ পাৰত দেখি ক'লে : "হে মাতৃ, অলপ পানী দিয়ক, আপোনাৰ পুণ্য হ'ব।"
কালিদাসলৈ চাই তিৰোতাগৰাকীয়ে ক'লে : "তোমাক মই চিনি পোৱা নাই। তোমাৰ পৰিচয় দিয়া বাটৰুৱা। মই নিশ্চয় তোমাক পানী দিম।"
"মই পথিক দেৱী। অনুগ্ৰহ কৰি পানী দিয়ক।" কালিদাসে উত্তৰ দিলে।
তিৰোতাগৰাকীয়ে ক'লে : "তুমি পথিক কেনেকৈ হ'বা, পথিক মাত্ৰ দুজনহে! সূৰ্য্য আৰু চন্দ্ৰ; যি অবিৰতভাৱে ভ্ৰমণ কৰি থাকে। ইয়াৰ ভিতৰত তুমি কোনজন? সঁচাকৈয়ে কোৱাচোন?"
কালিদাসে আকৌ ক'লে : "মই আলহী দেৱী, মোক অনুগ্ৰহ কৰি পানী দিয়ক।"
"তুমি কেনেকৈ আলহী হ'বা! সংসাৰত দুজনহে আলহী আছে, এক হৈছে ধন আৰু অানটো যৌৱন। ইহঁত আহে আৰু যায়। তুমি সঁচাকৈয়ে কোৱা, কোন তুমি?" তিৰোতাগৰাকীয়ে পুনৰ ক'লে।
কালিদাসে তিৰোতাগৰাকীৰ প্ৰশ্নত পৰাজিত হৈ পুনৰ ক'লে : "হে দেৱী, মই সহনশীল হওঁ। এতিয়া আপুনি মোক পানী দিয়ক।"
তিৰোতাগৰাকীয়ে মিচিকিয়া হাঁহি মাৰি কালিদাসক ক'লে : "নহয়, কাৰণ সহনশীল দুজনেই আছে! প্ৰথমজন ধৰতী অৰ্থাৎ পৃথিৱী, যি পাপী আৰু পুণ্যাত্মা সকলোৰে ভৰ সহন কৰি আছে, যাৰ বক্ষ বিদাৰি বীজ দিয়াৰ পিছতো খাদ্যৰ ভাণ্ডাৰ দান কৰে আৰু দ্বিতীয়তে গছ, যাক পাথৰ মৰাৰ পিছতো মিঠা ফল প্ৰদান কৰে। তুমি সহনশীল নহয়, সঁচাকৈ কোৱা তুমি কোন?"
কালিদাস মূৰ্চ্ছা প্ৰায়ৰ দৰেই হ'ল।পুনৰ কালিদাসে ক'লে : "মই হতাশ হওঁ। আগতে পানী দিয়ক মাতৃ। মই বাৰে বাৰে আহোঁ।"
"তুমি পুনৰ মিছা কৈছা। নখ আৰু চুলিহে হতাশ নহয়। যিমান কাটা আকৌ আগৰ দৰেই হয়। তুমি ব্ৰাহ্মণ নেকি? সঁচা কোৱা ব্ৰাহ্মণ কোন তুমি?"
কালিদাস সম্পূৰ্ণৰূপে পৰাজিত আৰু অপমানিত অনুভৱ কৰি আকৌ ক'লে : " তেনেহ'লে মই মূৰ্খহে।"
"তুমি কেনেকৈ মূৰ্খ হ'বা? মূৰ্খ কেৱল দুজনহে। প্ৰথম ৰজা, যি যোগ্যতা নোহোৱাকৈ দেশ শাসন কৰে আৰু দ্বিতীয় হ'ল ৰাজ পণ্ডিত, যি ৰজাক প্ৰসন্ন ৰাখিবলৈ ভুল কথাৰ ওপৰত তৰ্ক কৰি সত্য সিদ্ধ কৰিবলৈ চেষ্টা কৰে।"
একো উত্তৰ দিব নোৱৰা হৈ কালিদাসে বৃদ্ধ মহিলাগৰাকীৰ ভৰিত পৰি কান্দি কান্দি পানীৰ বাবে হাহাকাৰ কৰিবলৈ ধৰিলে। তেতিয়া বৃদ্ধাগৰাকীয়ে ক'লে : "উঠা বৎস।"
কালিদাসে উপৰ মস্তক হৈ তিৰোতাগৰাকীলৈ লক্ষ্য কৰাত দেখিলে যে সাক্ষাৎ মাতা সৰস্বতী তেওঁৰ সন্মুখত! লগে লগে নতমস্তক হৈ পৰিল।
মাতা সৰস্বতীয়ে ক'লে : "শিক্ষাৰ পৰা জ্ঞান আহে, অহংকাৰ নহয়।তুমি শিক্ষাৰ বলত পোৱা মান আৰু প্ৰতিষ্ঠাক নিজৰ উপলদ্ধি বুলি ভাবি অহংকাৰী হৈ পৰিলা, সেয়ে তোমাৰ জ্ঞানচক্ষু খুলিবৰ বাবেই এই পৰীক্ষা কৰিলো। লোৱা, পানী লোৱা।"
কালিদাসে নিজৰ ভুল বুজিব পাৰিলে আৰু ভৰপেট পানী খাই মাতাৰ পৰা বিদায় লৈ অান স্থানলৈ গমন কৰিলে।

বিদ্বতাৰ ওপৰত কেতিয়াও অহংকাৰ কৰিব নালাগে, এনে অহংকাৰে বিদ্বতা নষ্ট কৰিব পাৰে।
দুটা বস্তু কেতিয়াও ব্যৰ্থ হ'বলৈ দিব নালাগে…
অন্নৰ কণ
আৰু
আনন্দৰ ক্ষণ!

(সংগৃহীত & অনুবাদমুলক ..ভাল লাগিল পঢ়ি...শ্বেয়াৰ কৰিছো....)

No comments:

Post a Comment