ধুনীয়া জাৰ্মানীখন ধংস কৰি টুকুৰা কৰাৰ লগতে বিশ্বক দ্বিতীয় মহাযুদ্ধৰ ফালে থেলি দিয়া অত্যন্ত ক্ৰুৰ হিটালাৰৰ বিষয়ে ১৩টা দুৰ্ভগীয়া সত্য -
১/হিটলাৰে নাৰীৰ লগত বিবাহ বহিৰ্ভূত সহবাস কৰি জনতাক অবিবাহিত বুলি পৰিচয় দিবলৈ ভাল পাইছিল।
২/হিটলাৰে এক বিশেষ ধৰ্ম্মৰ মানুহক দেশৰ শত্ৰু বুলি বিশ্বাস কৰিছিল আৰু দেশৰ মানুহক সেই কথা পতিয়ন নিয়াবলৈ বহুতো মিছা মিছা কথা, ইতিহাস বিকৃতি কৰি বৰ্ণনা কৰা আৰু কুট-কৌশল প্ৰয়োগ কৰিছিল।
৩/হিটলাৰ আৰু তেওঁৰ সমৰ্থকসকলে সমালোচনা সহ্য নকৰিছিল।
৪/হিটলাৰে নিজকে প্ৰচাৰ কৰিবলৈ সকলো ধৰণৰ প্ৰচাৰ যন্ত্ৰ, বাতৰিকাকত, আলোচনী আদি নিজৰ ফলীয়া কৰি কিনি লৈছিল।
৫/হিটলাৰে তেওঁৰ মতৰ বিৰোধীসকলক ধংস কৰিবলৈ মিছা অভিযোগত জেলত ভৰাইছিল, গুপ্ত ঘাটকৰ দ্বাৰা হত্যা কৰোৱাইছিল আৰু বিৰোধীসকলক দেশদ্ৰোহী হিচাবে অবিহিত কৰিছিল।
৬/হিটলাৰে ভাষনবোৰত জনতাক দেশৰ সকলো সমস্যা নোহোৱা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
৭/কিন্তু হিটলাৰ ক্ষমতালৈ অহাৰ পাছত কোনো সমস্যা সমাধান কৰা নাছিল, বৰং দেশখন ধ্বংসৰ মুখলৈ ঠেলি দিছিল।
৮/হিটলাৰৰ প্ৰচাৰৰ শ্লোগান আছিল -"gute tage kommen"(ভাল দিন আহিব)।
৯/হিটলাৰে নিজকে ভাল দেখাবলৈ দামী দামী পোচাক পিন্ধি ভাল পাইছিল।
১০/হিটলাৰে মিছাবোৰক বৰ ৰহন লগাই কৈ মানুহক সঁছা বুলি পতিয়ন নিওয়াত পাকৈত আছিল।
১১/হিটলাৰে ৰেডিঅ'ত নিজৰ মনৰ কথা কৈ ভাল পাইছিল, কিন্তু জনসাধাৰণৰ মনৰ কথা নুশুনিছিল, গুৰুত্ব দিয়া নাছিল।
১২/হিটলাৰে সদায় ভাষণ দিওঁতে জনসাধাৰনক "Freunde, Brüder und Schwestern" (বন্ধুসকল, ভাতৃ আৰু ভগ্নী) বুলি সম্বোন্ধন কৰিছিল।
১৩/হিটলাৰে ফটো উঠি বৰ ভাল পাইছিল।
এই পষ্টটো হিটলাৰৰ বিষয়ে কোৱা হৈছে মাথোন, কোনো জীৱিত বা মৃত বা মৃত্যুমুখী ব্যক্তিৰ লগত কোনো সাদৃস্যৰ বাবে লিখক জগৰীয়া নহয়। আপুনী যদি দেশৰ কোনো ব্যক্তি বা নেতাৰ লগত হিটলাৰৰ সাদৃশ্য থকা যেন অনুভৱ কৰে, তাৰ বাবে আপোনাৰ কল্পনা হে দায়ী, মই নহয়😂😂😂😂😂😂
Source - fb
No comments:
Post a Comment