Monday, March 11, 2019

মই দানৱ নহয় ছাদিকুজ জামান

 
মই দানৱ নহয় ,
মই মানৱ হে,
মানৱ কোলত জন্ম লৈছো|
দানৱৰ হাতত আহত হৈছো|
মানৱে লৈ গৈছিল 
চিকিৎসাৰ বাবে 
চিকিৎসকৰ ওচৰলৈ 
মই গৈছিলো|
ভৱা নাছিলো|
অমা নিশা নামি আহিব বুলি,
নহলে পলাই অজান দেশত গলোহেতেন,
যত কেৱল মানুহ আছে |
তাতে মোৰ সন্তানটিক থৈ আহিলোহেতেন,
হে মোৰ মইনাজনী,
তুমি থাকা মই যাওঁ |
-----------------------------

No comments:

Post a Comment